কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খান্দিkhāndiNoun
নেছা; মেৰাই গাঁঠি দি ভাগ কৰি থোবা সূতা
a skein of thread
- খান্দ্khāndTransitive verb
খান্
to dig
- খান্দৰিkhāndariNoun
গুণঠি সুমাবৰ নিমিত্তে মোকোটাই বা মেৰাই বন্ধা জৰীৰ মেৰ; যেনে-"পঘা বা মণিৰ খান্দৰি"
a loop
- খাপkhāpaNoun
লুকাই বাট চাই থকা কাৰ্য্য; কাৰো অনিষ্ট কৰিবৰ নিমিত্তে চল চাই ৰৈ থকা কাৰ্য্য
act of lying in wait; ambuscade
- খাপ খাkha.p khaVerb-Trans.
মিলি পৰ, সোমাই যা
to fit or mix properly in a group, environment etc.
- খাপ খোৱাkhap kho’waProper Adj.
নিৰ্দ্দিষ্ট স্থানত কপকপীয়াকৈ লগা বা বান্ধ খাই পৰা; প্ৰয়োজনীয় আকাৰতকৈ মাত্ৰ অকণমান সৰু।
Fixed or fastened firmly in place; just smaller than the required size.
- খাপ দি, খাপ স
to ambuscade; to lie in ambush
- খাপ দি, ধৰিবৰ কাৰণে লুকাই ৰৈ থাক্Intransitive verb
to lie in wait
- খাপ পাত্khap patVerb-Intran.
আক্ৰমণ কৰাৰ উদ্দেশ্যে লুকাই ৰৈ থাক্।
to lie in wait so as to attack.
- খাপ লkhap loVerb-Intran.
আক্ৰমণ কৰাৰ উদ্দেশ্যে লুকাই ৰৈ থাক্।
to lie in wait so as to attack.
- খাপচাৰাkhap.sa.raAbstract Noun
মতৰ মিল নথকা৷
A conflict or difference of opinion.
- খাপাkhāpāNoun
অনিষ্ট কৰিবলৈ হোবা আন্তৰিক ইচ্ছা
a secret with to injure
- খাপিkhāpiNoun
খান্দি; জৰীৰে গঁঠা মণিৰ ভাগ; যেনে-"মণিধাৰ কেইবাখাপি কৰি গুঁঠিছে"
a division in a string of beads
- খাপে-খাপেkha.pe-kha.peAdverb
এটা স্তৰ বা অৱস্থাৰ পৰা আনটোলৈ ক্ৰমান্বয়ে।
from one stage to the next in sequence.
- খাপৰkhāpara
বি এবিধ গধুৰ আৰু বহল মুখেৰে ষাঠি
a big and heavy spear
- খাপৰিkhāpariNoun
ঘৰ ছাবৰ নিমিত্তে চটাচট্কৈ গঢ়ি ভটাত পোৰা মাটি
a tile
- খাবkhābaNoun
কোনো বস্ত্ত কোবাই দূৰলৈ পেলোবা কাৰ্য্য
the act of throwing a thing at a distance by striking with a rod, etc.
- খাবনkhābanaNoun
খোবাৰ কাৰ্য্য; খোবাৰ ধৰণ; -"তাৰ খাবনখন দেখি মোৰ হাঁহি উঠিল"
act or mode of eating
- খাবনিkhābaniNoun
জবকা
a rack; a scraper
- খাবলাkhābalāNoun
দ-ঠাই; খোল
a hollow; a cavity