কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মঘুবাmaghubāAdjective
মাঘ-মাহ সম্বন্ধীয়; মাঘত ওপজা বা মাঘত উৎপন্ন হোবা
relating to or born or produced in Māgha
- মঘুৱাmo.ghu.waProper Adj.
মাঘ মাহত ওপজা বা উৎপন্ন হোৱা।
born or produced in the month of Magh.
- মঘৱতীmo.gho.wo.tiProper Noun
হিন্দু ধৰ্মৰ এগৰাকী দেৱী আৰু দেৱৰাজ ইন্দ্ৰৰ ধৰ্মপত্নী৷
A Hindu goddess and wife of Indra.
- মঘৱাmo.gho.waProper Noun
স্বৰ্গৰ (অমৰাৱতীৰ) ৰজা৷
The King of the gods or Devas and Lord of Heaven or Svargaloka in Vedic Hinduism.
- মঙলmo.ngolProper Noun
সূৰ্য্যৰ পৰা আঁতৰত চতুৰ্থ স্থানত থকা গ্ৰহটো
the planet fourth in order from the sun
- মঙলতিmo.ngo.lo.tiProper Noun
যি ভৱিষ্যতে হ’ব লগা ঘটনা সম্পৰ্কে ক’ব পাৰে বা অলৌকিক উপায়েৰে গুপ্ত জ্ঞান উদ্ধাৰ কৰিব পাৰে৷
one who foretells future events or discover hidden knowledge by supernatural means.
- মঙলবাৰmo.ngol.barAbstract Noun
সপ্তাহৰ তৃতীয়টো দিন ৷
The third day of the week; the second working day.
- মঙলাCommon Noun
এছিয়া মহাদেশত বহুলভাৱে উপলভ্য এবিধ সৰীসৃপ ৷ ইহঁত পতঙ্গভোজী আৰু প্ৰজননৰ সময়ত মতাবোৰৰ ডিঙিটো ৰঙা বৰণৰ হয় আৰু সেইবাবে ইহঁতক তেজপিয়া বুলিও কোৱা হয় ৷
an agamid lizard found widely distributed in Asia. It has also been introduced in many parts other parts of the world. It is an insectivore and the male gets a bright red throat in the breeding season leading to a common incorrect name of Bloodsucker.
- মঙহmaṅahaNoun
জন্ত্তৰ হাড় ঢকা আৰু গাটো পুষ্টকৈ ৰখা ছালৰ তলৰ কোমল বস্ত্ত
flesh
- মঙহ খা
বৰ অনিষ্ট বা ক্ষতি কৰ্
to cause serious injury or loss
- মঙহ গোন্ধা
স্বভাবতে বা পশুজ্ঞানৰ দ্বাৰা আত্মীয় বা সম্বন্ধীয় বুলি চিনি পোবা হ; সম্পৰ্ক থকা হ
to be recognised by instinct as a relation
- মঙহ ধৰ্
মঙহ বাঢ়; পুষ্ট হ; . মঙহ চাপ খাই শুকাবলৈ ধৰ্
to become fleshy or fat ; to begin to heal up
- মঙহ- গাঁঠিNoun
শৰীৰৰ ভিতৰত কোনো কোনো ঠাইত থকা একোটা সৰু ঘিলাৰ আকৱতিৰ মঙহৰ খোপা [ই তেজৰ লগত মিহলি হৈ থকা অকামিলা ৰস ভাগ কৰি ৰাখে।]
a gland
- মঙহ-গাঁঠিmo.ngoh-ga~.thiMaterial Noun
শৰীৰত প্ৰয়োজন হোৱা ৰস নিৰ্গত কৰিবলৈ থকা অংগ বা কোষৰ সমষ্টি কিছুমান৷
A cell, a group of cells, or an organ that produces a secretion for use elsewhere in the body or in a body cavity or for elimination from the body
- মঙহালAdjective
মঙহ থকা; নোদোকা
fleshy; stout
- মঙ্গ(- ঙ)ল চা
শুভাশুভ গণনা কৰ্
to practise divination; to calculate future events
- মঙ্গ(-ঙ)লmaṅga(-ṅa)laNoun
শুভ; কল্যাণ; কুশল; ভাল
good fortune; prosperity; well-being
- মঙ্গ(-ঙ)ল মাৰ্maṅga(-ṅa)la, mār
আগ ঠেং দুটাৰে মাটি আঁচোৰ্
to scrape with the fore-foot
- মঙ্গ(-ঙ)ল-ঘট
শুভকাৰ্য্যত মঙ্গল কামনা কৰি স্হাপন কৰা ঘট বা কলহ, দেব-দেবীৰ আগত স্হাপন কৰা পূৰ্ণ-ঘট
an auspicious pitcher placed on a ceremonial occasion
- মঙ্গ(-ঙ)ল-চণ্ডী
ভগবতীৰ অভি-ব্যক্তি-বিশেষ, দ্বিভুজা ৰক্তপদ্মাসনা গৌৰবৰ্ণা দেবী।