কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খkha
ব্যঞ্জনবৰ্ণৰ দ্বিতীয় আখৰ
the second letter of the consonants
- খ-গোলkha-golaNoun
আকাশ-মণ্ডল
the vault of circle of the heavens
- খ-বিদ্যাkha-bidyāNoun
আকাশৰ বিষয়ে জ্ঞান; আকাশ-বিজ্ঞান
the science of the solar system
- খঁকkham̐kaNoun
অতিপাত ভোক; খাবলৈ বৰ হেঁপাহ (নিন্দাৰ্থত)
excessive appetite; voracity
- খঁকুবাAdjective
খঁকে ধৰা; বৰ ভুকীয়া; সৰহকৈ খাবলৈ বিচৰা; খাওঁ খাওঁ কৰা (নিন্দাৰ্থত)
gluttonous; greedy; voracious
- খঁকুৱাkho~kuwaProper Adj.
প্ৰয়োজনতকৈ অধিক সম্পত্তি আহৰণ কৰিবলৈ বা খাদ্য খাবলৈ বিছৰা লোক।
immoderately desirous of acquiring wealth, wanting to eat more than enough.
- খঁটাসুৰkham̐ṭāsuraNoun
এটা অসুৰ; ; দুৰ্জ্জন বা অতিশয় দুষ্ট লোক
a demon ; wicked person
- খঁতিৰাkham̐tirāNoun
নিৰ্দ্দিষ্ট সময়; খাটিবৰ বা কোনো কাম কৰিবৰ অৰ্থে আগেয়ে নিৰুপিত কৰা সময়
an appointed time; a time fixed for any occasion
- খঁৰাkham̐rāAdjective
আগ নথকা; আগ কটা
having the top cut short; without the top
- খঁৰা-ধুনkham̐rā-dhuna
নিজে ভাল বুলি ভবা কিন্ত্ত প্ৰকৱততে অসম্পূৰ্ণ বা দোষ থকা ধুন্
defective or incomplete dress or decoration of the body
- খঁৰা-নকাkho~.ra-no.kaProper Adj.
আগ চুটি নাক থকা ব্যক্তি |
Having a blunt nose.
- খঁৰা-মকাkham̐rā-makāAdjective
চুটি নাক থকা
śnub-nosed
- খঁৰা-মূৰাkham̐rā-mūrāAdjective
আগ-গুৰি কটা বা নথকা
having both ends cut off
- খঁৰিয়াkham̐riẏāNoun
পোবালি বা ডেকেৰুবা চিতল মাছ
a young chital fish
- খঁৰীয়াkham̐rīẏāNoun
পোবালি বা ডেকেৰুবা চিতল মাছ
a young chital fish
- খংkhamNoun
কোপ; ক্ৰোধ; ৰোষ
anger; rage
- খং উঠ্khong uthVerb-Intran.
নিজে খঙৰ ভাৱ প্ৰকাশ কৰ্
To become angry by oneself.
- খং কৰ্
ৰাগান্বিত হ; ক্ৰোধ্ কৰ্; তিৰস্কাৰ কৰ্
to get angry; to chide
- খং জাৰ্
বৰকৈ খং প্ৰকাশ কৰ্]
to express anger; to show temper
- খং তোল্khong.to`lVerb-Trans.
কাৰোবাক খং তুলি দে
To make somebody angry or furious.