কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডḍa
ব্যঞ্জন বৰ্ণৰ তেৰ সংখ্যাৰ আখৰ
the thirteenth consonant
- ড°doc.torAbstract Noun
Doctor of Philosophyৰ সংক্ষিপ্ত ৰূপ| যিকোনো বিষয়ত সফলতাৰে গৱেষণা কৰি গৱেষণা পত্ৰ বিশ্ববিদ্যালয়ক জমা দিয়াৰ পিছত বিশ্ববিদ্যালয়ে প্ৰদান কৰা এক সৰ্বোচ্চ ডিগ্ৰী বা উপাধিৰ অন্যতম| এই উপাধি প্ৰাপ্তিৰ পিছত প্ৰাপকে নিজৰ নামৰ আগত ড (ডক্টৰ) লিখিব পাৰে
the abbreviation for 'Doctor of Philosophy'. A university degree of a very high level (in many places the highest university degree) that is given to somebody who has done research in a particular subject in any descipline. The recipient can write Dr. in front of his/her name.
- ড° গোলোকচন্দ্ৰ গোস্বামীdoc.tor go`.lo`k son.dro go`.swa.miProper Noun
অসমৰ এজন ভাষাতাত্বিক পণ্ডিত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক৷অসমীয়া গোলোক ব্যাকৰণ, অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ,অসমীয়া ব্যাকৰণ-প্ৰৱেশ আদি তেখেতৰ ৰচিত পুথি৷
an Assamese linguist of repute, former professor and head of the Assamese department of Gauhati University. Axomiya Golok Vyakoron, Axomiya Vyakoronor Moulik Bisar, Axomiya Vyakoron-Prabesh etc. are some of his valuable contributions to the study of Assamese grammar.
- ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যdoc.tor bi.ren.dro ku.mar bhot.ta.sar.joCommon Noun
ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অসমীয়া ভাষাৰ এজন সাহিত্যিক, ঔপন্যাসিক৷ ১৯২৪ চনৰ ১৪ অক্টোবৰত তেওঁৰ জন্ম হয়৷ তেওঁ ১৯৭৯ চনত মৃত্যুঞ্জয় উপন্যাসৰ বাবে ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া লেখক আছিল৷ ১৯৮৩-১৯৮৫ বৰ্ষৰ বাবে অসম সাহিত্য সভাৰ সভাপতি হিচাপেও তেওঁ কাৰ্য্যনিৰ্বাহ কৰিছিল৷ ইয়াৰুঙ্গম গ্ৰন্থৰ বাবে তেখেতে ১৯৬১ চনত সাহিত্য একাডেমী বঁটা লাভ কৰে৷ ১৯৯৭ চনৰ ৬ আগষ্টত তেখেতৰ মৃত্যু হয়৷
Dr. Birendra Kumar Bhattacharya (1924–1997) was a famous Indian writer and one of the pioneers of modern Assamese Literature. He was first ever recipient of the Jnanpith Award given to a Assamese writer, in the year 1979 for his novel Mrityunjay (Immortal). He was also a recipient of Sahitya Akademi Award in Assamese in 1961 for his Assamese novel Iyaruingom(Iyaruingam), which is considered a masterpiece of Indian literature. In 2005, a translation published by Katha Books as Love in the Time of Insurgency was released. Another famous novel written by Dr. Bhattacharya is Aai(Mother).He was the President of Asam Sahitya Sabha (Assam Literary Society) during 1983-1985.
- ডঁবিয়লিḍam̐biẏaliNoun
শাসন
control
- ডঁহচীয়াḍam̐hacīẏāNoun
ডাঁহেচীয়া।
- ডঁহাḍam̐hāAdjective
ডাঁহৰ চকুৰ বৰণৰ; অলপ পিঙ্গলীয়া; (চকু)
cowny
- ডঁহা-চকুবাAdjective
ডঁহা.চকু-যুক্ত; পিঙ্গলীয়া চকু থকা
brown-eyed
- ডঁৰḍam̐raNoun
অৰ্থ-দণ্ড; দণ্ড-স্বৰূপে দিয়া বা লোবা ধন; জৰিমনা
a fine
- ডঁৰ-কালdo~r.kalProper Adj.
কোনো ভাঁজ, কোণ, বেঁকা অংশ বা বিষমতা নথকা; প্ৰত্যক্ষ বা উপযুক্ত, পথ বা প্ৰক্ৰিয়া লোৱা বা ধাৰণ কৰা
free from curves, bends, angles, or irregularities; lying along or holding to a direct or proper course or method
- ডঁৰকালḍam̐rakālaAdjective
পোন; পোন আৰু ঠৰঙা
straight
- ডঁৰিকḍam̐rikaNoun
কুকুৰাৰ নিচিনা এবিধ প্ৰায় ক'লা-বৰণীয়া বনৰীয়া চৰাই
the pheasant
- ডঁৰিক চৰাইdo~.rik so.raiCommon Noun
উত্তৰ গোলাৰ্ধৰ নাতিশীতোষ্ণ অঞ্চলত বাস কৰা এবিধ চৰাই
birds from the order Galliformes which inhabit temperate and subarctic regions of the northern hemisphere
- ডঁৰিকনাḍam̐rikanāNoun
গোটা-সজীয়া, দীঘলীয়া, মুখ- জোঙা, গাত বাকলি থকা এবিধ নিচেই সৰু মাছ [ইয়াৰ উপজাতি আছে, যেনে- ডেও-ডঁৰিকনা।]
a kind of small fish; Rasbora doniconius
- ডঁৰিকা-উৰহীḍam̐rikā-urahīNoun
এবিধ দীঘলীয়া উৰহী
a variety of long bean; the creeper producing this bean
- ডঁৰিকা-লাওḍam̐rikā-lāoNoun
এবিধ দীঘলীয়া লাও
a variety of long bottle-gourd
- ডঁৰিয়লিḍam̐riẏaliNoun
এটা মোচৰৰপৰা আন এটা মোচৰৰ মাজত থকা নৈৰ পোন ছোবা
a straight portion of a river between two curves
- ডঁৰিয়া কাপোৰḍam̐riẏā, kāporaNoun
ৰং কৰি দীঘল সূতাৰ গাঁৰি দিয়া কাপোৰ।
- ডঁৰীয়া কাচিdo~.ri.ya ka.siMaterial Noun
ঘাঁহ আদি কাটিবলৈ এদাল দীঘল মাৰিত লগাই লোৱা অলপ ধেনুভিৰীয়া ব্লেড৷
a tool with a slightly curved blade attached to a long handle, used for cutting grass, corn etc.
- ডঁৰোঁতাḍam̐rom̐tāNoun
দণ্ড কৰোঁতা; শাস্তি দিওঁতা
a man who punishes