কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডাবৰḍābaraNoun
হাত-ভৰি ধোবা বা পিক পেলোবা পাত্ৰ; যেনে-"সূবৰ্ণ ডাবৰ তুলি চৰণ ধুবাইল" (দশম)
a kind of vessel or spittoon
- ডাবৰিḍābariNoun
পেৰি ৰস উলিওবা কঁহিয়াৰৰ জাবৰ
the refuse of pressed sugar-cane
- ডাবৰীয়াAdjective
ডাবৰ বা মেঘেৰে ঢকা; বৰষুণ হোবা
rainy; cloudy
- ডামডুমdam.dumCommon Noun
মানুহ বা জন্তুক কামোৰি তেজ খোৱা এবিধ অতি ক্ষুদ্ৰ উৰি ফুৰা পোক৷
a small, wingless bloodsucking insects of the order Siphonaptera.
- ডাম্বেলMaterial Noun
ব্যায়াম কৰা এক আহিলা৷ লো, ইস্পাত আদিৰ দৰে কোনো ধাতুৰ দ্বাৰা গড়িত এই আহিলা এডাল দণ্ডৰ দুই মুৰে দুটা গোলাকাৰ আকৃতি থাকে৷
A exercising equipment with two heavy metal ball linked by a handle or bar
- ডালḍālaNoun
গছৰ ঠাল
a branch; a bough
- ডাল ডাল কৰ্dal dal korVerb-Trans.
to spread all around randomly
- ডাল-চোৰḍāla-coraNoun
ডাঙৰ চোৰ
an arch-thief
- ডাল-জোৰা দি, ডাল-পাত-জোৰা দিḍāla-jorā, di, ḍāla-pāta-jorā, di
মনেৰে সাজ্; নোহোবাক হোবা বুলি ক
to fabricate; to produce from imagination
- ডাল-জোৰা দেdal jo`.ra deVerb-Intran.
মনেৰে সাজ্ বা নোহোৱাকে হোৱা বুলি ক
to produce from imagination
- ডাল-ডঙুবাḍāla-ḍaṅubāAdjective
সমূলি সঙ্গহীন; ল'ৰা-তিৰোতা কেও নথকা; নিচেই অকলশৰীয়া
quite alone; having neither family nor friend
- ডাল-ডঙুৱাdal-do.ngu.waProper Adj.
সমূলি সঙ্গহীন; ল’ৰা-তিৰোতা অথবা বন্ধু-বান্ধৱ কেও নথকা
quite alone; having neither family nor friend
- ডাল-ডলীয়াḍāla-ḍalīẏāAdjective
এঠাইত এডাল সূতা আন ঠাইত আন এডাল সূতা থকা; পাতল; জেল-জেলীয়া
having a thin texture
- ডাল-দৰিদ্ৰḍāla-daridraAdjective
চুলাৰ ওপৰত লগোবা সোণ বা ৰূপৰ গুণা।
- ডাল-শলিয়াḍāla-śaliẏāNoun
এবিধ ডাঙৰ নিগনি।
- ডালচেনিḍālaceniNoun
তামোলৰ লগত আৰু দৰব আদিত ব্যবহাৰ কৰা এবিধ গছৰ সোবাদ আৰু জলা ছাল
cinnamon; cinnamomum zeylanicum
- ডালডলীয়াdal.do.liyaProper Adj.
having a thin texture (clothe or paper) so that one can see what is on the other side
- ডালদৰিদ্ৰdal.do.ri.droProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth
- ডালশলিয়াdal.xo.li.yaCommon Noun
নিগনিতকৈ ডাঙৰ, আৰু দীঘল নেজ থকা একে জাতীয় এবিধ স্তন্যপায়ী জন্তু।
any of several long-tailed rodents of the family Muridae, of the genus Rattus and related genera, distinguished from the mouse by being larger.
- ডালিḍāliNoun
সৰু ডাল; ঠালি
a small branch