কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰঙ্কraṅkaNoun
দুখীয়া; নিঃকিন; যেনে-"পাবলো প্ৰভু বহু পুণ্যে হামো ৰঙ্ক" (ৰু. হ. না.)।
- ৰঙ্গraṅgaNoun
আনন্দ
joy
- ৰঙ্গNoun
আনন্দ-পূৰ্ণ; ৰঙিয়াল; ধেমেলীয়া; যেনে-"চ'তৰ বিহু ৰঙালী"
joyful; merry; mirthful
- ৰঙ্গ-ভূমি
"ৰং-ঘৰ" চোবাঁ; ৰং-ধেমালি কৰা ঠাই; যেনে-"পোত গৈল কংস ৰঙ্গ-ভূমি গৈল খাল।" (দশম); ৰঙ্গশালা, ৰঙ্গশাল বি. "ৰং-ঘৰ" চোবাঁ।
- ৰঙ্গভূমিrong.go.bhu.miAbstract Noun
নাটক, বোলচবি আদি প্ৰদৰ্শন কৰা ঘৰ৷
A building, room, or outdoor structure for the presentation of plays, films, or other dramatic performances.
- ৰঙ্গমঞ্চ
নাট্যশালা
a stage
- ৰঙ্গশালrong.go.xalAbstract Noun
নাটক, বোলচবি আদি প্ৰদৰ্শন কৰা ঘৰ৷
A building, room, or outdoor structure for the presentation of plays, films, or other dramatic performances.
- ৰঙ্গালীraṅgālīAdjective
জ্যোতিৰ্ম্ময়; বৰ জুইৰ দৰে পোহৰ
illuminated by many lamps or a huge fire
- ৰঙ্গি(ঙি)য়ালraṅgi(ṅi)ẏālaAdjective
আমোদী; ধেমেলীয়া; আনন্দ-পূৰ্ণ; ৰং লগোবা
sportive; cheerful; mirthful; pleasing
- ৰঙ্গিণীraṅgiṇīAdjective
ধেমেলীয়া আমোদ-ৰতা স্ত্ৰী; যেনে-"ৰঙ্গিণী গোপী মিলাই" (বৰগীত)।
- ৰঙ্গীনraṅgīnaNoun
ৰাঙল ফুল; যেনে-"গুটিমালী ভেণ্টি ৰঙ্গীন ৰেবতী"; (কীৰ্ত্তন); নানা ৰঙৰ
coloured
- ৰঙ্গু(ঙু)বালraṅgu(ṅu)bālaAdjective
আমোদী; ধেমেলীয়া; আনন্দ-পূৰ্ণ; ৰং লগোবা
sportive; cheerful; mirthful; pleasing
- ৰঙ্গে-ঢঙ্গেraṅge-ḍhaṅgeAdverb
আনন্দ কৰি; ৰং-ধেমালি কৰি; যেনে-"তুমি সমে কাল খপিবোহো ৰঙ্গে-ঢঙ্গে" (শ্ৰীৰাম-কীৰ্ত্তন)
in mirth; in pleasure
- ৰঙ্গৰসrong.go.roxAbstract Noun
শ্ৰোতা বা পঢ়োঁতাৰ হাঁহি উঠাবলৈ লিখা বা কোৱা কোনো কথা বা লিখনি।
a written or spoken piece of non-serious nature intended to make the reader or the listener laugh.
- ৰচকNoun
ৰচনা কৰোঁতা; লিখোঁতা
one who composes or writes a book
- ৰচক-পচকracaka-pacakaNoun
ধুন মাৰি গা দেখুবাই ফুৰা কাৰ্য্য
ostentatius movement or manner
- ৰচকীracakīNoun
গা সজাই বা ধুন মাৰি ফুৰা তিৰী
a gaudy light-light minded woman
- ৰচকী তিৰীro.so.ki ti.riCommon Noun
ধুন-পেচ মাৰি চটফটাই ফুৰা দুশ্চৰিত্ৰা তিৰোতা ৷
a woman who flirts lightheartedly with men to win their admiration and affection.
- ৰচঙাracaṅāAdjective
"ৰঙা-ৰচঙা"; নানা বৰণৰ।
- ৰচদracadaNoun
"ৰোজ"; দৈনিক সিধা।