কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ই’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ইi
স্বৰবৰ্ণৰ তৱতীয় আখৰ; ব্যঞ্জন বণেৰে সৈতে যুক্ত হৈ ইয়াৰ ৰূপ "ি" এনে হয়; . সৰ্ব্ব. এই; এইটো
the third letter of the alphabet ; this; it
- ই এফ এল য়ুi eph el yuProper Noun
ইংৰাজী আৰু বিদেশী ভাষা শিক্ষা, ভাষাতত্ত্ব, সাহিত্য আদিত উচ্চমানৰ গৱেষণা আৰু শিক্ষক প্ৰশিক্ষণৰ বাবে হাইদৰাবাদত প্ৰতিষ্ঠিত এক কেন্দ্ৰীয় বিশ্ববিদ্যালয়৷ ইয়াৰ পুৰণি নাম কেন্দ্ৰীয় ইংৰাজী আৰু বিদেশী ভাষা প্ৰতিষ্ঠান৷ বিশদ বিৱৰণৰ বাবে ইয়াৰ জালপঞ্জী www.efluniversity.ac.in চাওক৷
a central university in Hyderabad established to promote research and train teachers in linguistics, English and Foreign Languages Teaching, Literature and related disciplines. For detailed information, please visit the university website www.efluniversity.ac.in
- ই টিকটi ti.kotMaterial Noun
ৰেল, বিমান আদিৰ বাবে ৱেবচাইটৰ মাধ্যমেৰে ইলেকট্ৰনিক ভাবে কিনিব পৰা টিকট৷ বেংকৰ ক্ৰেডিট বা ডেবিট কাৰ্ডেৰে ইয়াৰ মূল্য পৰিশোধ কৰিব লাগে আৰু কিনোতাই কম্পিউটাৰৰ সহায়ত নিজে টিকট ছপা কৰি লব পাৰে৷
a ticket that can be electronically purchased through website of airlines, railways etc. and the payment is made through bank credit or debit card. The buyer can print his/her own ticket.
- ই-আলোচনীi-a.lo`.so.niCommon Noun
ৱেবচাইটৰ মাধ্যমেৰে ইলেকট্ৰনিক ভাবে প্ৰকাশিত আলোচনী৷পাঠকে কম্পিউটাৰৰ সহায়েৰে এনে আলোচনী পাব পাৰে৷বেংকৰ ক্ৰেডিট বা ডেবিট কাৰ্ডেৰে সাধাৰণতে ইয়াৰ মূল্য পৰিশোধ কৰিব লাগে৷ কেতিয়াবা কোনো কোনো আলোচনী বিনামূলীয়াকৈয়ো পোৱা যায়৷
an online magazine that is electronically published through (a particular)website. It can be purchased and the payment is made through bank credit or debit card. Sometimes it is provided free of cost.
- ই-জোনাকী যুগi-jo`.na.ki jugProper Noun
অসমীয়া সাহিত্যৰ জোনাকী যুগৰ অনুপ্ৰেৰণাৰে গুণগত ভাবে উচ্চ অসমীয়া লেখা মেলাৰে ইণ্টাৰনেট জগতত অসমীয়া ভাষা-সাহিত্য প্ৰচাৰৰ বা স্থান লোৱাৰ বাবে আৰম্ভ কৰা একৈশ শতিকাৰ এক নতুন ভাষা-সাহিত্য আন্দোলন৷
a mission to promote, create a repository of Assamese language and literature in the internet. The present movement is inspired by the Jonaki Jug in Assamese literature.
- ই-প্ৰকাশনVerbal Noun
আলোচনী, কিতাপ আদি ইন্টাৰনেটযোগে প্ৰচাৰ কৰা ব্যৱস্থা
the act of publishing magazine, books etc. over internet
- ই-মেইলi-me.ilProper Noun
কম্পিউটাৰ নেট্ৱৰ্কৰ দ্বাৰা বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণ কৰিব পৰা এটা পদ্ধতি ৷ ইণ্টাৰনেটৰ সহায়ত অতি ক্ষিপ্ৰতাৰে বাৰ্তা প্ৰেৰণ কৰিব পৰা বৰ্তমান সময়ৰ ই এটা আধুনিক ব্যৱস্থা ৷
A system for sending and receiving messages electronically over a computer network, as between personal computers. e-mail has become one of the most widely used aspects of the Internet, because it provides a means of mass communication to almost anywhere in the world at high speed.
- ই-সিi-siPronoun
ইটো-সিটো বস্ত্ত; কিবা-কিবি; যিহকে; সামান্য কথা বা বস্ত্ত
this and that; knicknack
- ইংingProper Adj.
ইংৰাজৰ বা ইংলেণ্ড সম্পৰ্কীয়
English, related to England
- ইংগিতing.gitAbstract Noun
অৰ্থৰ ক্ষেত্ৰত সহমতৰ ভিত্তিত ব্যৱহৃত শব্দৰে, অঙ্গি-ভঙ্গিৰে বা লিখিত ৰূপত প্ৰকাশ কৰা কোনো চিহ্ন
sound, gesture or written symbol with an agreed upon meaning
- ইংগিত সংলাপAbstract Noun
বধিৰ লোকৰ সৈতে যোগাযোগ কৰাৰ দৰে আঙুলিৰ অংগি-ভংগিৰ ব্যৱহাৰ কৰি কথা পতাৰ কৰাৰ পদ্ধতি
the method of using signs made with fingers to communicate, as in communicating with deaf people.
- ইংঙ্গিতপূৰ্ণing.git.pur.noProper Adj.
সংকেত সম্পৰ্কীয়
related to symbols or signals
- ইংঙ্গিতময়img.git.moyProper Adj.
সংকেত সম্পৰ্কীয়
related to symbols or signals
- ইংটিing.tiAbstract Noun
A surname of the Karbi community.
- ইংলেণ্ডProper Noun
ইংৰাজসকলৰ দেশ। যুক্তৰাজ্যৰ এক অংশ।
the land of the English people. England is a country that is part of the United Kingdom. It shares land borders with Scotland to the north and Wales to the west. The Irish Sea lies north west of England, whilst the Celtic Sea lies to the southwest.
- ইংৰাজiṃrājaNoun
ইংলণ্ড দেশৰ অধিবাসী লোক
an Englishman
- ইংৰাজ অনুৰাগীing.raj o.nu.ra.giCommon Noun
ইংৰাজ বা ইংৰাজীৰ প্ৰতি বৰ ভাল ভাৱ থকা আৰু ইংৰাজী ভাৱ ধাৰা অনুকৰণ কৰিবলৈ চেষ্টা কৰা অইংৰাজ লোক৷
a non British person who likes Britain or British things or the English language very much.
- ইংৰাজ বিদ্বেষীing.raj bi.de.xiCommon Noun
ইংৰাজলোকক বা ইংৰাজী ভাষাক বেয়া পোৱা/ ঘৃণা কৰা লোক৷
somebody who hates the English (people/language).
- ইংৰাজীing.ra.jiProper Adj.
ইংৰাজৰ বা ইংলেণ্ড সম্পৰ্কীয়
English, related to England
- ইংৰাজী অনুৰাগীing.ra.ji.o.nu.ra.giCommon Noun
ইংৰাজ বা ইংৰাজীৰ প্ৰতি বৰ ভাল ভাৱ থকা আৰু ইংৰাজী ভাৱ ধাৰা অনুকৰণ কৰিবলৈ চেষ্টা কৰা অইংৰাজ লোক৷
a non British person who likes Britain or British things or the English language very much.