কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খুপি-খুপিkhu.pi-khu.piVerbal Adj.
সাৱধানে, লাহে লাহে খোজ আগবঢ়াই
With caution and carefull steping.
- খুপৰিkhupariNoun
ভালকৈ পোহৰ নপৰা খোটালি; খোঁক
a small darkroom
- খুবkhubaAdjective
অতিশয়; বহুত
very much; excessive
- খুব সম্ভৱkhub xom.bhobAdverb
may be,to have a chance to occur
- খুবকৈkhub.koiAdverb
happening or doing sth in excessive manner
- খুবচুৰতkhubacurataAdjective
সুন্দৰ
beautiful
- খুবছুৰতkhubachurataAdjective
সুন্দৰ
beautiful
- খুবলিkhubaliNoun
গাঁৰিশলি; ঢেঁকীৰ ধান বনা, শস্য খুন্দা শিল বা কাঠৰ খোৰোং বা খোলনি
a block of wood or stone with hole on one side for pounding or clearing rice with the pestle
- খুবাkhubāTransitive verb
to cause to drink or eat; to feed
- খুবা-খুবীAbstract Noun
বিয়াৰ তিনিদিনৰ দিনা নতুন দম্পতীৰ মঙ্গলৰ বাবে পতা এক অনুষ্ঠান
A function or ritual organized on the third day of the marriage
- খুবাই-পিন্ধাইTransitive verb
প্ৰতিপাল কৰ্
to bring up or nourish
- খুবান-ধুবানkhubāna-dhubānaNoun
খুউবা-ধুউবা; আলৌ-উঠৌ কৰা আৰু শোধপোছ কৰি ঘাব-ব'বলৈ দি কৰা শুশ্ৰুষা; যেনে-"দক্ষিণপাটত খুবান-ধুবান ৰং-ঢং সকলো কিছু বাঢ়িল"
entertainment; hospitality
- খুমkhumaNoun
কোনো কাৰ্য্য কৰিবলৈ থকা ক্ষমতা; পাৰ্গতালি
ability
- খুম খাkhuma, khā
খুন্দা খা।
- খুম মাৰ্
ঠুম মাৰ্; মূৰেৰে খুপন্দা মাৰ্
to butt (as an animal)
- খুম-খেদাkhuma-khedāNoun
এবিধ ল'ৰাই খেলা ধেমালি।
- খুমতাkhumatāNoun
চিকুট; দুই নখেৰে মৰা চেপা
pinch
- খুমতিয়াkhu.mo.ti.yaVerb-Trans.
দুটা আঙুলিৰ নখেৰে চেপি দুখ দে
to squeeze with the finger nails
- খুমুচিkhumuciNoun
নাগেৰা বা তবলাৰ আকৱতিৰ এবিধ ছালেৰে ছোবা এমুখীয়া বাদ্য
a kind of one-faced drum of conical shape
- খুম্প্khumpIntransitive verb
খাপ দি; যেনে-"কুবলয়পীড়ে হাতিয়াৰে আছে খুম্পি।" (দশম)
to lie in wait