কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ই’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ইন্দ্ৰকৰ্মাin.dro.kor.maProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- ইন্দ্ৰচাপindracāpaNoun
ইন্দ্ৰধনু; ৰামধেনু; যেনে-"তথি কৰু ইন্দ্ৰচাপ পৰকাশা" (পাৰিজাত-হৰণ)।
- ইন্দ্ৰজাঠিindrajāṭhiNoun
ইন্দ্ৰৰ অস্ত্ৰ বা বজ্ৰ; যেনে-"ইন্দ্ৰজাঠি সদৱশ পৰিঘ লোহাশৰে" (মা. ক. লঙ্কাকাণ্ড)।
- ইন্দ্ৰজালindrajālaNoun
ভেলেকি; ছল কৰা বিদ্যা; চৌষষ্ঠি কলা-বিদ্যাৰ এটা; মন্ত্ৰজাল; যাৰ দ্বাৰা এটা বস্ত্তক আন এটা বুলি দেখুওবা হয়
magic; jugglery
- ইন্দ্ৰজালবিদ্যাin.dro.jal.bi.dyaAbstract Noun
অশুভ শক্তিৰ সহায়েৰে অলৌকিক কৰ্মকাণ্ড দেখুৱা কাৰ্য্য বা সেই সম্পৰ্কীয় বিদ্যা
the art, practices, or spells of a person who is supposed to exercise supernatural powers through the aid of evil spirits; black magic; witchery.
- ইন্দ্ৰজালিকCommon Noun
যাদুৰ কৌশল জনা লোক৷
a person who can do tricks as entertainment.
- ইন্দ্ৰজিতindrajitaNoun
যি ইন্দ্ৰক জয় কৰিছিল; ৰাবণৰ পুতেক [মায়া বলেৰে মেঘৰ আঁৰত লুকাই যুদ্ধ কৰাত পাৰ্গত বুলি এওঁৰ এটা নাম মেঘনাদ, এওঁক লক্ষ্মণে বধ কৰে]
a son of Rāvaṇa
- ইন্দ্ৰজিত-মালতীindrajita-mālatīNoun
এবিধ মজলীয়া আকাৰৰ চিৰিলিপতীয়া কাঁইটীয়া গছ আৰু তাৰ সৰু, ঘূৰণীয়া সুগন্ধি ফুল।
- ইন্দ্ৰজিৎin.dro.jitProper Noun
ৰাৱনৰ এজন পুত্ৰ ৷ মেঘৰ মাজত লুকাই যুদ্ধ কৰিব পাৰিছিল বাবে তেওঁক মেঘনাদ বুলিও জনা যায়৷ এওঁ ৰাম ৰাৱনৰ যুদ্ধত লক্ষ্মনৰ হাতত মৃত্যু হয় ৷
A son of Ravana, who fought against the Rama amidst from the clouds.
- ইন্দ্ৰত্বindratbaNoun
ইন্দ্ৰৰ পদ আৰু ঐশ্বৰ্য্য
the office and dignity of Indra
- ইন্দ্ৰদাৰুin.dro.da.ruCommon Noun
দেৱদাৰু, ই এবিধ আকৃতিত মেজি ঘৰটোৰ দৰে জোঙা হৈ ক্ৰমে ওপৰলৈ আগবঢ়া চিৰসেউজীয়া গছ ৷ হিমালয়ৰ উত্তৰআঞ্চল, তিব্বত আৰু নেপালত ১৫০০ মি,-৩২০০ মি, উচ্ছতাত এই গছবিধ হোৱা দেখিবলৈ পোৱা যায় ৷ ইয়াৰ পাতবোৰ বেজিৰ দৰে জোঙা ৷
Deodar or Debadaru; is a species of cedar native to the north-central Himalayas of India (Himachal Pradesh, Uttarakhand and Kashmir), Tibet and western Nepal, occurring at 1500-3200 m altitude. It is a evergreen tree. The leaves are needle-like. Reaching 40-50 m tall, with a trunk up to 3 m diameter. It has a conical crown with level branches.
- ইন্দ্ৰদ্যুয়indradyuẏaNoun
অবন্তী দেশৰ ৰজা [এবেঁই জগন্নাথৰ মূৰ্ত্তি স্হাপন কৰে]
the name of a king who set up the idol of Jagannātha at Puri
- ইন্দ্ৰধনুindradhanu
ৰামধেনু
the rain-bow
- ইন্দ্ৰধেনুindradhenu
ৰামধেনু
the rain-bow
- ইন্দ্ৰধ্বজindradhbajaNoun
প্ৰজাৰ মঙ্গলৰ কাৰণে আগেয়ে ৰজাবিলাকে ভাদ মাহৰ শুক্লা দ্বাদশীত পুতি উৎসবেৰে সৈতে পূজা কৰা নিচান-বিশেষ; যেনে-"বিমুকুত কেশপাশ হাড় বিহৰিল। যেনে ইন্দ্ৰধ্বজ-গোট ভূমিত পড়িল" (দশম)।
- ইন্দ্ৰনাথProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- ইন্দ্ৰনীলindranīlaNoun
মৰকত মণি; নীলকান্ত মণি
emerald
- ইন্দ্ৰনীলময়indranīlamaẏaAdjective
অতি উত্তম নীল বৰণৰ
of the excellent indigo colour
- ইন্দ্ৰনীলময় প্ৰতিমাindranīlamaẏa, pratimā
এতিয়াৰ জগন্নাথৰ মূৰ্ত্তিৰ ঠাইত আগেয়ে থকা প্ৰতিমা [ইয়াক চাই সকলোবে উদ্ধাৰ হৈ স্বৰ্গলৈ যোবাটো বাৰণ কৰিবৰ নিমিত্তে যম ৰজাই ইয়াক বালিৰে ঢাকি পেলালে বুলি কথিত আছে]; যেনে-"যম ৰাজা বোলে ইটো ক্ষেত্ৰ মাজে সাৰ। ইন্দ্ৰনীলময় আতে প্ৰতিমা তোমাৰ" (কীৰ্ত্তন)।
- ইন্দ্ৰপত্নীin.dro.pot.niProper Noun
হিন্দু ধৰ্মৰ এগৰাকী দেৱী আৰু দেৱৰাজ ইন্দ্ৰৰ ধৰ্মপত্নী৷
A Hindu goddess and wife of Indra.