কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঠ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঠোঁটṭhom̐ṭaNoun
চৰাইৰ জোঙা আৰু দীঘলীয়া হাৰৰ মুখ; চঞ্চু
the beak or bill of a bird
- ঠোঁট-মুখ চেলেক্ṭhom̐ṭa-mukha, celek
অপ্ৰস্ত্তত হ; লাজত পৰি মাতিব নোবৰা হ
to be struck dumb being put to shame; to be snubbed
- ঠোঁটনী শাকṭhom̐ṭanī, śākaNoun
মৰলীয়া শাক।
- ঠোঁটমলাṭhom̐ṭamalāNoun
এবিধ সোণাৰু গছৰ নিচিনা ওখ ডাঙৰ গছ
a kind of timber tree
- ঠোঁটাṭhom̐ṭāNoun
চৰাইৰ ঠোঁটৰ মাজত যিমান বস্ত্ত ধৰে সিমান বস্ত্ত
as much as can be held in the beak of a bird
- ঠোঁটা-ঠোঁটেAdverb
ঠোঁট ভৰাই ভৰাই; এঠোঁটাৰ পাছত আন ঠোঁটাকৈ
beakful by beakful
- ঠোঁটা-মোজাṭhom̐ṭā-mojāNoun
অলপ বাচ্যা-বাচ্যি; উখনা-উখনি; মৌখিক বিবাদ
slight oral dispute; an altercation
- ঠোকtho’kCommon Noun
কলগছৰ পৰা ওলমি থকা কলৰ সমষ্টি
The handing cluster of bananas from a banana tree.
- ঠোকোনাṭhokonāNoun
হাতেৰে লাহেকৈ মৰা ঠেলা বা আঘাত
a gentle push or stroke with the hand
- ঠোক্ṭhokIntransitive verb
ওচৰ চাপ্; অলপ দেখা দি; সোমাবলৈ আগ বাঢ়্; . অক. ধা. ভুমুক মাৰ্; খন্তেকমান দেখা দি গুচি যা
to approach ; to pay a short visit and go away
- ঠোকৰṭhokaraNoun
আঙুলিৰ আগেৰে মৰা লঘু আঘাত।
- ঠোকৰ মাৰ্Verb-Trans.
চাবুক, আঙুলি আদিৰে লাহেকৈ আঘাত কৰ্৷
to strike lightly with a whip, the finger, etc.
- ঠোঙাṭhoṅāNoun
দোনা।
- ঠোঙোনাṭhoṅonāNoun
মুকুটি; ঠঙনা
a blow struck on the cheek with the fist
- ঠোঙোনা-মোঙোনা
টান মাত-কথা
abusive or harsh words
- ঠোঙ্গাtho`.ngaMaterial Noun
বস্তু ভৰোৱা কাগজৰ মোনা৷
a paper bag.
- ঠোটা-মোজাtho`.ta-mo`.jaVerbal Noun
সৰু বা সামান্য কথাত মুখে-মুখে লগা কাজিয়া
a slight or petty oral quarrel
- ঠোলাṭholāNoun
গছৰ পাত বা, হাত কোঁচাই মাজৰ ভাগ খালি কৰি কৰা পাত্ৰ
a leaf or hand contracted into a hollow
- ঠোলা পৰ্
কোঁচ খাই খাল হ; খাল পৰ্
to become hollow; to shrivel up
- ঠোলা-বটালিṭholā-baṭāliNoun
গোল বটালি।