কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘থ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- থtha
ব্যঞ্জন বৰ্ণৰ সোতৰ সংখ্যাৰ আখৰ।
- থʼইলাMaterial Noun
কাপোৰ, প্লাচটিক বা কাগজেৰে তৈয়াৰী গ্ৰাহকক সামগ্ৰী বান্ধি দিয়া মোনা৷
A bag made of paper, plastic or cloth for holding customer's purchases.
- থʼউগাProper Adj.
এনে এক গুণ যুক্ত, যাক দেখিলে, শুনিলে বা যাৰ বিষয়ে ভাবিলে মনত গভীৰ আনন্দ বা সন্তুষ্টি লাভ হয় ৷
having qualities that give great pleasure or satisfaction to see, hear, think about, etc
- থʼগিMaterial Noun
দেৱতাক নৈবেদ্য দিয়া বা কোনো মহত্ গ্ৰন্থ ৰখা আৰু ডাঙৰ মানুহক মান ধৰা এবিধ থিয় কাণেৰে খুৰা লগোৱা অসমীয়া পৰম্পৰাগত পাত্ৰ৷
A traditional Assamese stand that is used to keep holy books and offerings. In simplistic terms it is an offering tray with a stand at the bottom. There are Xorais with or without a cover on the top.
- থওঁতাFeminine
থবঁতী।
- থওনNoun
থোবা কাৰ্য্য; স্হাপন কৰা কাৰ্য্য; ৰখা কাৰ্য্য
the act of placing
- থকনোVerb-Trans.
হাতৰ বন্ধ মুঠিৰে আঘাত কৰ্
Strike with a closed fist
- থকাtho.kaProper Adj.
বাস্তৱিক বা আত্মিক, যিয়েই নহওক প্ৰকৃততে অস্তিত্ব উপলব্ধ হোৱা
to have real being whether material or spiritual
- থকা-থমকাthakā-thamakā
বি, কৰি থাকোঁতে বা গৈ থাকোঁতে থমক খাই ৰোবা কাৰ্য্য; হোঁহকা-উজোবা কৰা কাৰ্য্য
the act of frequently stopping or stepping back in the course of advancing
- থকা-থৈয়াthakā-thaiẏā
বি, কৰি থাকোঁতে বা গৈ থাকোঁতে থমক খাই ৰোবা কাৰ্য্য; হোঁহকা-উজোবা কৰা কাৰ্য্য
the act of frequently stopping or stepping back in the course of advancing
- থকা-সৰকাthakā-sarakāAdjective
মাজে মাজে বিন্ধা থকা আৰু মাজে মাজে বিন্ধা নথকা; অনেক ফুটা বা বিন্ধা-যুক্ত
full of holes
- থকা-সৰকা কৰ্tho.ka-xo.ro.ka korVerb-Trans.
সমালোচনা কৰি বিব্ৰত কৰি তোল্
to put to shame or reproach by criticizing
- থক্ থক্ কৰেthak, thak, kareAdverb
থৰ থৰ কৰে; বৰকৈ কঁপি।
- থক্বক্thakbakNoun
ভাত আদি উতলোঁতে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound of boiling rice, etc.
- থক্বক্Noun
থোতা-মোজা।
- থকৰ্-বকৰ্thakar-bakarAdjective
থৰক্-বৰক্; অস্হিৰ; অধীৰ
unsteady
- থকৰ্-বকৰ্tho.kor-bo.korProper Adj.
অস্থিৰভাৱে লৰচৰ কৰা
having small and irregular movements
- থঙাthaṅāNoun
এবিধ নোমৰ ডাঙৰী-সূতাৰ ঢৰীয়া কাপোৰ; নোমৰ ঢৰীয়া কম্বল
a coarse blanket
- থঙাসনীয়াAdjective
[অ. থঙা + আসনীয়া] বিণ. বহি-খোবা; কাম-কাজ নকৰা; এলেহুবা
idle; lazy
- থত্মৎthatmatAdjective
বিবুধি হোবা অবস্হা
bewilderness