কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উজকাৰujakāra
লাজ দিবৰ নিমিত্তে আগেয়ে উপকাৰ কৰা কথা সোঁবৰাই দিয়া
act of taunting by reminding one of benefits conferred
- উজট খাu.jot khaVerb-Intran.
গতি কৰি থাকোঁতে হঠাৎ কোনো প্ৰতিবন্ধকত খুন্দা খাই বাগৰি পৰ্
to fall over as a result of encountering an obstacle while being in motion
- উজটিujaṭiNoun
খোজ কাঢ়ি যাওঁতে ভৰিৰ আঙুলিত বা আগ ফালে লগা খুন্দা
a trip; a stumble
- উজটি খা
খোজ কাঢ়োঁতে ভৰিৰ আঙুলিত খুন্দা খা
to trip
- উজটিত নিujaṭita, ni
উজটি মাৰি নি; ভৰিৰে খুন্দিয়াই পেলা
to kick off
- উজনিujaniNoun
নৈৰ আগালি বা ওপৰ ফাল; সোঁতৰ বিপৰীত ফাল।
the upper part of a stream; up-stream
- উজনিমুবাAdjective
উজনি ফাললৈ মুখ বা মূৰ কৰি থকা বা শোবা
facing or lying with the head towards the upper part of a stream or place
- উজনিমুৱাu.jo.ni.mu.waAdverb
নৈৰ পানীৰ সোঁতৰ বিপৰীতে; নদীৰ উৎসৰ ফাললৈ৷
in the opposite direction to the way water flows in a river; against the current; towards the source (of a river)
- উজনিমুৱাকৈu.jo.ni.mu.wa.koiAdverb
নৈৰ পানীৰ সোঁতৰ বিপৰীতে; নদীৰ উৎসৰ ফাললৈ৷
in the opposite direction to the way water flows in a river; against the current; towards the source (of a river)
- উজনিয়াল
উজনি ফালক; আগ ভাগত থকা; . বিপৰীত নামনিয়াল।
living or relating to the upper part of a country or river
- উজনীAdjective
উজাই যোবা।
- উজনীয়া
উজনিত থকা
belonging to the upper part of the country
- উজবুকuj.bukCommon Noun
বুদ্ধি নোহোৱা মানুহ।
a person showing lack of sense.
- উজবেকিস্থানuj.be.kis.thanProper Noun
মধ্য এচিয়াৰ এখন দেশ
Uzbekistan, officially the Republic of Uzbekistan, is a doubly landlocked country in Central Asia.
- উজলাujalāAdjective
উচলা; আগলৈ বা ওপৰলৈ উঠা বা ওলাই থকা
prominent; upraised
- উজলা দাঁতu.jo.la da~tAbstract Noun
মুখৰ পৰা বাহিৰলৈ ওলাই থকা দাঁত ৷
a projecting tooth.
- উজলা-দঁতাAdjective
উচলা দাঁত থকা; দঁতুবা
having fore-teeth exposed out of the lips
- উজলাদঁতীয়াu.jo.la.do~.ti.yaProper Adj.
যাৰ ওপৰৰ পাৰি দাঁত আগলৈ ওলোৱা৷
One who`s front teeth of the upper jaw is upraised.
- উজল্ujalIntransitive verb
জল্; জিলিক্
to shine
- উজাujāIntransitive verb
সোঁতৰ বিপৰীত বা ওপৰ ফাললৈ যা
to go upstream