কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টল্বলṭalbalaNoun
কঁপৰি; লৰ-চৰ; লৰ-ফৰ
unsteadiness; trembling
- টল্বলনি
টল্বল কৰা কাৰ্য্য
act of shaking; vibrating or glittering
- টল্বলাIntransitive verb
কঁপ্; লৰি- চৰি থাক্; জোকাৰ খা
to be shaken; to quiver
- টহল্ṭahalIntransitive verb
অহা-যোবা কৰি থাক্; কোনো কাম- কাজ নকৰাকৈ ফুৰি কৰ্
to walk up and down; to walk about without any work
- টহ্টহনিṭahṭahaniNoun
টহ্টহোবা কাৰ্য্য।
- টহ্টহাIntransitive verb
ভিতৰত হুল সোমাই থাকিলে হোবাৰ নিচিনা বেদনা পা; নুফুটা পকা খহু বা গাঁড় আদিৰ নিচিনা বেদনা দি; টনটনা
to feel a bursting pain in the body
- টাSuffix
সংখ্যা বা সংখ্যাবাচক শব্দৰ পাছত বহা এক অব্যয়
a suffix that is used with Cardinals, quantifiers
- টাঁই-টুঁইṭām̐i-ṭum̐iNoun
দেখুবাই অস্ত্ৰ জোকৰা কাৰ্য্য
the act of brandishing a weapon in a threatening manner
- টাঁক্ṭām̐kTransitive verb
টোক্; একেবাৰে তাকৰ বা নাইকিয়া কৰ্; যেনে-"ব্ৰাহ্মণক দিয়া দান সৰ্ব্বস্বকে টাঙ্কি" (শ., উত্তৰকাণ্ড)।
- টাঁটীta~.tiMaterial Noun
see through picket fence with lightly distributed vertical bamboo sticks and horizontally intertwined bamboo strips
- টাঁট্ টাঁট্ṭām̐ṭ, ṭām̐ṭNoun
মাইকী পাতি হাঁহৰ ডাঙৰকৈ মতা মাত
an imitative word used to express loud quackking of a duck
- টাঁৰṭām̐raNoun
মাটি জোখা ডাঁৰ
a bamboo rod or pole for measuring land
- টাঁৰীṭām̐rīNoun
মাটি জোখোঁতে টাঁৰ মৰা মানুহ
the man who measures land by the bamboo pole
- টাং-গুটিṭām-guṭiNoun
এডাল মাৰিৰে এটা কাঠৰ গুটি কোবাই এফালৰপৰা আন ফাললৈ চলাই নি দুদল মানুহে ধেমাৰি কৰা এবিধ খেল
an outdoor game played with a wooden ball and sticks; hockey
- টাং-টালীtang-ta.liProper Adj.
মিছা কথা কোৱা মানুহ ৷
A person who has lied or who lies repeatedly.
- টাংটিংṭāṇṭimNoun
হাতুৰী বা সেই নিচিনা টান বস্ত্তৰে ধাতু আদি কোবাওঁতে হোবাৰ নিচিনা শব্দ
an imitative word used to express the ring of an anvil
- টাংটিঙালিṭāṇṭiṅāliNoun
প্ৰতিজ্ঞা বা কথা নৰখা স্বভাব; প্ৰবঞ্চনা কৰা বা মিছা কথা কোবা স্বভাব
act of putting off by false pretences; untrustworthiness; deceitfulness; fraud; wickedness
- টাংটিঙালীṭāṇṭiṅālīAdjective
টাংটালী; চতুৰ
cunning
- টাংটিঙ্গালিtang.tinga.liAbstract Noun
অসৎ উপায়েৰে কাৰোবাক আভুৱা ভৰা কাৰ্য্য
the act of fooling others by using dishonest method
- টাংষ্টেনtangs.tenMaterial Noun
এবিধ ধাতব পদাৰ্থ৷ ইয়াক উলফ্ৰেম বুলিও কোৱা হয়৷ পৰ্য্যাবৃত্ত তালিকাত ইয়াৰ ক্ৰমিক সংখ্যা ৭৪
a chemical element with symbol W and atomic number 74