কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টাঙ্নাṭāṅnāNoun
তেজী মতা ঘোঁৰা
a smart horse
- টাঞ্জানিয়াtan.ja.ni.yaProper Noun
পূব আফ্ৰিকাৰ এখন দেশ।
Tanzania, officially the United Republic of Tanzania, is a country in East Africa in the African Great Lakes region.
- টাটকṭāṭakaNoun
বাজী; মিছাক সঁচা আৰু সঁচাক মিছা যেন কৈ দেখুওবা বিদ্যা; ভেলেকী বিদ্যা
jugglery
- টাটক-নাটকṭāṭaka-nāṭakaNoun
ভেলেকী বিদ্যা
jugglery
- টাটকীয়াṭāṭakīẏāAdjective
বাজী জনা; ভেলেকী বিদ্যা জনা
versed in jugglery
- টাটাInterjection
এজন ব্যক্তিয়ে আন এজনৰ ওচৰৰ পৰা আঁতৰি যোৱা৷
an expression used when a person is parting from another.
- টাটীṭāṭīNoun
বাৰী বা খেত ৰক্ষা কৰিবৰ নিমিত্তে বাঁহৰ কামী, খাগৰি আদি ঘনকৈ বৈ দিয়া ডাঠ বেৰা; আবুৰ ৰাখিবৰ নিমিত্তে দিয়া সেই নিচিনা বেৰৰ আঁৰ; চকোবা
a thick fence of split bamboos or reeds
- টাট্কাtat.kaProper Adj.
তেনেই নতুনকৈ তৈয়াৰ কৰা, অলপো বেয়া নোহোৱা ৷
Recently made, produced, or harvested; not stale or spoiled
- টাটৰṭāṭaraNoun
গাত হৈ লাগি ধৰা বা বন্ধ যোবা মলি; কৰপা মৰি ধৰা মলি
dirt accumulated on the skin
- টাটৰিṭāṭariNoun
গাত হৈ লাগি ধৰা বা বন্ধ যোবা মলি; কৰপা মৰি ধৰা মলি
dirt accumulated on the skin
- টানṭānaAdjective
কঠিন; কোমল নোহোবা
hard
- টান কথা কtan ko.tha koVerb-Trans.
কটু কথা কৈ কাৰোবাক সমালোচনা বা ককৰ্থনা কৰ্
to reprimand by uttering sharp words
- টান ধৰ্ṭāna, dhar
আঁট খাই লাগ্; লৰচৰ নোহোবাকৈ ধৰ্
to adhere tightly; to stick to firmly
- টান পা
টান বস্ত্তত লাগি দুখ পা; কষ্ট পা
to have pain from contact with a hard body; to suffer
- টান মাৰtan marVerb-Trans.
গোটা বা কঠিন ৰূপ ল
to become thick or solid
- টান মাৰ্
গোট বান্ধ্; ঢিলা গুচি টান হ
to harden; to congeal
- টান হtan hoVerb-Trans.
গোটা বা কঠিন ৰূপ ল
to become thick or solid
- টানকাঠtan.kathCommon Noun
টানকাঠৰ গছ, যেনেঃ নাহৰ বা এনে গছৰ কাঠ৷
trees of very hard wood.
- টানি আন্ta.ni anVerb-Trans.
কোনো বস্তুত ধৰি নিজৰ গাৰ ফালে জোৰ দে
to force sth towards oneself by physically holding it
- টানি-টুনিṭāni-ṭuniAdverb
আঁজুৰি-পিঁজুৰি; বহু টনা-টনিকৈ
dragging with difficulty