কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মma
অসমীয়া বৰ্ণমালাৰ ব্যঞ্জনবিলাকৰ পঁচিশ সংখ্যাৰ আখৰ
the twenty-fifth consonant of the Assamese alphabet
- ম ম কৰেma, ma, kareAdverb
মল্মলাই; সুগন্ধযুক্ত হৈ; সঘনে উলিয়াই
emitting or spreading fragrance
- ম'লিma'liNoun
ওখল; মল, গাত বা বস্ত্তত লগা ধূলি আদি
dirt; filth
- ম'হma'haNoun
এজাতি গৰুতকৈ ডাঙৰ শিঙাল ঘাঁহ খোবা জন্ত্ত
a buffalo; Bubalus bos
- ম'হ-খুঁটি
"খুঁটি" চোবাঁ; ম'হ-গুবাল ম'হ ৰখীয়া; ম'হ চৰোবা মানুহ
a buffalo-keeper
- ম'ৰাma'rā
কাঁড়ী।
- ম'ৰা-পীৰাma'rā-pīrāNoun
একে ডোখৰ কাঠকে কাটি তৈয়াৰ কৰা ফুলাম পীৰা
a kind of decorated low stool
- ম'ৰা-হাতীma'rā-hātīNoun
মখনা; দাঁত নথকা মতা হাতী
a male elephant having no tusks
- ম'ৰীma'rīNoun
একপ্ৰকাৰ ফালিৰ নিচিনা মুখেৰে ফু দি বজোবা বাদ্য-যন্ত্ৰ; যেনে-"কাহালী মহৰী কৰতাল" (কীৰ্ত্তন)।
- ম-ময়াma-maẏāIntransitive verb
মল্মলা; সুগন্ধ ওলাই থাক্।
- ম`ইলাMaterial Noun
অপৰিষ্কাৰ পদাৰ্থ, যেনে মাটিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণা।
any foul or filthy substance, esp. powdery soil.
- ম`উৰা বাহাMaterial Noun
মৌমাখিয়ে গছত বা অন্য্য স্থানত সঁজা ষড়ভুজ আকৃতিৰ বিচনী সদৃস বাহ৷
Wax structure of hexagonal cells built by bees for honey and eggs.
- ম`দফলCommon Noun
গ্ৰীষ্মপ্ৰধান আৰু উপ-ক্ৰান্তীয় অঞ্চলৰ খেতি কৰা আৰু মঙহাল, ৰসযুক্ত ফল লগা তালগছৰ দৰে এক ওখ গছ (কেৰিকা পাপায়া; গণ: কেৰিকেচি)। বহুদেশত এইবিধ ফল পুৱাৰ আহাৰত খোৱা হয়। ইয়াক চালাড, ৰসাল পানীয় আৰু আন আন খাদ্য প্ৰস্তুত কৰাৰ কাৰণেও ব্যৱহাৰ কৰা হয়। কেঁচা ফলত এক উৎসেচক থাকে, যাক বদহজমৰ ঔষধৰূপে আৰু মাংস কোমল কৰিবলৈ ব্যৱহাৰ কৰা হয়।
Large palmlike plant (Carica papaya; family Caricaceae), cultivated throughout the tropics and warm subtropics, and its succulent juicy fruit. A popular breakfast fruit in many countries, it is also used in salads, pies, sherbets, juices, and confections. The juice of the unripe fruit contain an enzyme that is useful in various remedies for indigestion and in meat tenderizers
- ম`লতাProper Adj.
ধূলি-মাকতি বা অদৰকাৰী বস্তুৰে পৰিপূৰ্ণ বা আৱৰি থকা।
soiled with dirt; filled with unwanted materials.
- মʼইজাMaterial Noun
কোঠা এটাৰ তলৰ পৃষ্ঠ, য’ত খোজ কাঢ়িব পাৰি
lower enclosing surface of a room upon which one can walk.
- মʼইৰাCommon Noun
পিতলৰ বাচন-বৰ্তন তৈয়াৰ কৰা এক শ্ৰেণীৰ লোক; পিতলৰ বাচন-বৰ্তন তৈয়াৰ কৰা অসমৰ এক শ্ৰেণীৰ মুছলমান |
A person who makes articles of brass; a class of Mohammedans who makes brass vessels in Assam.
- মংগলmong.golAbstract Noun
এজন ব্যক্তি বা সম্প্ৰদায়ৰ সৰ্বতোপ্ৰকাৰ ভাল।
the general good of a community or a person.
- মংগলকাৰকmong.gol.ka.rokProper Adj.
ভাল খবৰ-বাতৰি বা কোনো শুভলক্ষণৰ প্ৰতীকস্বৰূপ৷
Auguring favourable circumstances and good luck.
- মংগলজনকmong.gol.jo.nokProper Adj.
সহায় কৰা বা কৰিবলৈ প্ৰস্তুত হোৱা৷
giving or ready to give help voluntarily.
- মংগলদায়কAdjective Adj.
a situation which is encouraging or approving or pleasing