কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঐ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঐai
স্বৰৰ আৰু বৰ্ণমালাৰ দ্বাদশ আখৰ; ব্যঞ্জনেৰে সৈতে যুক্ত হৈ ইয়াৰ আকৱতি "ৈ" এনে হয়
the twelfth letter of the alphabet
- ঐ আইai, āi
অব্য মৰম প্ৰকাশ কৰি মতা মাত; পুতৌ কৰা মাত
an exclamation of pity
- ঐককেন্দ্ৰিকoi.ko.ken.drikProper Adj.
এটা উমৈহতীয়া বা সাধাৰণ কেন্দ্ৰ থকা (বৃত্ত বা চক্ৰ)
having a common center (as circles or spheres)
- ঐকতানoi.ko.tanAbstract Noun
সংগীত আৰু/বা বাদ্যযন্ত্ৰৰ ৰাজহুৱা পৰিৱেশন৷
A performance of music by players or singers not involving theatrical staging.
- ঐকতান বাদনoi.kyo.tan ba.donAbstract Noun
সংগীত আৰু/বা বাদ্যযন্ত্ৰৰ ৰাজহুৱা পৰিৱেশন৷
A performance of music by players or singers not involving theatrical staging.
- ঐকমত্যoi.ko.mo.tyoAbstract Noun
কোনো দ্বিমত নোহোৱাকৈ সকলোৱে মানি লোৱা
Everyone agreeing without any difference of opinion
- ঐকাত্ম্যoi.kat.myoAbstract Noun
এক বা একেলগ হোৱা অৱস্থা।
the state of being one or together.
- ঐকান্তিকaikāntikaAdjective
একনিষ্ঠ; মাত্ৰ এজনক ধ্যান আদি কৰা; যেনে-"ঐকান্তিক মহামুনি যতঃ নিবৰ্ত্তিয়া বিধি-নিষেধত" (নামঘোষা)
- ঐকান্তিকতাoi.kan.ti.ko.taAbstract Noun
লক্ষ্যৰ পৰা অলপো বিচলিত নোহোৱাকৈ কোনো দিশত চিন্তা কৰা আৰু কঠোৰ পৰিশ্ৰম কৰাৰ সামৰ্থ্য আৰু প্ৰক্ৰিয়া
the ability or the process of thinking about without distraction and working hard in one direction.
- ঐকাৰaikāraNoun
ঐ আখৰ; ঐ
the letter
- ঐকিক নিয়মaikika, niẏamaNoun
এটাৰ মূল্য উলিয়াই বহুতৰ মূল্য স্হিৰ কৰা অঙ্কৰ নিয়ম
unitary method
- ঐক্যaikyaNoun
একতা; মিল
unity; harmony
- ঐক্যতানaikyatānaNoun
অনেক ৰকম বাজনাৰ মাত মিল কৰি একেলগে বজোবা বাদ্য
concert
- ঐক্যবদ্ধ হoi.kyo.bod.dho hoVerb-Intran.
To come together or combine, esp. for a common purpose or action
- ঐক্যবদ্ধতাoi.kyo.bod.dho.taAbstract Noun
এক বা একেলগ হোৱা অৱস্থা।
the state of being one or together.
- ঐক্যবদ্ধভাৱেoi.kyo.bod.dho.bha.beAdverb
কেইবাজনো ব্যক্তিৰ শ্ৰমৰ অৱদানেৰে কৰা
carried out by a number of people with contributed efforts
- ঐক্যভাৱoi.kyo.bhawAbstract Noun
এক বা একেলগ হোৱা অৱস্থা।
the state of being one or together.
- ঐক্যমতoi.kyo.motAbstract Noun
কোনো দ্বিমত নোহোৱাকৈ সকলোৱে মানি লোৱা
Everyone agreeing without any difference of opinion
- ঐক্যসাজMaterial Noun
সেনা-বাহিনীৰ সদস্য বা স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে পিন্ধা একে ধৰণৰ সাজ-পাৰ
the special set of clothes worn by all members of an organization or a group at work, or by children at school
- ঐক্যাভাৱoi.kya.bhabAbstract Noun
মতৰ মিল নথকা৷
A conflict or difference of opinion.