কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খণ্ডাkhaṇḍāTransitive verb
খণ্ডন কৰ্; গুচা; দূৰ কৰ্; যেনে-"পাপ খণ্ডা"
to remove; to expiate
- খণ্ডিকৃতVerbal Adj.
যাক কোনো চোকা অস্ত্ৰেৰে কাটি খণ্ড কৰা বা ছেদন কৰা হৈছে
which has been made into pieces by any sharp weapon
- খণ্ডিতkhaṇḍitaAdjective
কটা; ছেদিত; ছিঙা; ডুখৰীয়া
severed; cut off; fragmentary
- খণ্ডিত কৰ্khon.di.to.korVerb-Trans.
+ বা x ৰ দৰে কোনো ৰেখা, ৰছী, পথ আদিক ভাগ কৰা বা এটাৰ/এদালৰ ওপৰেৰে আনটো/আনএদাল পাৰ হৈ যোৱা।
to devide by crossing or cutting; (of lines, roads etc.) to cross each other like + or x.
- খণ্ডিতাkhaṇḍitāNoun
কাব্যৰ আঠপ্ৰকাৰ নায়িকাৰ এবিধ; স্বামীয়ে আন তিৰোতাৰ লগত প্ৰণয়ত আবদ্ধ হোবা বাবে খং কৰা তিৰোতা
a woman angry with her husband for infidelity
- খণ্ড্khaṇḍIntransitive verb
আঁতৰ হ; গুচ্; নষ্ট হ
to be removed or expiated
- খতkhataNoun
ধাৰ কৰা বা আন কিবা ধন দিবলৈ, নতুবা কোনো নিৰুপিত কাম আদি কৰি দিবলৈ, স্বীকাৰ কৰি লিখি দিয়া কাকত
a bond; an agreement
- খতমkhatamaNoun
শেষ; অন্ত
end; finish; termination
- খতম কৰ্kho.tom korVerb-Trans.
কৰি বা চলি থকা কাম সম্পূৰ্ণ কৰ্
To bring or come to an end
- খতাkhatāTransitive verb
সোণ বা আন ধাতুৰ সৰু পতা লগাই ধুনীয়া বা ভূষিত কৰ্
to inlay with (gold, silver, etc.)
- খতিkhatiAdjective
হানি পৰা; কাম বন্ধ থকা; ক্ষান্ত; চলি নথকা
stopped; closed
- খতি হkho.ti hoVerb-Intran.
ব্যৱসায় বাণিজ্যত আৰ্থিকভাৱে ক্ষতি হ৷
to suffer material loss in a financial activity
- খতিক্ষণkhatikṣaṇaNoun
খন্তেক অবসৰীয়া বা আজৰীয়া কাল; কোনো কথা বা কাম অলপ ক্ষান্ত হৈ বা ৰৈ থকা সময়; ছেদ-ভেদ
temporary cessation, relief or respite
- খতিখুণkhatikhuṇaNoun
শৰীৰৰ কোনো অঙ্গত থকা ঘুণ বা দোষ; ঘা ঘুণ
blemish or defect; deformity
- খতিখুনkho.ti.khunAbstract Noun
শৰীৰৰ কোনো অংগত থকা ঘা-ঘুণ৷
a physical defect.
- খতিয়নkhatiẏanaNoun
একে বিধৰ কথা সংগ্ৰহ কৰি একে লগে লিখা কাৰ্য্য
the act of compiling
- খতিয়াTransitive verb
সংগ্ৰহ কৰ্; একে ৰকমৰ অঙ্ক বা কথা আন আন ঠাইৰপৰা আনি একে লগে লিখ্
to compile
- খতিয়ানkhatiẏānaNoun
একে বিধৰ কথা সংগ্ৰহ কৰি একে লগে লিখা কাৰ্য্য
the act of compiling
- খতীয়াkhatīẏāNoun
কোনো খাতত কাম কৰা লোক
- খতুবাkhatubāNoun
সাঁফৰ আৰু হেঙুল হাইতাল লগোবা কাঠৰ সৰু টেমা
a kind of small toilet box