কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চca
ব্যঞ্জন বৰ্ণৰ ষষ্ঠ আখৰ
the sixth letter of the consonants
- চ'তca'taNoun
হিন্দুবিলাকৰ বছৰৰ শেষ মাহ
the last month of the Hindu year, commencing from middle of March to middle of April
- চ'ত ফুৰ্
পু. অ.
- চ'থাca'thā
চ'থাদিনা ক্ৰি. বিণ. পৰহিৰ আগ দিনা; পৰহিৰ পিছ দিনা
on the fourth day
- চ'ৰাca'rāNoun
বাহিৰৰ বহা ঘৰ
an outer house for sitting and receiving visitors
- চ'ৰা-ঘৰca'rā-gharaNoun
বাহিৰৰ বহা ঘৰ
an outer house for sitting and receiving visitors
- চ'ৰা-নাওca'rā-nāoNoun
আহোম ৰজাৰ দিনৰ ৰজা উঠি ধেমালি কৰা বৰ ওখ টিঙৰ নাও
the state barge of an Ahom king
- চ'ৰাৰ ছয় ফুকনca'rāra, chaẏa, phukanaNoun
আহোম ৰজাৰ দিনৰ এটা বিচাৰৰ মেল [ইয়াত ছজন ফুকন বহি গোচৰ বিচাৰ কৰিছিল]
a court of justice during the Ahom Raja's time
- চ'ৰুবা বিষয়াca'rubā, biṣaẏāNoun
ৰজাৰ চ'ৰাত বহি মেল সুধিবলৈ ক্ষমতা পোবা বিষয়া।
- চ`ৰা নাওMaterial Noun
তৰাং পানীত চলোৱা টেপেটা তলিৰ ডাঙৰ নাও
a flat-bottomed boat for use in shallow water
- চঁকcam̐kaNoun
অকস্মাৎ পোবা ভয়; উচাপ
sudden start or terror
- চঁক খা
অকস্মাৎ ভয় পা; চঁক্; উচাপ খা
to be suddenly frightened
- চঁক খুবা, চঁকা
অকস্মাৎ ভয় খুবা
to start; to frighten
- চঁক ধৰ্
ভয় পাই শিং-মূৰ খিয় কৰ্; যেনে-"বনৰীয়া ম'হে মানুহ দেখিলে চঁক ধৰে"
to start and raise up head from fear
- চঁক্Intransitive verb
অকস্মাৎ ভয় পা; উচাপ খা; চঁক খা
to be suddenly frightened
- চঁচাcam̐cāTransitive verb
আনক চাঁচিবলৈ দি; আনৰ হতুবাই অস্ত্ৰেৰে নিমজ বা পৰিষ্কাৰ কৰা
to cause to be smoothed
- চঁছcam̐chaAdjective
নিমজ; মিহি
smooth
- চঁছালিcam̐chāliNoun
চঁচা কামী জৰীৰে গুঁঠি কৰা আসন, বেৰ, চাল আদি
long strips of bamboo strung together, to use as a wall covering etc.
- চঁছ্so~sProper Adj.
পৃষ্ঠত খলা-বমা বা অসমতা নথকা
free from projections or unevenness of surface
- চঁপাcam̐pāNoun
অলপ বহল আৰু দীঘলীয়া পাতেৰে এবিধ ঘৰ ওখ-ডাঙৰ গছ [ইয়াৰ দহ-বাৰবিধ আছে; তাৰ ভিতৰতে এই কেইজাতি প্ৰধান; যেনে-খৰিকা-চঁপা ; গাছৰি- চঁপা ; তিতা-চঁপা ; পাণ-চঁপা ; ফুল- চঁপা ; বৰচঁপা, চঁপাফুল।]।
(Talauma phellocarpa) ; (Nyssa sessilliflora) ; (Talauma phellocarpa, vara) ; (Magnolia griffithssii or Michelia champaka) ; (magnolia insignis or Michelia oblonga)