কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উঠোৱাu.tho`.waVerbal Noun
কম্পিউটাৰ পৰা কোনো বস্তু, ফাইল, তথ্য ইন্টাৰনেটৰলৈ নিয়া কাৰ্য্য
the action or process of uploading data
- উঠ্uṭhIntransitive verb
থিয় হ; গা তোল্; গা দাং
to stand up
- উড্ডয়নud.do.yonAbstract Noun
ডেউকা বা অন্য উপায়েৰে আকাশত বায়ুৰ মাজেৰে যাতায়ত কৰা কাৰ্য্য
the act of moving through the air on wings or any other means
- উণunMaterial Noun
ভেড়াৰ নোমৰ পৰা তৈয়াৰ কৰা এবিধ উলসুতা ৷ যাৰ দ্বাৰা শীতৰ পৰা ৰক্ষা পাবলৈ গৰম চোলা তৈয়াৰ কৰা হয় ৷
the fine, soft, curly hair that forms the fleece of sheep and certain other animals
- উতঙাutaṅā
সক. ধা উচটা; উতলা; বেয়া কাম কৰিবলৈ মন বঢ়াই দি; উত্তেজিত কৰ্
to excite to do mischief; to incite
- উতথ্যutathyaNoun
এজন মুনি; অঙ্গিৰা ঋষিৰ ডাঙৰ পুতেক, গৌতম মুনিৰ বাপেক আৰু দেবগুৰু বৱহস্পতিৰ ককায়েক।
- উতনুবাutanubāAdjective
অস্হিৰ; পাতল; উদ্ধত; ডেও-পৰা; মন-পাতল; আগ-পাছ নেচাই কাম কৰা
rash; excitable; unsteady
- উতনুৱাu.to.nu.waCommon Noun
এবিধ এন্দুৰ জাতিৰ জন্তু৷
The Eastern Mole or Common Mole is a medium-sized North American mole. It is the only member of genus Scalopus. It is found in forested and open areas with moist sandy soils in northern Mexico, the eastern United States and the southwestern corner of Ontario in Canada. This animal has grey-brown fur with silver grey underparts, a pointed nose and a short tail. It is about 16 cm in length including a 3 cm long tail and weighs about 75 g. Its front paws are broad and spade-shaped, specialized for digging. It has 36 teeth. Its eyes are covered by fur and its ears are not visible.
- উতপতিutapatiNoun
জন্ম। যেনে-"কাৰ্য্য সাধিবাক লাগি হৈব উতপতি" (দশম)।
- উতপ্তu.top.toProper Adj.
উচ্চ উষ্ণতা সম্পন্ন
hot / high temperature
- উতফুলেutaphuleAdverb
উলাহেৰে; আগ্ৰেহেৰে; যেনে- "ঋষিক ভুঞ্জিবে লাগি জল-জন্ত্ত যুঁজে মহা উতফুলে" (দ্বাদশ)
with joy
- উতলutalaNoun
তাপ পাই অলপ ওফন্দি বুৰবুৰণি কঢ়া অবস্হা (পনীয়া বস্ত্তত)
boiling; ebulition
- উতল-পাতলNoun
উগুল-থুগুল; অস্হিৰতা; হুলস্হূল
anxiety; restlessness; bustle
- উতলকMaterial Noun
বাষ্প ইঞ্জিনৰ ভাপকোঠালী, তাপীয় শক্তি প্ৰকল্পৰ এক মুখ্য অংশ|
part of a steam engine where steam is produced, a main part of a thermal power industry.
- উতলাTransitive verb
তাপ দি বা তপত কৰি বুৰবুৰণি কঢ়া
to boil
- উতলাংকu.to.lang.koAbstract Noun
স্বাভাৱিক চাপত, যি উষ্ণতাত কোনো জুলীয়া পদাৰ্থ উতলে।
At normal pressure, the temperature at which something boils, esp. a liquid
- উতলাধাৰMaterial Noun
বাষ্প ইঞ্জিনৰ ভাপকোঠালী, তাপীয় শক্তি প্ৰকল্পৰ এক মুখ্য অংশ|
part of a steam engine where steam is produced, a main part of a thermal power industry.
- উতাৰ্utār
পাৰ হ বা কৰ্; যেনে-"কাল-কল্মষ- খোৰ-পয়োধি উতাৰ" (ভটিমা)।
- উতীয়াu.ti.yaProper Adj.
কাম কৰিবলৈ এলাহ কৰা বা কাম কৰিব নিবিছৰা
disinclined to work
- উতোভনutobhanaAdjective
উৎসাহ লগাই দিয়া; যেনে -"উতোভন বচন শুনিল বাপেকৰ। হৰিষ-বদন ভৈল অক্ষ কুমাৰৰ" (মা. ক. সুন্দৰাকাণ্ড)
encouraging