কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আā
স্বৰবৰ্ণৰ দ্বিতীয় আখৰ।
- আ-অলঙ্কাৰā-alaṅkāraNoun
সাজ-কাপোৰ আৰু গহনা আদি
clothes and ornaments
- আঁām̐Indeclinable
কন্দাৰ নিচিনা মাত
a sound like that of crying
- আঁ-কৰ্ām̐-karIntransitive verb
বৰকৈ মুখ মেল্
to open the mouth widely
- আঁইচুām̐icuNoun
আহোম ডাঙৰীয়ানিসকলক সম্বোধন কৰা মাত (আন ডাঙৰ লোকৰ তিৰোতাকো এইদৰে মাতে)
the term of addressing an Āhom lady
- আঁউজ্ām̐ujIntransitive verb
মানুহ বা কিবা বস্ত্তৰ গাত হাউল্ বা কাতি হ
to recline
- আঁউসীām̐usīNoun
অমাবস্যা; যি তিথিত জোন মৰে
the night of new moon
- আঁউহীām̐uhīNoun
অমাবস্যা; যি তিথিত জোন মৰে
the night of new moon
- আঁওচām̐ocaNoun
হাল বাওঁতে মাটিত হোবা লোৰ; নাঙলৰ সীৰলু
a furrow
- আঁওচ্ām̐ocTransitive verb
নাঙলেৰে প্ৰথম বাৰ হাল বা; মাটি চহা; সীৰ দি
to do the first ploughing
- আঁকām̐kaNoun
চিন; আঁচ
a line
- আঁক মচি এৰ্
একেবাৰে ত্যাগ কৰ্; সকলো সম্পৰ্ক বা বন্ধুতা ছিঙ্
to cut off all connection; to forsake for good
- আঁক মচ্
বিধাতাৰ নিবন্ধ নাইকিয়া কৰ্; নিৰ্দ্দিষ্ট আয়ুস ক্ষয় কৰ্; মৰণ ওচৰ চপা; যেনে-যমে তাৰ আঁক মচিছে
to shorten the life; to bring death nearer
- আঁক-বাঁকām̐ka-bām̐kaAdjective
অনেক বৰণৰ আঁক-যুক্ত; পখৰা-চিতৰা
having various coloured marks or lines
- আঁক-বাঁক কৰি থাক্a~k.ba~k.ko.ri.thakVerb-Intran.
আমনি লাগি বা আন কোনো কামত ব্যস্ত থাকোতে অমনযোগেৰে আঁচ টনা বা সাধাৰণতে অৰ্থহীন কিবাকিবি অঁকা
to draw lines, shapes etc. or to make meaningless scibbles especially when one is bored, absent minded or busy in something else
- আঁকন; আঁকোঁতাNoun; Feminine
আঁকঁতী।
- আঁকনিām̐kaniNoun
যি কাঠীৰ দ্বাৰা পুথিত পোন আঁক টনা হয়; চেপেটা ৰুল-মাৰি
a strip of wood or bamboo used as a ruler in writing a manuscript
- আঁকনি-মাৰিām̐kani-māriNoun
যি কাঠীৰ দ্বাৰা পুথিত পোন আঁক টনা হয়; চেপেটা ৰুল-মাৰি
a strip of wood or bamboo used as a ruler in writing a manuscript
- আঁকল্ām̐kalTransitive verb
আঁকোবাল্।
- আঁকুহিām̐kuhiNoun
কোনো বস্ত্তত লগাই তাক টানি আনিবলৈ আগ- আঁকোৰা দীঘল মাৰি
a long stick with a hook at one end