কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ও’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ওo
স্বৰৰ ত্ৰয়োদশ আখৰ; ব্যঞ্জনৰ লগত যোগ হ'লে "ো" এনে ৰূপ ধৰে
the thirteenth letter of the alphabet
- ওঁom̐Indeclinable
শলগা, হয় বোলা স্বীকাৰ কৰা, পাহৰা কথা সোঁবৰা বুজোবা মাত
an expression denoting assent
- ওঁঠom̐ṭhaNoun
মুখৰ বাহিৰ আৰু দাঁতৰ ওপৰত থকা দুচলা মঙহ বা মঙহৰ ছাল [যাৰ দ্বাৰা বস্ত্ত মুখৰ ভিতৰলৈ নিয়া আদি কাম কৰা যায়]
a lip
- ওঁঠ কটাo’~th ko.taProper Adj.
ওপৰ ওঁঠৰ মাজ ভাগত প্ৰয়ে নাকৰ মজলৈকে থকা কটা চিন ৷
A cleft is a fissure or opening—a gap upon the lip and cleft. Or it is a cut mark upon the uper lip and under the nose with cleft up to palate.
- ওঁঠ চেলেক্
নিৰাশ হৈ লাজ পা; পাজত পৰি নিমাতে থাক্; . লাজ দি কথা ক'ব নোবৰা কৰ্
to feel ashamed by disappointment, etc ; to put to shame
- ওঁঠ-পাতলAdjective
চেলেপু; বাদ-বিচাৰ নকৰি কথা কৈ ফুৰা; মুখত যি আহে তাকে কোবা; পেটত কথা ৰাখিব নোবৰা
careless in speaking; speaking without any restraint
- ওঁঠ-সদৃশVerbal Noun
ওঁঠ সম্পৰ্কীয় বা ওঁঠৰ দৰে
relating or similar to the lips
- ওঁতom̐taNoun
আঁত; মেৰাই খোবা সূতাৰ মূৰ
the free end of a ball or skein of thread
- ওঁহom̐ha
অব্য অনিচ্ছা বা অমাস্তি বুজোবা মাত
a particle signifying dissent or unwillingness
- ওংকাৰo`ng.karProper Noun
বেদৰ মূল মন্ত্ৰ৷ ঈশ্বৰৰ স্ৰজন, পালন আৰু সংহৰণ এই তিনি শক্তি বুজোৱা শব্দ৷ ‘অ’, ‘উ’ আৰু ‘ম’ এই তিনিটা ধ্বনি মিলি ওঁ হৈছে৷ ‘অ’ মানে পালন কৰ্তা বিষ্ণু, ‘উ’ মানে সংহাৰ কৰ্তা শিৱ, আৰু ‘ম’ মানে সৃষ্টি কৰ্তা ব্ৰহ্মা৷ সৃষ্টি, স্থিতি আৰু পলয়ৰ অধিকাৰী পৰম ঈশ্বৰৰ স্বৰূপক ‘প্ৰণৱ’ ওঁ শব্দই একে আখৰৰে চমুকৈ এক মূৰ্হুত্বতে বিজ্ঞাপন কৰে দেখি ওঁ পৱিত্ৰ আৰু জপৰ বিধান৷
The supreme and most sacred syllable, consisting in Sanskrit of the three sounds (a), (u), and (m), representing various fundamental triads and believed to be the spoken essence of the universe. It is uttered as a mantra and in affirmations and blessings. this mantric word thought to be a complete expression of Brahman and interpreted as having three sounds representing Brahma or creation, Vishnu or preservation, and Siva or destruction, or as consisting of the same three sounds, representing waking, dreams, and deep sleep, along with the following silence, which is fulfillment.
- ওকo`kVerbal Noun
The act of ejection of the contents of the stomach through the mouth; the content ejected in this manner
- ওকগছo’k.gosProper Noun
উত্তৰ গোলাৰ্দ্ধৰ দেশসমূহত উপলভ্য টান কাঠৰ এক ডাঙৰ গছ।
A large tree with hardwood, Common in Northern countries; Large tree with that produces small nuts.
- ওকট-পাকটNoun
উকট-পাকট্।
- ওকট্okaṭTransitive verb
গোবৰ আদি বেয়া বস্ত্ত খুঁচৰি তল-ওপৰ কৰ্; গূ, মূত, আদি পেলা
to turn up; to tear asunder; to upturn or remove dirt
- ওকণিokaṇiNoun
চুলিৰ পোক; বিঢ়া, ডেকেৰুবা, পিজলি, লেখি- ওকণি চোবাঁ
a louse
- ওকণি চা
চুলিৰ মাজত ওকণি খেপিয়াই খুটিয়াই মাৰ্
to search for, and kill lice on the head
- ওকণি-শিৰNoun
নাকৰ পোন ধৰি মূৰৰ সোঁ-সাজ
the middle of the head (marked by a line from the nose, over the forehead, to the centre of the shoulders)
- ওকলাokalāNoun
মুখৰপৰা ওকালি বা উলিয়াই পেলোবা বস্ত্ত
anything vomitted or thrown out from the mouth
- ওকল্okal
উকল্।
- ওকালNoun
বাঁতি আহিৰৰ উপক্ৰম
retching; vomitting tendency