এ
e
অৰ্থ
1.
স্বৰৰ একাদশ আখৰ,
the eleventh letter of the alphabet
2.
এ একাৰ স্বৰূপে (ক)
3.
মা আৰু
4.
মী বিভক্তিৰ চিন্; যেনে-"মানুহে কয়; হাতে হাতে'; (খ) ক্ৰিয়া-বিভক্তি। যেনে-(কৱ ধাতুৰপৰা) "কৰে"; (গ) ক্ৰি. বিণ. যেনে-"বাৰে বাৰে"; (ঘ)
5.
য়া বিভক্তিৰ কাৰ্য্য কৰে; যেনে-"বান্ধিছে মেখলা ৰত্নে ৰঞ্জিত"; (ঙ) শব্দৰ ৰুপান্তৰ হৈ তাৰ অৰ্থ বুজায়; যেনে-"একোছা; এফেৰা"; (চ) নিশ্চয় অৰ্থত; যেনে-"তুমিয়ে যাব লাগিব"; (ছ) অব্যয়, কোনো এক ভাব প্ৰকাশ অৰ্থত; যেনে-"এ। মই যাবলৈ পাহৰিলো।" (জ) দীঘলীয়াকৈ মাতিলে এটা সূৰৰ নিচিনা হয়; (ঝ) বাক্যৰ শেষত প্ৰশ্নবোধক বা আশ্চৰ্য্যবোধক অব্যয়, যেনে-"কিনো মেল পাতিছে এ"; (ঞ) [সং. "অহে"ৰ সমাৰ্থক] অব্যয়, হে; যেনে-"এ বালকসব শুন স্বৰূপ বচন;" (ট) ন-বা হীন অৰ্থ বুজায়; যেনে-"একাজী এলাগতিয়াল।"
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ