কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঔ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঔau
স্বৰৰ চৈধ্য সংখ্যাৰ আকৰ; ব্যঞ্জন বৰ্ণৰ লগত যুক্ত হ'লে ইয়াৰ আকৱতি "ৌ" এে হয়।
- ঔ আইau, āiIndeclinable
বিস্ময় বা দুখ বুজোবা মাত
an exclamation of surprise or sorrow
- ঔ পাৰ্au, pārIntransitive verb
ভুকুবা; কিলা; প্ৰহাৰ কৰ্; যেনে-"চোৰৰ পিঠিত গিৰিহঁতে ঔ পাৰিলে"
to give blows
- ঔ-টেঙাau-ṭeṅāNoun
বহল, দীঘলীয়া খহটা পাতেৰে এবিধ ওখ ডাঙৰ গছ আৰু তাৰ ফল [বখলা-বখল পাতি ইয়াৰ ফলৰ মঙহ ধৰে আৰু তাৰ ভিতৰত এটা বিজলৰ বাহ থাকে; বিজল আৰু কুঁহিপাতেৰে মানুহে মূৰ ধোবো; বখলাবিলাক থেঁতালি শুকুবাই তাৰ গুড়ি উলিয়াই শুকানে বা গুড়ৰলগত খায়, আৰু কেঁচায় বা আঞ্জাত খায়]
the chalita; Dillenis indica
- ঔ-লতাau-latāNoun
ঔ-গছৰ পাতৰ নিচিনা পাতেৰে এবিধ ডাঙৰ লতা [এই গছ ডাঙৰ হ'লে সোমলতাৰ দৰে গুৰি কাটি দিলে তাৰপৰা অধিক পৰিমাণে পানী ওলায়]।
- ঔঁProper Noun
বেদৰ মূল মন্ত্ৰ৷ ঈশ্বৰৰ স্ৰজন, পালন আৰু সংহৰণ এই তিনি শক্তি বুজোৱা শব্দ৷ ‘অ’, ‘উ’ আৰু ‘ম’ এই তিনিটা ধ্বনি মিলি ওঁ হৈছে৷ ‘অ’ মানে পালন কৰ্তা বিষ্ণু, ‘উ’ মানে সংহাৰ কৰ্তা শিৱ, আৰু ‘ম’ মানে সৃষ্টি কৰ্তা ব্ৰহ্মা৷ সৃষ্টি, স্থিতি আৰু পলয়ৰ অধিকাৰী পৰম ঈশ্বৰৰ স্বৰূপক ‘প্ৰণৱ’ ওঁ শব্দই একে আখৰৰে চমুকৈ এক মূৰ্হুত্বতে বিজ্ঞাপন কৰে দেখি ওঁ পৱিত্ৰ আৰু জপৰ বিধান৷
The supreme and most sacred syllable, consisting in Sanskrit of the three sounds (a), (u), and (m), representing various fundamental triads and believed to be the spoken essence of the universe. It is uttered as a mantra and in affirmations and blessings. this mantric word thought to be a complete expression of Brahman and interpreted as having three sounds representing Brahma or creation, Vishnu or preservation, and Siva or destruction, or as consisting of the same three sounds, representing waking, dreams, and deep sleep, along with the following silence, which is fulfillment.
- ঔকাস্যou.kas.yoAbstract Noun
স্পৃহা নথকা বা গুৰুত্ব নিদিয়া।
Lack of interest or importance.
- ঔচিত্যaucityaNoun
উচিততা; ন্যায্যতা
fitness; propriety
- ঔচিত্য প্ৰমাণ কৰ্o``u.si.tyo pro.man korVerb-Trans.
কোনো কাম কিয় কৰা হৈছে তাক যুক্তিৰে ব্যাখ্যা কৰা৷
to explain with reason why an action has been taken.
- ঔচ্aucIndeclinable
কুকুৰক ওচৰলৈ আহিবলৈ মতা মাত
a particle used in calling a dog
- ঔজ্জ্বল্যou.jo.lyoAbstract Noun
পোহৰেৰে ভৰি থকা অৱস্থা
the state of being full of light
- ঔটেঙাou.te.ngaCommon Noun
এচিয়া মহাদেশত বিশেষকৈ পোৱা এক চিৰসেউজ উদ্ভিদ৷ তৰপে তৰপে বাকলি থকা এবিধ টেঙা ফল ধৰে৷
an evergreen shrub or tree found in Asia that bears a fruit with multiple layers of skin with an edible, sour pulp inside
- ঔত্পত্তিকout.pot.tikProper Adj.
জিন অথবা বংশগতি সম্বন্ধীয়
Of genes or hereditory information
- ঔদাসীন্যaudāsīnyaNoun
অনুৰাগ নথকা গুণ; বৈৰাগ্য
stoicism
- ঔদাস্যaudāsyaNoun
অনুৰাগ নথকা গুণ; বৈৰাগ্য
stoicism
- ঔদাৰ্যaudāryaNoun
উদাৰ গুণ; সৰলতা; অকপটতা
sincerity; liberal-mindedness; generosity
- ঔদাৰ্য্যaudāryyaNoun
উদাৰ গুণ; সৰলতা; অকপটতা
sincerity; liberal-mindedness; generosity
- ঔদ্ধত্যou.dhotyoAbstract Noun
মইবৰ ভাৱ বা অতিমাত্ৰা আত্মগৌৰৱ।
Aggressively assertive or overbearingly confident.
- ঔদ্বাহিকou.dwa.hikProper Adj.
বিবাহৰ অথবা বিবাহ সংক্ৰান্তীয় ৷
Of or relating to the state of marriage.
- ঔদ্যোগিকou.dyo’.gikProper Adj.
উদ্যোগ সম্পৰ্কীয়৷
related to commercial production and sale of goods