কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দহটেনীdahaṭenīNoun
দোৰ্পতি।
- দহদহীয়াdahadahīẏāAdjective
নিশ্চয়; লৰচৰ নোহোবা
certain; permanent
- দহনdahanaNoun
পোৰা কাৰ্য্য
the act of burning
- দহন-বহনdahana-bahanaNoun
মৱতকক মৰিশালিলৈ নিয়া আৰু খৰি দিয়া কাৰ্য্য
the act of carrying and burning a dead body
- দহনখীয়াdahanakhīẏāAdjective
দুই হাতৰ দহ নখেৰে খামুচি পোবা; দুই হাতৰ আঙুলিৰ মূৰেৰে মেৰাই ঢুকি পোবা
as thick as can be grasped with the ten fingers of the two hands
- দহনশীলdo.hon.xilProper Adj.
যি সহজে জ্বলি উঠিব পাৰে
something which can catch fire easily
- দহনুdahanuNoun
জুই; যেনে-"অধিকে মিলল মোহ বিৰহ-দহনু দহে তনু ধৰণ নযায়" (বৰগীত)।
- দহাdahāNoun
মৰাৰ দহদিনৰ পাছত কৰা প্ৰেত-ক্ৰিয়া
a ceremony performed on the tenth day after death
- দহা- কাজ
দহন আৰু তাৰ পিছৰ প্ৰেত-ক্ৰিয়া।
- দহা-কাজdo.ha-kajAbstract Noun
মৃতকৰ আত্মাৰ সদ্গতিৰ অৰ্থে মৃত্যুৰ নিৰ্দ্ধাৰিত সময়ৰ পাছত পালন কৰা ধৰ্ম্মীয় ৰীতি-নীতি আৰু প্ৰাৰ্থনা।
religious rites carried out after specified time since the actual demise of somebody for the peace of his/her soul.
- দহিdahiNoun
আঁচল বা কাপোৰৰ আগত ওলমি থকা দীঘল সূতা
the loose threads left at the ends of a woven cloth; fringe
- দহি-কচুdahi-kacuNoun
এজাতি কচু
a variety of arum
- দহিকটাdahikaṭāNoun
কাপোৰ বৈ অঁটালে সূতাৰ মূৰত বাঢ়ি থকা আৰু কাটি পেলোবা সূতাখিনি
the un woven superfluous end of the warp cut off
- দহিকটা
(thread worm)
- দহিকতৰাdahikatarāNoun
এবিধ চৰাই।
- দহিদলdahidalaNoun
দেও-কাতৰা।
- দহিদল কৰ্dahidala, kar
কাটি খান্তাং কৰ্; ধ্বংস কৰ্; যেনে-"জঙ্গল কাটি দহিদল কৰিলে"
to lay waste; to destroy
- দহোকুৰিdahokuriAdverb
অবশ্যে; যেনেতেনে; অন্যথা নোহোবাকৈ
without fail; positively
- দহোটীয়াdahoṭīẏāNoun
দহজন পাইক বা হজুবাৰ ওপৰৰ বিষয়া
the headman over ten work-men
- দহ্dahTransitive verb
পোৰ্; পুৰি ছাই কৰ্; দগ্ধ কৰ্
to burn