কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উত্তৰাসংগut.to.ra.xong.goMaterial Noun
গা বা বিচনা ঢকা কাপোৰ, যেনে এড়ী চাদৰ, বিচনা চাদৰ
Sheet of cloth, used for covering something, typically upper part of body or bed
- উত্তৰায়ণuttarāẏaṇaNoun
সূৰ্য্যই উত্তৰফালে গতি কৰা কাল; দক্ষিণায়নৰ বিপৰীত গতি
the period of the sun's progress to the north of the equator; the summer solstice
- উত্তৰায়ণ বৃত্তut.to.ra.yon brit.toMaterial Noun
নিৰক্ষ ৰেখাৰ ২৩.৫°অক্ষাংশ উত্তৰে থকা পৃথিবীৰ কল্পিত অক্ষৰেখা ।
one of the two imaginary lines drawn around the world 23.5° north of the Equator.
- উত্তৰায়ণ-বৱত্ত
বি কৰ্কটক্ৰান্তি
the tropic of Cancer
- উত্তৰায়ণ-মণ্ডল
সূৰ্য্য উত্তৰায়ণত থকা কাল; জহ বা গ্ৰীষ্মকাল
the summer
- উত্তৰায়ণ-সংক্ৰান্তি
মাধ বিহুৰ দিন [সেইদিনা সূৰ্য্য উত্তৰ ফাললৈ পাৰ হয়]।
- উত্তৰায়ণান্ত-বৱত্তNoun
বিষুব ৰেখাৰ 23 ½ ডিগ্ৰী উত্তৰে পৱথিবীৰ ওপৰত টনা কাল্পনিক বৱত্ত বা ঘূৰণীয়া ৰেখা [এই বৱত্তই সূৰ্য্যৰ উত্তৰায়ণ গতিৰ সীমা]; কৰ্কট-ক্ৰান্তি
the Tropic of Cancer
- উত্তৰাৰ্কuttarārkaAdjective
উত্তৰায়ণ মিলা; সূৰ্য্য উত্তৰফালে যোবা; যেনে -"উত্তৰাৰ্ক দক্ষিণাৰ্ক দিনা যিটো নৰে। ৰাম কৱষ্ণ সুভদ্ৰাক দেখন্ত সাদৰে" (কীৰ্ত্তন)।
- উত্তৰীuttarīNoun
ব্ৰাহ্মণৰ বাহিৰে আন জাতিৰ কোনো কোনো মানুহে পিন্ধা লগুণ বা যজ্ঞ-সূত্ৰ; কেইবাডালো সূতা লগাই সোঁ কান্ধৰপৰা বাওঁ হাতৰ তলেদি নতুবা ডিঙিত ওলোমাই পিন্ধা জৰী
a sacred thread worn by people of some castes other than the Brāhmans
- উত্তৰীয়uttarīẏaNoun
নাভিৰ ওপৰৰ ছোবা শৰীৰত ঢিলাকৈ পেলাই ৰখা সৰু কাপোৰ
a piece of cloth loosely thrown over the upper part of the body
- উত্তৰীয়াuttarīẏāNoun
উত্তৰ দিশৰপৰা অহা (বতাহ)
blowing from the north
- উত্তৰোত্তৰuttarottaraAdverb
লাহে লাহে; ক্ৰমাৎ; ক্ৰমশঃ; বাঢ়ি বাঢ়ি; যেনে-"পূৰ্ব্বপ্ৰীতি উত্তৰোত্তৰ বৱদ্ধি হ'ব"
gradually; progressively
- উত্তৰ্uttarIntransitive verb
পাৰ হ; উদ্ধাৰ হ; পৰীক্ষা বা মহলাত উঠ; উত্তীৰ্ণ হ
to pass or cross over; to be successful at an examination or trial; to be delivered
- উত্থানutthānaNoun
উঠা কাৰ্য্য; যেনে-"গাত্ৰোত্থান"
getting up
- উত্থান-একাদশীutthāna-ekādaśīNoun
কাতি মাহৰ শুক্ল পক্ষৰ একাদশী।
- উত্থান-পতনut.than-po.tonAbstract Noun
অস্থিৰ অথবা সলনি হ’ব পৰা গুণ
The quality of being unsteady and subject to changes.
- উত্থাপক
প্ৰস্তাবক
a proposer
- উত্থাপনutthāpanaNoun
কথা তোলা বা দাঙি ধৰা কাৰ্য্য; উল্লেখ; উক্তি; প্ৰস্তাব
the act of proposing or mentioning
- উত্থাপন কৰ্uth.kha.pon korVerb-Trans.
কোনো ধাৰণা বা বুদ্ধি আলোচনাৰ বাবে বা বিবেচনাৰ বাবে আগবঢ়োৱা৷
to forward an idea for consideration, discussion, or adoption
- উত্থাপিতAdjective
উল্লিখিত; তোলা বা দাঙি ধৰা; প্ৰস্তাবিত
proposed