কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খেঁকাৰিkhem̐kāriNoun
খেঁকাৰ উলিওবা কাৰ্য্য।
- খেঁকেৰুkhem̐keruNoun
ঠেঙত চিপজৰী লগাই সৰু চৰাই ধৰা এবিধ সৰু ধেনুৰ নিচিনা ফান্দ
a kind of springe posted on a fence, etc., for catching small birds
- খেঁকেৰু-পতীয়া
খেঁকেৰু পাতি চৰাই ধৰা মানুহ
a man who catches birds by means of a springe
- খেঁকেৰু-পতীয়ানীAdjective
পাতি খোবা খেঁকেৰুৰ আকৱতিৰ; ভিৰোবা ধেনুৰ নিচিনা মাজ-বহল, আগ-জোঙা; যেনে -"খেঁকেৰু-পতীয়া ঢেঁকীয়া"
bow-shaped; flat and broad at the middle and tapering towards the ends
- খেঁখট কৰ্khem̐khaṭa, kar
নিকটা; যেনে-"খেঁখট কৰিয়া দান্ত"।
- খেঁজালkhem̐jālaTransitive verb
প্ৰশংসা কৰা কথাৰে নিন্দা কৰ্; ভাল কথা ক'বৰ ছলেৰে তিৰস্কাৰ কৰ্; গুণ গোবাৰ ছলেৰে ইতিকিং কৰ্
to joke sarcastically; to rebuke by way of praising
- খেঁজাল্khe~.jalVerb-Trans.
গুণ গোৱা অথবা প্ৰশংসা কৰাৰ ছলেৰে ইতিকিং কৰ্
To joke sarcastically or to insult by way of praising.
- খেঁজেলিয়াkhem̐jeliẏāTransitive verb
প্ৰশংসা কৰা কথাৰে নিন্দা কৰ্; ভাল কথা ক'বৰ ছলেৰে তিৰস্কাৰ কৰ্; গুণ গোবাৰ ছলেৰে ইতিকিং কৰ্
to joke sarcastically; to rebuke by way of praising
- খেংkhem
"কেং" চোবাঁ।
- খেংখেঙনিkheṅkheṅani
"কেং" চোবাঁ।
- খেংখেঙাkheṅkheṅā
"কেং" চোবাঁ।
- খেওkheoNoun
পানীত মাছ ধৰিবলৈ জাল মাৰি বা পেলাই আকৌ তুলি অনা কাৰ্য্য
the act of casting and drawing a fish- net
- খেও খা
জোৰে-জোখায় পৰ।
- খেক, খেক্ খেক্kheka, khek, khekNoun
শিয়াল, বান্দৰ আদিৰ খং উঠিলে কৰা কৰ্কশ শব্দ।
- খেকাৰkhe.karMaterial Noun
শ্বাসনলীত প্ৰস্তুত হোৱা, কাহিলে মুখেদি বাহিৰ হৈ যোৱা ঘন, লেকেতীয়া তৰল।
Thick viscous fluid secreted by the mucous membranes of the respiratory passages, discharged by coughing.
- খেকেৰুkhe.ke.ruMaterial Noun
ধনু আকৃতিৰ চৰাই ধৰা ফান্দ|
a bow-shaped bird catching apparatus
- খেক্-খেকাkhek-khe.kaVerb-Intran.
to talk rapidly in a foolish or purposeless way, like the monkeys.
- খেক্খেকনিNoun
খেক্ খেক্ কৰা কাৰ্য্য।
- খেক্খেকাIntransitive verb
খেক্খেক্ কৰ্।
- খেচkhecaAdjective
নীচ; অধম; খেৰেচ
low; vile; mean