কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পঞ্চোপচাৰpon.so`.po.sarAbstract Noun
গন্ধ, পুষ্প, ধূপ, দীপ আৰু নৈবেদ্য- এই পাঁচ উপচাৰ৷
the five materials, such as scent, flower, etc. for worshipping.
- পঞ্চৰত্নpañcaratnaNoun
পাঁচোটা বহুমূলীয়া বস্ত্ত [হীৰা, সোণ, ৰূপ, পোবাল আৰু পদ্মৰাগ; অথবা, সোণ, ৰূপ, মুকুতা, ফটিক, তাম]
a collection of five precious gems or objects
- পঞ্চৰাত্ৰpañcarātraNoun
পাঁচ ৰকম জ্ঞানৰ উপদেশ থকা-নাৰদ, গৌতম আদি ঋষিয়ে কৰা এখন বৈষ্ণবী তন্ত্ৰৰ নাম; যেনে-"নাৰদ-পঞ্চৰাত্ৰ"; "বৈশিষ্ঠ-পঞ্চৰাত্ৰ"
a sacred book composed by the sages Nārada, Gautama, etc.
- পঞ্জাpañjāNoun
কেয়োটা নখেৰে চেপি ধৰা হেঁচা
pressure applied by all the nails of the hand or foot
- পঞ্জাবpañjābaNoun
ভাৰতবৰ্ষৰ উত্তৰ-পূবফালে থকা এখন প্ৰদেশ
the Punjab
- পঞ্জাবীAdjective
পঞ্জাব দেশৰ; পঞ্জাবত জন্ম বা উৎপন্ন হোবা বা সেই দেশৰপৰা অহা
born or grown in the Punjab
- পঞ্জালpañjālaNoun
পাঁচ আঙুলিয়ে সৈতে ভৰিৰ খোজৰ চিন
foot-mark
- পঞ্জিকাpañjikāNoun
পাঁজি; দিন, বাৰ, তিথি নক্ষত্ৰাদিৰ গণনা থকা পুথি
an almanac
- পঞ্জীpon.jiMaterial Noun
নিয়মীয়াকৈ সামগ্ৰীৰ নাম আৰু আন তথ্য লিখি ৰখা লিখিত নথিপত্ৰ; ৰাজহুৱা তথ্যপাতি লিখি ৰখা বহী
a written record containing regular entries of items or details; a book or system of public records
- পঞ্জীভূত হpon.ji.bhut hoVerb-Trans.
কোনো সংগঠনৰ টোকাবহীত নিজৰ নাম অন্তৰ্ভুক্ত কৰ্
to put one's name in the register of an organization.
- পঞ্জীয়কpon.ji.yokCommon Noun
(ক) কোনো এক মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ এজন বিষয়া, যি ছাত্ৰ-ছাত্ৰীৰ নামভৰ্ত্তি তথা বিদ্যায়তনিক দিশৰ খতিয়ান ৰাখে।(খ) কোনো এক নিগমৰ এজন বিষয়া, যি তাৰ সা-সম্পত্তিৰ খতিয়ান ৰাখে।
<br>[a]An officer in a college or university who keeps the records of enrollment and academic standing. <br>[b] An officer of a corporation responsible for maintaining records of ownership of its securities.
- পঞ্জীয়নpon.ji.yonAbstract Noun
নাম তালিকা নথিভুক্তকৰণ ।
the action of registering.
- পঞ্জীয়ন কৰ্pon.ji.yon korVerb-Trans.
কোনো সংগঠনৰ টোকাবহীত নিজৰ নাম অন্তৰ্ভুক্ত কৰ্
to put one's name in the register of an organization.
- পঞ্জৰpañjaraNoun
সজা
a cage
- পটpaṭaNoun
কাকত বা কাপোৰত লিখা জন্ত্ত, গছ আদিৰ মূৰ্ত্তি; নক্সা; আকাৰ
a picture; figure; shape
- পট-বস্ত্ৰpo.to.bos.troMaterial Noun
ৰেচম বা পাট সূতাৰে বোৱা কাপোৰ।
a piece of cloth made of silk.
- পটংগীয়াpo.tong.gi.yaProper Noun
অসমৰ কোঁচ ৰজাৰ শাসন কালৰ একশ্ৰেণীৰ ৰাজহ বিষয়া ।বৰ্ত্তমান অসমৰ এটা উপাধি ।
A class of revenue officer of the Koch Kingdom of Assam. Now it is a surname of Assam.
- পটকৈpot.koiAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- পটঙ্গীয়াpaṭaṅgīẏāNoun
কোচ-ৰজাৰ দিনৰ বিষয়াৰ উপাধি এটা।
- পটন্তৰpaṭantaraNoun
কোনো কথা বুজাবলৈ দিয়া উপমা বা উদাহৰণ; দৱষ্টান্ত; যেনে-"শুই থকা শিয়ালে হাঁহ ধৰিব নোবাৰে"
an explanatory simile or proverb