কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উইচিৰিঙাui.si.ri.ngaCommon Noun
এবিধ সন্ধিপদী প্ৰাণী |এই শ্ৰেণীত প্ৰায় ৯০০ বিধ বিভিন্ন প্ৰজাতি অন্তৰ্ভুক্ত হয় | তাৰ ভিতৰত উইচিৰিঙা পোক অন্যতম |পুং উইচিৰিঙা পোকৰ বিশেষত্ব হ’ল যে ইহঁতে এক তীব্ৰ শব্দৰ সৃষ্টি কৰিব পাৰে |
Crickets, family Gryllidae (also known as "true crickets"), are insects somewhat related to grasshoppers and more closely related to katydids or bush crickets (family Tettigoniidae). They have somewhat flattened bodies and long antennae. There are about 900 species of crickets. They tend to be nocturnal and are often confused with grasshoppers because they have a similar body structure including jumping hind legs.Crickets are known for their chirp (which only male crickets can do; male wings have ridges or "teeth" that act like a "comb and file" instrument).
- উইলuilaNoun
মৱত্যুৰ পাছত ধন-সম্পত্তি কোনে কেনেকৈ পাব, তাৰ ঠিকনা কৰি সম্পত্তিৰ গৰাকীয়ে লিখি খোবা দান-পত্ৰ।
will
- উকukaNoun
শাম কাটি কথা ৰোগৰ পুনৰ উৎপত্তি বা বৱদ্ধি যেনে -"তেওঁৰ বেমাৰ আকৌ উক দিছে"
a relapse or return of a disease after an interval
- উক দি, উকাই
কিছু দিন নাইকিয়া যেন হৈ থাকি পুনৰ দেখা দি উকাই কিছু দিন নাইকিয়া যেন হৈ থাকি পুনৰ দেখা দি (বেমাৰ)
having relapsed after an interval
- উকচকচ্u.kos.kosAbstract Noun
কিবা কাম অতি খৰকৈ কৰাৰ প্ৰয়োজনীয়তা৷
urgent need of quick action;
- উকচ্ কচ্ukac, kacNoun
ততাতৈয়া; শীঘ্ৰতা; লৰা-লৰি; খৰ-খেদা
hȧste; hurry
- উকট্-পাকট্ukaṭ-pākaṭNoun
পেট পকাই বাঁতি আহোঁ আহোঁ কৰা
nausea; tendency to vomit
- উকমুকনিukamukaniNoun
উশাহ বন্ধ হোবা যেন অবস্হা; ফোঁপনি; যেনে-"খেদয় পশুকঃ কৰি উকমুক; নপাবয় কেহোঁ লাগ" (শঙ্কৰ-চৰিত)।
- উকমুকৰ পোৱালিuk.mu.kor.po’.wa.liAbstract Noun
প্ৰকৃততে নোহোৱা বা হ’ব নোৱাৰা কাল্পনিক বস্তু
an imaginary thing having no real existence
- উকলাu.ko.laAbstract Noun
এটাতকৈ আনটোৰ বাঢ়ি থকা পৰিমাণ বা পূৰ্ব-নিৰ্দ্ধাৰিত সীমা।
amount by which one thing exceeds another or the predefined limit.
- উকল্ukalIntransitive verb
গণনাত কোনো এটা সংখ্যা পুৰ হৈ আৰু বাঢ়্; যেনে-"তিনি শ হৈ দহ টকা উকলিছে"
to exceed a certain number in counting
- উকহukahaNoun
ঈশৎ ক'লা বা ছাই-বকণীয়া মাছ-মঙহ আৰু জীব-জন্ত্ত খোবা এবিধ ডাঙৰ চৰাই
an eagle
- উকহে খা
তৎ নাইকিয়া হ; লৰা-লৰি কৰ্; যেনে-"কিনো তোক উকহে খাইছে; অলপ পলম কৰি যাচোন"
to be in a hurry
- উকাukāAdjective
ফুল নথকা; ফুল বা ৰং লগাই ধুনীয়া নকৰা
plain; not adorned with colour or embroidery work
- উকিukiNoun
বহু দূৰত থকা মানুহক মতা মাত
a loud call to person at a distance
- উকি মাৰ্u.ki marVerb-Trans.
utter shrill sound with lips
- উকি মাৰ্, উকিয়া
ৰিং মাৰ্; দূৰত থকা মানুহক চিঞৰি মাত ্
to call to a person at a distance
- উকিলu.kilCommon Noun
আইন সেৱা আগবঢ়োৱা আৰু আদালত বা ন্যায়ালয়ত ওকালতি কৰা লোক|
a person who is trained and qualified to advise people on legal issues and can represent them in the court, a person who is engaged in the legal professon
- উকিয়াu.ki.yaVerb-Intran.
দূৰত থকা মানুহক উকি মাৰি মাত
to call to a person at a distance.
- উকীলukīlaNoun
যি বাদী বা প্ৰতিবাদীৰ পক্ষ হৈ গোচৰত উত্তৰ-প্ৰত্যুত্তৰ কৰে; যি গুচৰীয়া-পদকীয়াৰ বাবে আদালতত জবাব-ছবাল কৰে
a pleaser; a counsel