← ফুৰি যাওক

আ

ā

অৰ্থ

1.

স্বৰবৰ্ণৰ দ্বিতীয় আখৰ।

2.

শব্দৰ আগত উপসৰ্গ স্বৰূপে (ক) সীমা; পৰ্যান্ত; যেনে-"আজীবন"; "আকণ্ঠ"। (খ) অসুময়; অনুপযুক্ত; যেনে-"আবতৰীয়া"। (গ) ঈষৎ; অলপ; যেনে-"আভাষ"। (ঘ) বিপৰীত; বিপক্ষ; যেনে -"আগমন"। (ঙ) মন্দ; যেনে-"আকাল" ইত্যাদি অৰ্থত বহে।

3.

প্ৰত্যয়- বিশেষ-(ক) ওপজা; যেনে-"আহিনা"। (খ) সদৱশ; যেনে-"লাউমূৰা"। (গ) যুক্ত; যেনে -"খঁৰা-নকা"। (ঘ) স্বাৰ্থত; যেনে-"ক'তা; নঙঠা"। (ঙ) সম্বন্ধ বুজাবলৈ; যেনে -"গঞা"।

4.

[সৰ্ব্ব. এখেত; এইজন; যেনে-"আন্ত হন্তে হোবে সৱষ্টি স্হিতি জগতৰ" (দশম)।

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ