কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টুটকীয়াṭuṭakīẏāAdjective
আগত নথকা লোকৰ বেয়া কথা কোবা; লগনীয়া (কথা বা মানুহ)
back-biting
- টুটকীয়া কথাtut.ki.ya ko.thaVerbal Noun
লোকৰ অহিত চিন্তা কৰি অইন মানুহৰ আগত লগাই কোৱা কথা ।
Spiteful talk about a person who is not present.
- টুটকীয়ালিNoun
টুটকীয়াৰ গুণ বা স্বভাব; লোকৰ বদনাম কোবা অভ্যাস
the quality or conduct of a back-biter; the habit of back-biting
- টুটনṭuṭanaNoun
কমি যোবা কাৰ্য্য
decrease; abatement
- টুটনিṭuṭaniNoun
কমি যোবা অংশ; কম হোবা ভাগ
deficiency
- টুটন্tu.tonAbstract Noun
কোনো বস্তুক কম বা সৰু হোৱা বা কৰা কাৰ্য্য বা প্ৰক্ৰিয়া
the act or phenomenon of sth getting smaller or less
- টুটলṭuṭala
ছিগিল; যেনে-"খসল কেশ-পাশ টুটল হাৰ" (বৰগীত)।
- টুটাṭuṭāTransitive verb
কমা; তাকৰ কৰ্; হ্ৰাস কৰ্
to lessen; to decrease
- টুটাওঁতাFeminine
টুটাঁতী।
- টুটিṭuṭi
ত্ৰসৰেণু বা
- টুট্ṭuṭIntransitive verb
কম্; কম হ; কম পৰ্; ন্যূন হ; ক্ষয় হ
to be less; to decrease
- টুটৰি লাগ্ṭuṭari, lāg
শুকাই-খীণাই যা
to turn pale and thin
- টুনটুনীয়াṭunaṭunīẏāAdjective
টনটনীয়া হৈ উখহি বা ওফন্দি উঠা; ভিতৰে পূঁজ আদিৰে পূৰ হৈ ওখ হৈ উঠা (পেট বা খহু আদি)
swollen out; distended
- টুনীṭunīNoun
ঘৰচিৰিকা একোটাৰ সমান এবিধ ইটা-গুৰীয়া বনৰীয়া চৰাই
a kind of small bird
- টুনী নৈtu.ni no``iProper Noun
মাজুলি মহকুমাৰ ব্ৰহ্মপুত্ৰৰ এখন উল্লেখযোগ্য উপনৈ৷
A tributary of Brahmaputra within Majuli island of Jorhat district.
- টুপṭupaNoun
ঘৰৰ হেলনীয়া মূৰ
a gabled roof
- টুপটুপীয়াṭupaṭupīẏāNoun
চিকণ; পুষ্ট; তেজ-মঙহেৰে পূৰ; ৰস-যুক্ত; তেজাল (মুখ)
plump
- টুপলিṭupaliNoun
সৰু টোপোলা
a small bag
- টুপাṭupāTransitive verb
টুপ লগা; টুপ খুবা
a furnish with a gabled roof or the prominent part of a japi
- টুপাই বুৰ মাৰ্ṭupāi, bura, mār
ঠাইতে লুটি খা অৰ্থাৎ সমূলি মিছা মাৎ
to deny wholesale