কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গছতলCommon Noun
যিকোনো বৃক্ষ বা গছৰ তলখন
the place under a tree
- গছনিNoun
গছেৰে ভৰি থকা বা বহুত গছ থকা ঠাই; জাৰণি
a forest
- গছনীয়াgachanīẏāNoun
পাছে ওলটাই দিবৰ নিয়ম কৰি লোকৰ বস্ত্ত ৰাখোঁতা; পাছে ঘূৰাই দিবলৈ আনৰ বস্ত্ত ৰখা মানুহ
one who receives and keeps a thing for another in trust; a bailee
- গছনীয়াAdjective
কৱদ.
- গছপুলিgos.pu.liMaterial Noun
দুখিলামান পাত আৰু শিপা থকা নতুন গছ (বীজটো নোহোৱা হৈ যোৱা)৷
young plant with few leaves and roots but original seed itself dissolved out.
- গছাgachāNoun
চাকিৰ আধাৰ; চাকি থ'বৰ যতন; দীপাধাৰ
a stand for a native lamp
- গছাওঁতা
আনৰ হাতত বস্ত্ত গছাই ৰখা মানুহ
one depositing a thing in trust with another; a bailor
- গছালgachālaAdjective
গুৰি গছৰ নিচিনা শকত-আবত; গা-ডাঙৰ; গধুৰ
stout; heavy-bodied
- গছীgachīAdjective
গছে সৈতে অৰ্থাৎ নমৰাকৈ থোবা; যেনে-"গছীধান"
with straw (as paddy)
- গছোবাইgachobāiNoun
গছত ভালকৈ উঠিব জনা বা পাৰ্গত লোক
a man skilled in climbing trees
- গছোৱাইgo.so`.waiCommon Noun
গছত উঠাত পাৰ্গত লোক
a person skilled in climbing trees
- গছৰ ছালgo.sor salMaterial Noun
গছৰ কাণ্ড, ডাল আদিৰ কঠিন, বাহিৰৰ আৱৰণ
Tough outer skin of tree trunk, branches, etc.
- গজgajaNoun
হাতী
an elephant
- গজ-গতিgaja-gatiNoun
হাতীৰ নিচিনা গহীন আৰু ধীৰ গতি বা গমন; গজেন্দ্ৰ-গমন
slow and measured gait
- গজ-ঘণ্টাgaja-ghaṇṭāNoun
হাতীৰ ডিঙিত ওলমাই দিয়া ঘণ্টা; যেনে-"ভয়ঙ্কৰ নাদে গজ-ঘণ্টাসব বাজে" (ৰুক্মিণী-হৰণ)
a bell suspended from the neck of an elephant
- গজ-মাৰিgoj-ma.riMaterial Noun
দুহাত জোখৰ এডাল মাৰি বা শলা
a measuring rod of two cubits length
- গজ-মূৰ্খgaja-mūrkhaAdjective
হাতীৰ নিচিনা মূৰ্খ বা অজ্ঞানী
dull like an elephant
- গজ-ৰাজgaja-rājaNoun
গজেন্দ্ৰ; ঐৰাবত।
- গজকgo.jokMaterial Noun
গুৰ, বগা তিল আৰু ইলাচী গুৰিৰ সংমিশ্ৰণেৰে বনোৱা এবিধ উত্তৰ ভাৰতীয় পাতল, আয়তাকাৰ মিঠাই।
a North Indian thin, rectengular sweet made up of jaggery, white sesame seed and cardamon.
- গজকাঠিMaterial Noun
এগজ দীঘল জোখৰ মাৰি৷
a measuring rod a yard long, typically divided into inches.