কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গঞgañaNoun
গৰ্ব্ব; আয়ম; যেনে-"উলসমালস কৰি আসে গঞ ভৰি; "
pride
- গঞাgañāNoun
একে গাঁবত থকা আৰু একেলগে খোবা-লোবা কৰা মানুহ
to co-villager; a man of the same society
- গঞালি
গাবঁৰ ৰাজহুবা সম্প্ৰদায়
a village community
- গঞালোকgo.y~a.lo’kCommon Noun
গাঁৱত বাস কৰা লোক
A person of the rural area.
- গঞ্জgañjaNoun
গোঁজৰ; খং; দৰ্প; যেনে-"গঞ্জ কৰি ৰোলয় ৰাখোক আসি ৰাম" (মা. ক., সুন্দৰাকাণ্ড)।
- গঞ্জ খা, গঞ্জ মাৰ্
ঠাই খা; হেঁচা-হেঁচি বা নিসন্ধি হৈ গোট খা; ৰিৰ দি বাট নোপোবা হ
to be closely packed or densely filled
- গঞ্জনgañjanaAdjective
দমন কৰোঁতা; যেনে -"দানব-গঞ্জন গোপিকা-ৰঞ্জন" (গুণমালা)
that which destroys or suppresses
- গঞ্জনাgañjanāNoun
কলঙ্ক; নিন্দা; তিৰস্কাৰ
censure; rebuke
- গঞ্জনীgañjanīNoun
অভিমানী; অহঙ্কাৰী
boastful
- গঞ্জনুgañjanuAdjective
দমন কৰোঁতা; যেনে -"দানব-গঞ্জন গোপিকা-ৰঞ্জন" (গুণমালা)
that which destroys or suppresses
- গঞ্জাকাৰীgañjākārīAdjective
অহঙ্কাৰী; দৰ্পী; যেনে-"শুনি বাণে বোলন্ত বানৰ গঞ্জাকাৰী" (মা. ক. কিষ্কিন্ধ্যাকাণ্ড)
proud; boastful
- গঞ্জিকাgañjikāNoun
গাঁজা; ভাং।
- গঞ্জ্gañjTransitive verb
লাজত পেলা; চেৰ পেলা; যেনে -"কৌস্ত্তভ মণিৰঃ প্ৰকাশে প্ৰভাতঃ সূৰ্য্যৰ জৌতিক গঞ্জে" (মা. আদিকাণ্ড)
to excel; to pale by comparison
- গট্টাgot.taMaterial Noun
তবলাৰ ওপৰৰ পৰা তললৈ থকা চামৰাৰ ৰছী বিলাক ডাঙি চালখন প্ৰয়োজন অনুসৰি টান-ধিলা কৰিবলৈ ব্যৱহাৰ কৰা কাঠৰ দুই ইঞ্চিমান দীঘল সৰু ঘুৰণীয়া টুকুৰা৷
small, slightly long and round wooden dowels used to control the tension.
- গঠনgaṭhanaNoun
গঢ়; ৰূপ; আকৱতি; . বিণ. গঠিত; নিৰ্ম্মিত; সজা
form; shape ; formed; made
- গঠন কৰ্go.thon korVerb-Trans.
সংগঠিত কৰ্ বা গঢ়ি তোল্; যেনেঃ এটা গোট বা দল গঠন কৰা
To organise or make up, like forming a group
- গঠনতন্ত্ৰবাদgo.thon.ton.tro.badAbstract Noun
যি কোনো পাঠৰে আন্তঃগাঁঠনি আছে বুলি কোৱা ভাষা, সাহিত্য আৰু সমাজবিজ্ঞানৰ এক তত্ব৷
a movement, theory (in lanuage,literature and social sciences)that sees any text as a structure and the various parts of a text have meaning only when they are considered in relation to each other. Structuralism began in the work of linguist Ferdinand de Saussure(1857-1913).
- গঠনমূলকgo.thon.mu.lokProper Adj.
বৰ্ত্তমান অৱস্থাৰ উন্নয়ন সাধিব পৰা
serving to improve the present condition
- গঠনশীলgo.thon.xilAdjective Adj.
কাৰোবাৰ শৰীৰ, মন আৰু চৰিত্ৰৰ গঠন, বিকাশত গুৰুত্বপূৰ্ণ আৰু দীৰ্ঘস্থায়ী প্ৰভাৱ থকা বা পেলোৱা কিবা
having, showing or causing important and lasting impact on the development of somebody's health, mind and character.
- গঠিতgo.thi.toVerbal Adj.
গঢ় লৈছে বা সজা হৈছে।
made up of; comprising of.