কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কঁকালভগা
দুৰ্ব্বল; ক্ষমতাশূন্য।
- কঁকালান্ধিNoun
কঁকালৰ পাছফালে হোবা বিষ
lumbago
- কঁকালিNoun
কঁকালত বন্ধা জৰী; কটি-সূত্ৰ; পেটি
a string tied round the waist; belt
- কঁকালীAdjective
কঁকালত বন্ধা; কঁকাল-সম্বন্ধীয়
relating to waist
- কঁকালী-জৰীko~.ka.li-jo.riCommon Noun
কঁকালত বন্ধা সূতা বা সূতাসদৃশ অন্য ভূষণ|
A string or a band of material around the waist that strengthens a skirt or trousers.
- কঁকালীসজীয়াProper Adj.
Tall, slender, and graceful.
- কঁকিলাkam̐kilāNoun
এবিধ বগা, গোটা মুখত দীঘল দাঁত থকা মাছ; বয়সত এবেগেত, এমুঠনমান দীঘল হয়; কোনোবে ইয়াক ঢোল-মাৰি আৰু ইয়াৰ পোনাক খৰিকাজিৰা বোলে
a kind of white, round and long fish; the belone concila
- কঁকিলা-দাঁড়
কঁকিলা মাছৰ দাঁড় বা ঠোঁট
the snout of a belone concila
- কঁকিলা-সজীয়াAdjective
কঁকিলা মাছৰ সাজ বা গঢ়ৰ; কঁকিলা মাছৰ নিচিনা দীঘল, গোটা আৰু গা-লাহী
long and slender
- কঁকিয়াkam̐kiẏāTransitive verb
কাঁকৈৰে চুলিৰ জঁট ভাং; কাঁকৈৰে মূৰ আঁচোৰ্
to comb
- কঁকীলা সজীয়াko~.ki.la xo.jiyaProper Adj.
বেছি মঙহ বা চৰ্ব্বী নথকা; শকত নোহোৱা
without much flesh or fat; not plump or fat
- কঁচkam̐caTransitive verb
ডোখৰ ডোখৰ নকৰাকৈ ঘনকৈ আঁক বা আঁচ দি কাট্; নিছিগাকৈ ৰেপি কাট্; কাঁচ্
to mince or chop without cutting into pieces (as meat, etc.)
- কঁচ্ko~sVerb-Trans.
টুকুৰা বা ডোখৰ-ডোখৰ নকৰাকৈ ৰেপি-ৰেপি কাট্ (মাংস, মাছ আদি)
to mince or chop without cutting into pieces (as meat, fish etc.)
- কঁজলাko~.jo.laAbstract Noun
অলপ নীলবৰণীয়া বগা ৰং
Of white tinged with blue.
- কঁটালিkam̐ṭāliNoun
পাত নথকা আৰু গাত সৰু সৰু কাঁইট থকা এবিধ পানীৰ তলত হোবা বন
a kind of thorny weed growing under water and having no leaves
- কঁটাল্kam̐ṭālTransitive verb
কঁড়াল্; গাঁঠিৰ আখি বা ঠেঙুলি গুচাই নিমজ কৰ্; জেং-জাবৰ গুচাই সল্সলীয়া কৰ্
to cut off or remove the branches, etc., from the main stem
- কঁটিয়াkam̐ṭiẏāTransitive verb
অতি সৰহকৈ বা বলেৰে মুখত সূমাই দি; বলেৰে টেঁটুৰ ভিতৰলৈ ভৰাই দি
to thrust into the mouth or throat
- কঁটিয়া লাগ্
চুটি-চাপৰ হৈ থাক্; বাঢ়িব নোবৰা হৈ থাক্
to be stunted in growth
- কঁটিয়া- বজৰুAdjective
নিচেই বাওনা বা নবঢ়া
stunted; dwarf
- কঁটিয়ৰিkam̐ṭiẏariNoun
সৰহকৈ লওঁতা বা কিনোতা; জালোবাৰপৰা সৰহকৈ মাছ কিনি আনি থাউকতে বেচোঁতা
a wholesale dealer in fish