কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঢ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঢোপ্ḍhopIntransitive verb
আধা পকা হ; পকিবলৈ ধৰি কোমল বা সোপোকা হ
to begin to ripen
- ঢোলḍholaNoun
কাঠ খুলি দুই মূৰ গৰুৰ ছালেৰে ছোব-এবিধ ডিঙিত ওলমাই বজোবা বাদ্য
a drum
- ঢোল মাৰ্
ঢোলেৰে জোখ্
to measure with the ḍhol
- ঢোল-বাৰিNoun
কঁকিলা-মাছ। ঢোলৰ লগৰ টেমেকা বি ডাঙৰ মানুহৰ লগত বা ডাঙৰ মানুহৰ মতত মত দি ফুৰা সামান্য মানুহ
a mean adherent or follower; a sycophant
- ঢোল-বিৰিdho’l-bi.riMaterial Noun
ডিঙিত পিন্ধা ঢোলৰ নিচিনা এবিধ অলংকাৰ
a drum(dhol)- shaped ornament worn on the neck.
- ঢোলে-ডগৰেdho`.le-do.go.reAdverb
মহা আড়ম্বৰেৰে বা অতি উলহ-মালহেৰে
characterized by ceremonial pomp or splendour
- ঢোলে-দগৰেḍhole-dagareAdverb
ধুমধাম কৰি; সমাৰোহেৰে
pom-pously; with great eclat
- ঢোলোকḍholokaNoun
ঢোলৰ নিচিনা এবিধ বাদ্য যন্ত্ৰ
a kind of small musical drum
- ঢোলোকনিḍholokaniNoun
পাত্ৰৰ মুখোদ জুলীয়া বস্ত্ত ওলাই পৰাকৈ খোবা জোকাৰ
the spilling of liquid out of a vessel shaken violently
- ঢোলোকনি খা
ঢৌ, বতাহ বা আন কাৰণত নাবৰ ভিতৰলৈ পানী সোমা; ঢৌ বা বতাহৰ কোবত নাবে পানী খা
to be dashed into a boat (as water); to ship water, as a boat
- ঢোলোকাNoun
ঢৌ বা বতাহৰ কোবত নাবত এবাৰত সোমোবা পানীৰ জোলোকা
the quantity of water dashed into or shipped by a boat at a time
- ঢোলোকা-ঢোলোকেAdverb
এঢোলোকাৰ পাছত আন এঢোলোকাকৈ; জোলোকা-জোলোকে
quantity after quantity of water shipped by a boat or swallowed by a drowning person at a time
- ঢোলোক্dho`.lo`kMaterial Noun
দুই মুৰ চামৰাৰে বন্ধ ঢোলৰ দৰে এবিধ বাদ্য|আধুনিক সঙ্গীতত ব্যৱহাৰ হয় | হাতৰ তলুৱা আৰু আঙুলিৰে আঘাত কৰি বজোৱা হয় | আনহাতে গোৱালপৰীয়া লোকগীত গাওঁতে মাটিত বহি সৰু বাঁহৰ কাঠীৰে বজোৱা হয় ৷
The Dholak is a classical Indian, Pakistani and Nepalese hand drum. A dholak may have traditional lacing or turnbuckle tuning. The dholak has a simple membrane and a handle on the right-hand side. The left-hand membrane has a special coating on the inner surface. This coating is a mixture of tar, clay and sand (dholak masala) which lowers the pitch and provides a well-defined tone. Basically, a dholak is used to play with the help of fingers and palm. But, in Goalparia folk song it is used to play with the help of small sticks.
- ঢোৰোহাḍhorohāAdjective
বৰকৈ ওফান্দ ওলমি পৰা (পেট)
puffed out, as the belly
- ঢোৰোহা-পেটাAdjective
ঢোৰোহা পেট থকা; পেটাল
big-bellied; pot-bellied
- ঢৌḍhauNoun
ঊৰ্ম্মি; বতাহ বা সোঁতৰ কোবত ওখ হৈ উঠা পানী
a wave; a bellow
- ঢৌ উঠ্
তৰঙ্গ উঠ্
to rise and fall, as a wave
- ঢৌ কাট্dhou katVerb-Trans.
কাঠ, ধাতু আদি খোদিত কৰি বা অলপ ওখ কৰি ৰাখি কোনো ছবি আক৷
to decorate (a surface) with raised ornament.
- ঢৌ খেল্
হাতেৰে পানীৰ ঢৌ তুলি আৰু তাক পৰস্পৰৰ ফালে ঠেলি ধেমালি কৰ্
to stir water into waves and dash them against one another in sport
- ঢৌ ফুট্
বৰকৈ প্ৰকাশিত হ; ঢৌ উঠ্
to be noised abroad