কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছcha
ব্যঞ্জন বৰ্ণৰ সপ্তম আখৰ
the seventh letter of the consonants
- ছঁয়া কটাcham̐ẏā, kaṭāAdjective
লৰি বা বেগাই যাওঁতে নিজৰ ছাঁটো নতুবা বাটত আন বস্ত্ত দেখি হঠাৎ এফলীয়া কাটি যোবা (ঘোঁৰা, হাতী আদি)
shying
- ছঁয়া কাট্
to shy
- ছঁয়াময়াcham̐ẏāmaẏāAdjective
দেখ-নেদেখ; নিচেই অলপ সময় দেখা দিয়েই নেদেখা হোবা
rapidly appearing and disappearing; appearing only for an instant
- ছকোৱাso.ko’.waMaterial Noun
বাঁহৰ খুটাত বান্ধি ফলা বাঁহেৰে তৈয়াৰ কৰা এক বেৰা যি বিশেষকৈ ব্যক্তি বা পৰিয়ালৰ গোপনীয়তা ৰক্ষাৰ বাবে তৈয়াৰ কৰা হয়।
privacy fence made by making slits to open bamboo poles vertically and then support them by bamboo poles
- ছক্কাchakkāNoun
ছটা ফোঁট বা চিন থকা তাচৰ পাত
the six of a suit of playing cards
- ছখchakhaNoun
আমোদ
pleasure
- ছঙ্গীনchaṅgīna
বন্দুকৰ মূৰত লগোবা তৰোবাল; যেনে-"চঙ্গীনে তৰোবালে খুটি কাটি বাঘটো মাৰিলে"
a bayonet
- ছঞ্জাপchañjāpaNoun
চোলা আদিৰ নিসিয়া দাঁতিটো ভিতৰলৈ মোকোটাই ধৰি ৰাখিবলৈ সী দিয়া এচটি ঠেক কাপোৰ
the hem of a garment
- ছট-পোহৰchaṭa-poharaNoun
চাঁত কৰে ওলাই চাঁত কৰে মাৰ যোবা পোহৰ; চমক
a flash of light
- ছটকchaṭakaNoun
ছট-পোহৰ; ওলায়েই মাৰ ষোবা পোহৰ; চমক্
a flash of light
- ছটফটনিsot.pho.to.niAbstract Noun
অধৈৰ্য বা অস্থিৰ অৱস্থা ৷
The quality or condition of being impatient.
- ছটফটীয়াsot.pho.tiyaProper Adj.
একে ঠাইতে নাথাকি লৰি ধাপৰি ফুৰা৷
Being active and restless.
- ছটবটনিsot.bo.toniAbstract Noun
অধৈৰ্য বা অস্থিৰ অৱস্থা ৷
The quality or condition of being impatient.
- ছটাchaṭāNoun
দীপ্তি; জিলিকনি; পোহৰ; শোভা
light; lustre; splendour
- ছটাকchaṭākaNoun
পাঁচ টকা তোলাৰ জোখ
five rupee's weight
- ছটিAbstract Noun
উজ্জ্বল পোহৰ হঠাতে জিলিকি উঠা।
The emition or reflection of strong light sparingly.
- ছটিয়াchaṭiẏāTransitive verb
জুলীয়া বা গুটি গুটি বস্ত্ত দূৰলৈ পেলা; সিঁচ্; . কৱদ
to scatter or sprinkle as water or seeds
- ছটোchaṭoAdjective
ছোট; সৰু; যেনে-"কুসুমে বুলিলা ছটো ভাৰ্যাক শুনাই" (শঙ্কৰ-চৰিত)।
- ছট্টিছগড়so.tis.gorAbstract Noun
মধ্য ভাৰতৰ এখন প্ৰদেশ৷
A province in central India