কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডেৰাḍerāIntransitive verb
ডেডা; যেনে-"মৰোঁ মৰোঁ বুলি কতো পৰিয়া ডেৰাই" (মা., আদিকাণ্ড)।
- ডেৰাডুনde.ra.dunProper Noun
উত্তৰাখণ্ডৰ আটাইতকৈ ডাঙৰ চহৰ আৰু ৰাজধানী
Nestled in the mountain ranges of the Himalaya, Dehradun is one of the oldest cities of India and is recently declared as the Provisional Capital of newly created Uttaranchal (Now Uttarakhand) State
- ডেৰিয়াḍeriẏāAdjective
ডৰা পাত; খন্দা খন্দা হৈ থকা; যেনে -"ডেৰিয়া ভূমিক লোবে সুবুদ্ধি। ঘন আলি দিবা সবাক শুধি" (ডাকৰ বচন)।
- ডেৱাde.waCommon Noun
কঁঠাল জাতিৰ এবিধ ওখ ডাঙৰ গছ [কঁঠালৰ নিচিনা ফুল থকা ঘূৰণীয়া খামুচীয়া টেঙা গুৰি ধৰে; পকিলে ৰঙা আৰু অলপ সোবাদ হয়; গছৰ ছালেৰে তামোলৰ লগত ছালি খায়৷]
a valuable tropical tree species native to India and used for fruit, furniture, timber, and feed.
- ডোঁৱাৰdo`~.warCommon Noun
নৈয়ে এৰা বন্ধ পানীৰ সুঁতি
a branch of a river flowing away from the main stream but leading to no other body of water; a blind or dead-end channel
- ডোঁৱাৰ্do`~.warProper Noun
নৈয়ে এৰি যোৱা পানী থকা সুঁতি ৷
An abandoned channel of river.
- ডোংḍomNoun
সৰু খাল বা কোৰোকা
a small hole or depression on the ground
- ডোকমোকালিḍokamokāliNoun
পুবাৰ অলপ এন্ধাৰ অলপ পোহৰ অবস্হা; চট পোহৰ; কোক-মোকালি
the twilight of early dawn
- ডোকা-মোকাAdjective
অলপ এন্ধাৰ অলপ পোহৰ; ফটফটীয়া নেদেখা
dim; hazy; obscure
- ডোক্ḍokTransitive verb
ডলা আদিত লৈ জোকাৰি জোকাৰি মহি ভাগৰপৰা মোটা ভাগ বেলেগ কৰ্
to separate the coarse from the fine part by shaking on a platter
- ডোখৰḍokharaNoun
খণ্ড অংশ; টুকুৰা; সৰু বা মৰম লগা অৰ্থত "ডুখৰি" হয়
a piece
- ডোখৰ ডোখৰAdjective
অনেক ডোখৰ কৰা
divided or broken into many pieces
- ডোঙাḍoṅāNoun
সৰু খালত ভৰি থকা পানী
a small pool of water
- ডোঙা-ডুঙি
অনেক ডোঙা; খাল-কোৰোকা
many pools of water
- ডোঙা-ডোঙেAdverb
অনেক ডোঙা পাতি; অনেক ডোঙা হৈ
in many pools
- ডোঙ্গাḍoṅgāNoun
জাঁপ; ডেব; যেনে-"মাৰোঁ মাৰোঁ কৰি সিটো ডোঙ্গা এক দিল" (বঘাসুৰ)
to leap
- ডোঠৰḍoṭharaAdjective
কঠুবা; টান; কৰ্কশ
harsh; insistent
- ডোবাḍobāNoun
দ পানী থকা ঠাই
a sheet of deep standing water
- ডোবাৰḍobāraNoun
নৈয়ে এৰি যোবা পানী থকা দ সুঁতি; মৰি-নৈৰ ডুবি
an old channel of a river containing stagnant deep water
- ডোবাৰ বান্ধ্
তাঁত বৈ অন্ত হ'বৰ হ'লে বাজ-ডোবাৰ বওঁতাৰ ওচৰ চপাই আনিবৰ কাৰণে তাক টোলোঠাৰপৰা এৰুবাই জৰীৰে দীঘল কৰি বান্ধি দি
to lengthen the warp attaching strings to the further end of the same