কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গga
ব্যঞ্জন বৰ্ণৰ তৱতীয়া আখৰ
the third letter of the consonants
- গ সা গুgo xa guAbstract Noun
দুটা বা অধিক বীজগণিতীয় ৰাশিৰ সাধাৰন উৎপাদকবিলাকৰ ভিতৰত যিটোৰ মান সৰ্বাধিক তাকে সেই ৰাশিবোৰৰ গ সা গু বোলা হয় ৷
The largest number or quantity that is a factor of each member of a group of numbers or quantities.
- গ'লga'laAdjective
যোবা; গত; অতীত
gone; past
- গ`ল্ডMaterial Noun
অতিশয় নমনীয় হালধীয়া বৰণৰ এক মূল্যবান ধাতৱ মৌল, যি বিজাৰিত বা ক্ষয়িত নহয়৷ পাৰমাণৱিক চিহ্নঃ Au; পাৰমাণৱিক ভৰঃ ১৯৬.৯৬৭; পাৰমাণৱিক সংখ্যাঃ ৭৯; আপেক্ষিক গুৰুত্বঃ ১৯.৩, ২০ ডিগ্ৰী চেলচেয়াচ উষ্ণতাত৷
a precious yellow metallic element, highly malleable and ductile, and not subject to oxidation or corrosion. Symbol: Au; atomic weight: 196.967; atomic number: 79; specific gravity: 19.3 at 20°C.
- গঁঠিয়াgam̐ṭhiẏāTransitive verb
জৰীত গাঁঠি দি দি বান্ধ্
to fasten or put on a string
- গঁঠীয়াgam̐ṭhīẏāAdjective
ঘন ঘন গাঁঠি থকা; যেনে-"গঁঠীয়া কুঁহিয়াৰ"
having many knots
- গঁঠীয়া-জুমুৰিNoun
জুইৰে খাৰ জলাই দি মৰা এবিধ অসমীয়া চুটি হিলৈ
a kind of Assamese matchlock
- গঁঠীয়া-বাতNoun
শৰীৰৰ গাঁঠিবিলাকত বিষ হোবা এবিধ বাত ৰোগ
rheumatism
- গঁতাgam̐tāNoun
গলধনত ধৰি হাতেৰে আগলৈ মৰা ঠেলা
a forward push by the hand on the back of the neck
- গঁতা মাৰ্go~.taVerb-Trans.
গলধনত ধৰি হাতেৰে আগলৈ ঠেলা মাৰ
push forward by the hand on the back of the neck
- গঁতিয়াTransitive verb
গঁতা মাৰ্; গল্ধনত ধৰি আগলৈ ঠেলা মাৰ্
to push forward with the hand applied to the back of the neck
- গঁবাৰিgam̐bāriVerb
সাজিছ; কৰিছ; কৈছ; নাম দিছ; যেনে-"কাহেক চোৰ গবাঁৰি" (বৰগীত)
to give a name to; to speak or call by name
- গঁড়gam̐ṛaNoun
নাকৰ ওপৰত শিং অৰ্থাৎ খৰগ থকা হাতীৰ আকৱতিৰ কিন্ত্ত শুঁৰ নথকা এবিধ বনৰীয়া জন্ত্ত [ইয়াৰ এজাতিৰ দুটা খৰগ থাকে]
a rhinoceros; Rhinoceroo unicornis
- গঁয়াgam̐ẏāNoun
একে গাঁবত থকা আৰু একেলগে খোবা-লোবা কৰা মানুহ
to co-villager; a man of the same society
- গঁৰgam̐raNoun
"গঁড়" চোবাঁ।
- গঁৰলgam̐ralaNoun
মাদলীয়া; ডিঙিৰ আগফাল উখহা ৰোগ; গলগণ্ড
goitre
- গঁৰলীয়াAdjective
গঁৰল ৰোগ থকা; গঁৰল ৰোগে ধৰা
affected with goitre
- গঁৰালgam̐rālaNoun
গড়াল
an enclosure for animals
- গঁৰিলাgam̐rilāNoun
মাটিত নলগাকৈ দাঙি ৰাখিবলৈ তলত পাৰি দিয়া গোটা কাঠ বা বাঁহ
a piece of wood or bamboo placed under a bamboo or reed wall to prevent it from rotting
- গঁৰিয়লীgam̐riẏalīAdjective
গাঁৰিয়লী।