কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খজুবাkhajubāIntransitive verb
খজুবতি উঠ্; বিজ্বিজোবাৰ নিচিনা অসুখ লগা
to itch; to have an itching sensation
- খজুলিkhajuliNoun
গাৰ ছালৰ ওপৰত হোবা আৰু বৰ খজুবতি ধৰা এবিধ খুদ খহু
itches
- খজুলি-খহুkhajuli-khahuNoun
গাৰ ছালৰ ওপৰত হোবা আৰু বৰ খজুবতি ধৰা এবিধ খুদ খহু
itches
- খজুৱতিkho.ju.wo.tiAbstract Noun
ছালত অনুভৱ কৰা খচখচনি
An irritation on the skin
- খজুৱাkho.ju.waVerb-Intran.
দেহৰ কোনো পৃষ্ঠত চোকা বা খহটা বস্তুৰে ঘঁহি, মোহাৰি বা আঁচুৰি দে
to break, mar, or mark the surface of by rubbing, scraping, or tearing with something sharp or rough
- খজ্যোতিঃkho.jyo`.tihProper Noun
পেটৰ পাছফালে পোহৰ সৃষ্টি কৰিব পৰা এক অঙ্গ থকা এবিধ নিশাচৰ পতঙ্গ
a nocturnal insect with a light-producing organ at the rear of the abdomen
- খঞ্জkhañjaAdjective
খোৰা
lame
- খঞ্জনkhañjanaNoun
এবিধ সৰু চৰাই
a wagtail
- খঞ্জৰkhañjaraNoun
অস্ত্ৰ-বিশেষ
a dagger
- খঞ্জৰীkhañjarī
খালি এমূল ছালেৰে ছোবা সৰু বাদ্য
a small tambourine
- খঞ্জৰীটkhañjarīṭaNoun
খঞ্জন; খঞ্জন পক্ষী; খঞ্জৰী চৰাই; যেনে-"সেহিবেলা উড়ি যাই খঞ্জৰীট পক্ষী। তাক জাম্প দিয়া ধৰিলেক চিত্ৰলেখী" (কুমৰ-হৰণ)।
a wagtail
- খটkhaṭaNoun
দুষ্ট লোক; যেনে-"খট চোৰ ডকাইতে লুটিবে গ্ৰাম দেশ" (ভাগবত
- খট-খটkhot-khotProper Adj.
কাঠ আদিত টুকুৰিয়ালে হোৱা শব্দ৷
Sound that appeared when knocked in wooded door or something like that.
- খট-খটাkhot-kho.taVerb-Trans.
কোনো টান কাঠ, শিল আদিত সৰু সৰু শব্দ কৰি খুন্দিয়া৷
to make light taps on the surface.
- খটংkhaṭamNoun
দুটা টান, বিশেষকৈ ধাতুৰ, বস্ত্তৰ ঠেকা লাগিলে হোবাৰ নিচিনা অলপ দীঘলীয়া তীক্ষ্ণ শব্দ
an imitative word used to express the sound produced by the collision of two hard bodies, as metals
- খটখটিkhaṭakhaṭiNoun
ইটা, শিল বা আন টান বস্ত্তৰে বন্ধোবা জখলা
stairs or steps made of brick, stone or other hard material
- খটখটীkhaṭakhaṭīNoun
ইটা, শিল বা আন টান বস্ত্তৰে বন্ধোবা জখলা
stairs or steps made of brick, stone or other hard material
- খটবান্ধkhot.bandhAbstract Noun
বিপৰীত মতামত বা দাবী সাব্যস্ত কৰিবলৈ কৰা মৌখিক যুঁজ।
an assertion of opposing views or claims, a verbal fight.
- খটমটkhaṭamaṭaNoun
খট্মট্ শব্দ; যেনে-"খটমট কৰি বাজে গলে মুণ্ডমাল" (কীৰ্ত্তন)।
- খটাkhaṭāNoun
হেকান; কোন ত্ৰুটি বা অকৱতজ্ঞ কামৰ বাবে দিয়া লাজ; যেনে-"অমুকে অমুকক বিপদত সহায় কৰাৰ খটা দি থাকে"
the act of rebuking or taunting one for any short coming