কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মকৰাই-চোহাmakarāi-cohāNoun
কাণৰ দাঁতিত হোবা এবিধ সৰু সৰু খহু
a kind of eruption on the edge of the ear
- মকৰাক্ষmakarākṣaNoun
ৰাবণৰ এজন সেনাপতি
the name of a general of Rāvana
- মকৰাকৰmo.ko.ra.korMaterial Noun
পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
a salt water body that cover the greater part of the earth's surface.
- মকৰাময়mo.ko.ra.moyMaterial Noun
পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
a salt water body that cover the greater part of the earth's surface.
- মকৰ্দমাmakardamāNoun
গোচৰ; এজনে অইন এজনৰ বিপক্ষে বিষয়া বা গৰাকীক জনোবা ওজৰ
a law suit; a case
- মকৰ্দ্দমাmakarddamāNoun
গোচৰ; এজনে অইন এজনৰ বিপক্ষে বিষয়া বা গৰাকীক জনোবা ওজৰ
a law suit; a case
- মকৰৰmakararaAdjective
নিযুক্ত; নিয়োজিত
appointed
- মখmakhaNoun
যজ্ঞ ; পূজা-অৰ্চ্চনা; যেনে-"ভাঙ্গিলা কৱষ্ণে মখ মহেন্দ্ৰৰ" (কীৰ্ত্তন)
sacrifice
- মখনাmakhanāNoun
মতা হাতী; দাঁত নথকা বা অতি চুটি দাঁত থকা মতা হাতী
a male elephant without tusks
- মখমলmakhamalaNoun
এবিধ চিকুণ বহুমূলীয়া কাপোৰ
velvet
- মখাmo.khaCommon Noun
একেলগে থকা আৰু চৰা জন্তুৰ দল
a group of animals living or feeding together.
- মগmagaNoun
মূৰ্ত্তি, বস্তি আদি থ'বৰ নিমিত্তে দ'ল, দেবাল আদিৰ গাত ত্ৰিভুজাকাৰ কৰি সজা খোলনি; যেনে-"দৌলৰ উপৰেঃ মগৰ ভিতৰেঃ জ্বলয় ত্ৰিজগতপতি" (বৰগীত)
a niche or recess in a wall
- মগজmagajaNoun
মূৰৰ ভিতৰত থকা ঘিঁউ; মস্তিষ্ক
brain
- মগজুmagajuNoun
মূৰৰ ভিতৰত থকা ঘিঁউ; মস্তিষ্ক
brain
- মগজু প্ৰক্ষালনmo.go.ju pro.khya.lonVerbal Noun
কাৰোবাক ভালকৈ ভবাৰ সুযোগ নিদয়াকৈ জোৰ বা চলনা কৰি আনৰ কথা মানি লবলৈ বাধ্য কৰোৱা।
the act of forcing somebody to accept your ideas or belief or some new ideas by preventing him/her to think clearly.
- মগধmagadhaNoun
ভাৰতৰ প্ৰাচীন দেশ-বিশেষ (বৰ্ত্তমান বিহাৰ ৰাজ্যৰ অন্তৰ্গত)।
- মগনmaganaNoun
"মগ্ন" শব্দৰ কোমল ৰূপ।
- মগনিয়াৰmaganiẏāraNoun
ভিখাৰী; ভিক্ষুক; মাগি খোবা মানুহ; বিণ. মগনীয়া মাগি খোবা; ভিক্ষা কৰা
a beggar ; living on alms; supported by alms
- মগনীয়াmo.go.ni.yaCommon Noun
A person who requests for money, food, shelter, drugs, alcohol, or other necessities as donations, i.e. free of cost, from people they encounter .
- মগল-পাঠানmagala-pāṭhānaNoun
মাটিত চাল আঁকি দুফালে দুজন হৈ প্ৰত্যেকে কুৰিটা কুৰিটা গুটি লৈ কৰা এবিধ খেল
a kind of game played by two persons