কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘থ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- থৈকাৰthaikāraNoun
থেকেৰা; যেনে-"মূৰ দিয়া বান্ধিলেক থৈকাৰ অম্বল" (পদ্ম-পুৰাণ)।
- থৈকৰাthaikarāNoun
থেকেৰা; যেনে-"মূৰ দিয়া বান্ধিলেক থৈকাৰ অম্বল" (পদ্ম-পুৰাণ)।
- থৈলাthailāNoun
মৰাপাটৰ জোলোঙা বা ডাঙৰ মোনা
a gunny bag
- থৈলাঙনিthailāṅaniNoun
মাছ-মৰা জালত ৰং লগোবা জামু জাতিৰ এবিধ সৰু গছ
a kind of shrub; Engenia tetragena
- থৈয়া-নথৈয়াthaiẏā-nathaiẏāAdjective
তুমুল; গাত তত নথকা
desperate; furious (said of quarrel)
- থোঁতাtho`~.taAbstract Noun
ৰৈ ৰৈ কথা কোৱা কাৰ্য্য|
to speak haltingly with repetition of certain sounds or syllables
- থোঁতোৰাthom̐torāNoun
থুঁতৰি।
- থোকthokaNoun
থোপা; জোটা; একেডাল ঠাৰিতে থোপা পাতি লগা ফল বা গুটিৰ থোকা বা সমূহ; . বি. (সৰু থোক বুজাবলে) থুকি।
a cluster; a bunch
- থোক কাট্, থোক ধৰ্
to put forth ears, as corn
- থোকাthokāNoun
থোপা; জোটা; একেডাল ঠাৰিতে থোপা পাতি লগা ফল বা গুটিৰ থোকা বা সমূহ; . বি. (সৰু থোক বুজাবলে) থুকি।
a cluster; a bunch
- থোকা- থোকেAdverb
বহুত থোকেৰে; অনেক থোক ধৰি
in clusters
- থোকা-থুকিthokā-thukiAdjective
ভালকৈ নুফুটা; গৰ্গৰীয়া হৈ নোলোবা; ওলাওঁতে ডিঙিত বা ওঁঠত ঘঁহনি খাই বা ঠেকা লাগি ওলোবা
faltering; indistincly pronounced; imperfectly articulated
- থোকাথুকিমাতtho’.ka.thu.ki.matAbstract Noun
a quavering or tremulous shaking voice
- থোগাProper Adj.
এনে এক গুণ যুক্ত, যাক দেখিলে, শুনিলে বা যাৰ বিষয়ে ভাবিলে মনত গভীৰ আনন্দ বা সন্তুষ্টি লাভ হয় ৷
having qualities that give great pleasure or satisfaction to see, hear, think about, etc
- থোতাthotāAdjective
খোকোজা লগাই কথা কোবা; খোনা
stammering
- থোতা বাজ্
খোনা-খুনিকৈ কথা ওলা; অস্পষ্টৰূপে কথা উচ্চাৰিত হ
to stammer; to falter
- থোতা মোজা লাগ্
থোকা-থুকি লাগ্; অস্পষ্ট হৈ ওলা
to be indistinctly pronounced; to falter
- থোতা-মোজাAdjective
থোক-থুকি লগা; অস্পষ্ট হৈ ওলোবা (মাত)
indistincly pronounced or uttered
- থোপthopaNoun
থোকা; একেডাল ঘাই ঠাৰিতে লগা ফুল বা সৰু সৰু ফলৰ জোঁটা; . সৰু বা ভাল থোপা বুজাবলৈ থুপি হয়।
a bunch; a cluster
- থোপতেAdverb
থাউকতে, মুঠতে; সৰহীয়াকৈ
in the gross; wholesale