কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধdha
ঊনৈশ সংখ্যাৰ ব্যঞ্জন আখৰ; . হোবা (শব্দ)
the nineteenth consonant letter ; used in both masculine and feminine genders
- ধঁতুৰাdham̐turāNoun
অলপ দীঘলীয়া বহল পাতেৰে এবিধ সৰু গছ [ডাঙৰ চিলিমৰ আকৱতিৰ দীঘল, ফোঁপোলা ঠোলা মেলি সুগন্ধি ফুল আৰু গাত কাঁইট থকা ঘূৰণীয়া গুটি ধৰে; পাত বা গুটি খালে ৰাগি ধৰে; ইয়াৰ দুজাতি-বগা ধঁতুৰা আৰু ক'লা ধঁতুৰা
(Datura alba or metel) ; (Dutura bustuosa)।]; the thorn apple; Datura stamonium
- ধঁতুৰাপহীয়াAdjective
ধঁতুৰা ফুলৰ আকৱতিৰ অৰ্থাৎ দীঘলীয়া ফোঁপোলা ঠোলা মেলি তাৰ মূৰত বাহিৰলৈ ঘোৰ খাই মেল খোবা।
- ধঁতুৰাপহীয়াdham̐turāpahīẏāAdjective
"ধঁতুৰাপহীয়া" চোবাঁ।
- ধঁতুৰাফুলীয়াdham̐turāphulīẏāAdjective
"ধঁতুৰাপহীয়া" চোবাঁ।
- ধঁপতুবাdham̐patubāAdjective
ধঁপাত খোবা; ধঁপাত খোবাৰ অভ্যাস থকা
addicted to smoking
- ধঁপাতNoun
বাম খেতিত হোবা অলপ দীঘলীয়া ধপলা-ধপল আৰু জলা গুণ থকা পাতেৰে এবিধ চুটি- চাপৰ গছ আৰু তাৰ পাত [ইয়াৰ পাত তিনি ৰকমে মানুহে ব্যবহাৰ কৰে; কেঁচায় বা শুকাই তামোলৰ লগত বা এনেই চোবাই খায়; শুকান পাত শুদায় বা লালীৰ লগত মলি তাৰ ধোঁবা খায়।]; খুন্দা-ধঁপাত, গোটা-ধঁপাত, চাদা-ধঁপাত, মলা-ধঁপাত, আৰু মান-ধঁপাত চোবাঁ
tobacco; Nicotiana tobacum
- ধঁপাত-তিতাNoun
গাত নোম থকা, ধপলা-ধপল আৰু প্ৰায় ঘূৰণীয়া পাতেৰে এবিধ চুটি-চাপৰ বনৰীয়া গছ
a kind of wild plant
- ধঁৰিয়াdho~.ri.yaCommon Noun
নিগনিতকৈ ডাঙৰ, আৰু দীঘল নেজ থকা একে জাতীয় এবিধ স্তন্যপায়ী জন্তু।
any of several long-tailed rodents of the family Muridae, of the genus Rattus and related genera, distinguished from the mouse by being larger.
- ধংসdhong.xo
ভাঙি টুকুৰা-টুকুৰ কৰি বা অন্য উপায়ে ব্যৱহাৰৰ অনুপযোগী কৰি তোলা কাৰ্য্য।
the act of rendering useless by breaking into pieces or any other means.
- ধইনাCommon Noun
ইউৰোপ আৰু এছিয়াত উপলব্ধ এবিধ সুগন্ধিযুক্ত উদ্ভিদ ৷ ইয়াৰ গুটি, পাত আৰু শিপাৰ বাবে খেতি কৰা হয় ৷
An aromatic annual Eurasian herb in the parsley family, having parsley like leaves and umbels of tiny white to pinkish flowers. It is cultivated for its edible fruits, leafy shoots, and roots.
- ধকdhakaNoun
লাজ; অপমান
shame
- ধক পুৰি খা
অতি নিলাজ হ।
- ধকধকীয়াAdjective
অতি উজ্জ্বল আৰু নিৰ্ম্মল
shining and clear
- ধকাCommon Noun
বিয়াৰ পাছত কণ্যাৰ গৃহত বাস কৰা লোক
a man living in the family into which he marries
- ধক্ ধক্dhok dhokAbstract Noun
হৃদপিণ্ডৰ স্পন্দন বা কলিজাৰ কঁপনিৰ শব্দ।
Pulsation of the heart or the sound of the heart beating.
- ধক্ধক্dhakdhakNoun
বগা বৰণৰ আধিক্য বুজোবা শব্দ; যেনে ধক্ধক্ কৰে বগা; অতি বগা বা উজ্জ্বল গুণ থকা
a word used to express the highest degree of white colour
- ধক্ধকীয়াdhok.dho.ki.yaProper Adj.
বহু পৰিমাণৰ প্ৰাকৃতিক অথবা কৃত্ৰিম পোহৰ যুক্ত৷
Having lots of light either natural or artificial.
- ধক্ধক্dhok.dhokProper Adj.
বহু পৰিমাণৰ প্ৰাকৃতিক অথবা কৃত্ৰিম পোহৰ যুক্ত৷
Having lots of light either natural or artificial.
- ধকৰিdhakariNoun
পৰুষৰ অণু বা কণী
a testicle