কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফpha
ব্যঞ্জনবৰ্ণৰ বাইছ সংখ্যাৰ আখৰ
the twenty-second letter of the consonants
- ফ`ট`নpho``.to``nMaterial Noun
এবিধ মৌলিক কণা৷ ইয়াৰ ভৰ শূন্য আৰু স্পিন এক৷
Quantum of electromagnetic radiation energy.
- ফঁহিয়াpham̐hiẏāTransitive verb
পাতল পাতলকৈ ফাল্ বা ছিৰ
to split into many thin slips
- ফংফঙীয়াphamphaṅīẏāAdjective
ফটফটীয়া; (পোহৰ); ফৰকাল
bright; clean
- ফইMaterial Noun
মৰাপাট, ভাং বা আন গছৰ আঁহ অথবা প্লাষ্টিক, ধাতু আদিৰে তৈয়াৰী, শক্তিশালী আৰু ডাঠ, দীঘল, পকোৱা সূতা সদৃশ বস্তু
a strong, thick line commonly one composed of twisted or braided strands of hemp, flax, or the like, or of wire or other material.
- ফইদাphaidāNoun
লাভ
profit; gain
- ফকফকাphok.pho.kaVerb-Intran.
নিৰৱচ্ছিন্ন ভাৱে অৰ্থহীন কথা ক
to speak non-stop without logic and consistency.
- ফকামphakāmaNoun
চতিৰ ওপৰত বহিখোবাৰ গুৰিৰপৰা কুমৰ আৰু মূধৰ মাৰলিৰ মাজৰ মাৰলিত কাতিকৈ ঠেকা দিয়া ডাং
a prop fixed from the foot of the king-post to the middle mārali of the roof of a house; fulcrum
- ফকিৰpho`.kirCommon Noun
ধৰ্মীয় নীতি-নিয়ম কঠোৰভাৱে পালন কৰি সংসাৰ ত্যাগী ধাৰ্মিক লোক।
member of a religious community of men living under vows.
- ফকীৰphakīraNoun
মুছলমান বৈৰাগী
a Mohammedan mendicant
- ফক্কৰphakkaraNoun
চেলেপু; ধূৰ্ত।
- ফক্কৰামিfok.ko.ra.miAbstract Noun
মূৰ্খামি অথবা গাম্ভীৰ্য্যহীনতাৰ পৰিচায়ক কোনো আচৰণ।
an act that is perceived as foolish or frivolous.
- ফক্ফকাphakphakāIntransitive verb
হকে-বিহকে সৰহ কথা ক; লেব্লেবা
to prattle
- ফক্ফকীয়াAdjective
বৰকৈ কথা কোবা; ভল্ভলীয়া
talkative
- ফকৰাphakarāNoun
নীতি শিকোবা; দৱষ্টান্ত দেখুওবা বা কথাৰ উদাহৰণ দিয়া এফাঁকি বা দুফাঁকিত লিখা সাঁথৰৰ নিচিনা কথা; যেনে-"মাটি কিনিবাঁ মাজ-খাল, ছোবালী আনিবাঁ মাক-ভাল"
a sort of enigmatical saying to convey some moral truth; an adage; a maxim
- ফকৰা যোজনাfo.ko.ra jo’.jo.naAbstract Noun
কোনো জ্ঞানগৰ্ভ সাধাৰণ সত্য বুজাবলৈ পৰম্পৰাগত ভাৱে চলি থকা চুটি, ৰসাল উক্তি|
Short witty quotes in circulation for ages which are held to embody a wise general truth.
- ফচলphacalaNoun
খেতিৰ উৎপন্ন বস্ত্ত; শস্য
a crop
- ফচল সংগ্ৰহpho.sol xong.grohVerb-Trans.
to gather crops off the fields
- ফচলী-নক্সা
ফচলৰ বিবৰণ থকা ফৰ্দ্দ বা বৰ্ণনা
A crop statement
- ফচহুphacahuAdjective
মূল্যহীন
worthless