কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এe
স্বৰৰ একাদশ আখৰ,
the eleventh letter of the alphabet
- এ টি এমe ti emProper Noun
কম্পিউটাৰৰ দ্বাৰা পৰিচালিত আৰু চৌবিশ ঘ্ণ্টা সেৱা আগবঢ়োৱা বেঙ্কৰ এটা আধুনিক ব্যৱস্থা ৷ ইয়াৰ সহায়ত আঁতৰৰ বেঙ্কত জমা থকা টকা উলিওৱাৰ লগতে জমা কৰিব পৰা হয় ৷
An abbreviation for automated teller machine. This is a computer terminal that takes the place of a human bank teller and allows the user to access basic bank services, such as making deposits and cash withdrawals from remote locations, twenty-four hours a day.
- এ-আঠুe-āṭhuAdjective
একাঁঠু; আঁঠুলৈকে তল যোবা
knee- deep
- এঁটাem̐ṭāTransitive verb
শেষ কৰ্।
- এঁতাem̐tāIntransitive verb
এঁটা; কাম কৰি অন্ত বা শেষ কৰ্
to finish
- এঁহem̐haIndeclinable
দুখ বা কষ্ট বুজোবা মাত; কেঁকনি
an exclamation of pain
- এংকৰি বেংকৰিeng.ko.ri beng.ko.riAdposition
কোনো নিশ্চিত নথকা; এটা, দুটা বা বহুতো ৷
One or some or every or all without specification.
- এআঁঠুe.a~.thuProper Adj.
মানুহৰ আঁঠুলৈকে তল যোৱা ওখ বা দ৷
as high as the knee of a man.
- এইeiPronoun
আগত বা ওচৰত থকা; যেনে-"এইটো"
this
- এই কাৰণেei ka.ro.neAdverb
উক্ত কাৰণত
for that reason, in consequence
- এই জেগাতেei je.ga.teAdverb
বক্তা বা লেখক যি ঠাইত থাকে সেই ঠাইত ৷
In or at this place; where the speaker or writer is.
- এই ঠাইতেei thai.teAdverb
বক্তা বা লেখক যি ঠাইত থাকে সেই ঠাইত ৷
In or at this place; where the speaker or writer is.
- এই নিমিত্তেei ni.mit.teAdverb
উক্ত কাৰণত
for that reason, in consequence
- এই হেতুei xe.tuAdverb
উক্ত কাৰণত
for that reason, in consequence
- এইখিনিতেei.khi.ni.teAdverb
বক্তা বা লেখক যি ঠাইত থাকে সেই ঠাইত ৷
In or at this place; where the speaker or writer is.
- এইছ্ আই ভিais ai bhiMaterial Noun
এইছ্ আই ভি বা স্ব-প্ৰতিৰক্ষাৰ অভাৱজনক ভাইৰাছ এবিধ ৰেট্ৰ’ ভাইৰাছ যি মানুহৰ দেহত আক্ৰমন কৰি স্ব-প্ৰতিৰক্ষাৰ অভাৱজনিত উপসৰ্গ বা এইড্ছত আক্ৰান্ত কৰে |
Human immunodeficiency virus (HIV) is a retrovirus (Contains RNA genome)that can lead to acquired immunodeficiency syndrome (AIDS), a condition in humans in which the immune system begins to fail, leading to life-threatening opportunistic infections.American researcher Robert Gallo and French scientist Luc Montagnier both claimed to have discovered it.
- এইটিeiṭiPronoun; Noun
আগত বা ওচৰত থকা বস্ত্ত, প্ৰাণী বা মানুহ
this being or thing
- এইটোeiṭoPronoun; Noun
আগত বা ওচৰত থকা বস্ত্ত, প্ৰাণী বা মানুহ
this being or thing
- এইড্ছeidsAbstract Noun
আৰ্জিত স্ব-প্ৰতিৰক্ষাৰ অভাৱ জনিত উপসৰ্গ (এইছ আই ভি ভাইৰাচৰ আক্ৰমণৰ ফলত হোৱা এইড্ছ-ৰ বাবে দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা নোহোৱা হয়)
AIDS (Acquired Immune Deficiency Syndrome) is an infectious disease caused by the HIV (Human Immunodeficiency Virus). It was first recognized in the United States in 1981. AIDS is the advanced form of infection with the HIV virus, which may not cause recognizable disease for a long period after the initial exposure (latency). No vaccine is currently available to prevent HIV infection. At present, all forms of AIDS therapy are focused on improving the quality and length of life for AIDS patients by slowing or halting the replication of the virus and treating or preventing infections and cancers that take advantage of a person's weakened immune system.
- এইদিশেei.di.xeAdverb
কওঁতাৰ ওচৰৰ ফাললৈ
to the side nearer to the speaker