কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰঞ্জকবিহীনProper Adj.
কোনো বিশেষ ৰং বা ৰঞ্জক নথকা
with a marked deficiency in pigmentation
- ৰঞ্জকহীনProper Adj.
কোনো বিশেষ ৰং বা ৰঞ্জক নথকা
with a marked deficiency in pigmentation
- ৰঞ্জনNoun
বৰণ লগাই শোভিত কৰা কাৰ্য্য
the act of painting
- ৰঞ্জন ৰশ্মিron.jon ros.miAbstract Noun
Electromagnetic radiation of short wavelength, able to pass through opaque bodies
- ৰঞ্জিতAdjective
ৰং বা বৰণৰ দ্বাৰা শোভিত
painted
- ৰঞ্জুমণিAbstract Noun
মনোৰম মণি
a charming bead.
- ৰঞ্জ্rañjTransitive verb
বৰণ লগাই শোভিত কৰ্; চিত্ৰিত কৰ্
to paint
- ৰটনাro.to.naAbstract Noun
সাধাৰণতে মুখে-মুখে প্ৰচাৰিত হোৱা অজান উৎসৰ পৰা ওলোৱা সত্যাসত্য নিৰূপণ নোহোৱা তথ্য বা খবৰ
A piece of unverified information of uncertain origin usually spread by word of mouth
- ৰটনিro.to.niAbstract Noun
সাধাৰণতে মুখে-মুখে প্ৰচাৰিত হোৱা অজান উৎসৰ পৰা ওলোৱা সত্যাসত্য নিৰূপণ নোহোৱা তথ্য বা খবৰ
A piece of unverified information of uncertain origin usually spread by word of mouth
- ৰটি ফুৰ্ro.ti phurVerb-Intran.
আনৰ বিষয়ে কৈ ফুৰ্, বিশেষকৈ আনৰ দুৰ্ণাম বখান্
to talk about other people, particularly to speak ill of others
- ৰট্raṭIntransitive verb
কাউৰীৰ দৰে মাত
to caw, as a crow
- ৰণraṇaNoun
যুদ্ধ
war
- ৰণ নৃত্যAbstract Noun
ৰণলৈ যোৱাৰ আগতে বা যুদ্ধ জয়ৰ পাছত কৰা এক নৃত্য বিশেষ
a ceremonial dance performed before a battle or to celebrate victory
- ৰণ-ঘোঁৰাraṇa-ghom̐rāNoun
বন্দুকৰ ঘোঁৰা
the hammer or cock of a musket
- ৰণ-চণ্ডীraṇa-caṇḍīNoun
মহিষাসুৰৰ লগত যুদ্ধ কৰোঁতে দুৰ্গাই ধৰা ৰূপ
a form of Durgā
- ৰণ-চালিraṇa-cāliNoun
যুদ্ধৰ কুছ্ কাবাজ।
- ৰণ-ছেৰraṇa-cheraAdjective
ৰণ এৰি বা অতিক্ৰম কৰি যোবা; যেনে-"কি কৰিব ৰণছেৰ দেবতাৰ বাদে" (দশম); "ত্ৰিদশক জিনিঃ ৰণছেৰ কৰিঃ কীৰিতিক বৰ খৈলোঁ" (মা. ক., অৰণ্যকাণ্ড)।
- ৰণ-জেউতিraṇa-jeutiNoun
যুদ্ধ কৰিবলৈ হোবা উৎসাহ; ৰণ কৰিবলৈ হোবা ব্যগ্ৰতা
enthusiasm or impatience for war
- ৰণ-পলৰীয়াraṇa-palarīẏāAdjective
যুদ্ধ-ক্ষেত্ৰৰপৰা পলাই সৰা; ৰণ-ভগনীয়া
flying from the battlefield
- ৰণ-ভগনীয়াraṇa-bhaganīẏāNoun
ৰণত হাৰি বা আন দেশলৈ পলাই যোবা মানুহ
fugitive; one fleeing from his country for fear of enemy in war