কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যাচ্jasVerb-Trans.
কাৰোবাক কোনো বস্তু নিবিছৰাকৈ বা নোখোজাকৈ দিয়া।
To give something to someone without being asked.
- যাজকyājakaNoun
পুৰোহিত; আনৰ নিমিত্তে পূজা কৰি দিয়া বামুণ
a priest conducting a sacrifice for another
- যাজনyājanaNoun
যাজকৰ কাৰ্য্য; পূজা, হোম আদি কৰোবা কাৰ্য্য
the duties of a priest; act of officiating at or conducting a sacrifice
- যাজ্ঞবল্ক্যyājñabalkyaNoun
স্মৱতি-শাস্ত্ৰ কৰা এজনা প্ৰাচীন মুনিৰ নাম
the name of an ancient Hindu saint and legislator
- যাজ্ঞসেনীyājñasenīNoun
দ্ৰৌপদী
a name of Draupad ī
- যাজ্ঞিকyājñikaAdjective
যজ্ঞ কৰা; যজ্ঞত লগোবা
performing a sacrifice; used in a sacrifice
- যাঠিyāṭhiNoun
এডাল দীঘল গোটা মাৰিৰ এমূৰে এচটা দীঘলীয়া চেপেটা দুই দাঁতিত ধাৰ থকা জোঙা লো লগোবা আৰু ইমূৰে গোটা জোঙা লোৰ শূল লগোবা এবিধ অস্ত্ৰ; শূল
a spear; a lance
- যাঠি-পতীয়াAdjective
যাঠিৰ আগৰ নিচিনা চেপেটা দীঘলীয়া আৰু জোঙা
resembling the leaf or blade of a lance
- যাঠীja.thiAbstract Noun
দীঘলীয়া জোং থকা মাৰি,যাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়।
A thrusting or throwing weapon with a long shaft and pointed tip.
- যাঠী-নিক্ষেপণAbstract Noun
প্ৰায় ২.৫ মিটাৰ দৈৰ্ঘ্যৰ এডাল কম ওজনৰ যাঠী হাতেৰে দলিওৱা এটা খেল৷
The Javelin throw is a track and field event where the javelin, a spear about 2.5 m (8 ft 2 in) in length, is thrown.
- যাতনাyātanāNoun
যন্ত্ৰণা; উগ্ৰ বেদনা বা পীড়া
acute pain or suffering
- যাতায়তja.ta.yotVerbal Noun
যিকোনো ধৰণৰ বাহনৰ চলাচল
the movement of vehicles, ships, persons in an area, along a street, through an air lane, over a water route
- যাতায়াতyātāẏātaNoun
অহা-যোবা কাৰ্য্য; গমনা-গমন
the act of going and coming; frequenting
- যাতে-তাতেyāte-tāteAdverb
যেই সেই মানুহত।
- যাতোyātoIndeclinable
যি হেতু; যি কাৰণে; যি গুণে; গতিকে
as; for as much as; because
- যাত্ৰাyātrāNoun
চলন; গমন; ভ্ৰমণ; গতি
travel; journey
- যাত্ৰা কৰ্jat.ra korVerb-Intran.
নিজৰ স্থান সলনি কৰ্
to change physical location or position
- যাত্ৰা-ভঙ্গNoun
কোনো ঠাইলৈ যোবাত ঘটা বাধা বা বিঘিনি
an interruption or obstacles to a journey
- যাত্ৰাৰম্ভ কৰ্jat.ra.rm.bho korVerb-Intran.
যাত্ৰা বা ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰ্
to begin or embark on a journey
- যাত্ৰীyātrīNoun
যাত্ৰা কৰা মানুহ; ভ্ৰমণ-কাৰী; বিদেশত ফুৰিবলৈ যোবা লোক
a passenger; a traveller