কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডলা-মূৰীয়াḍalā-mūrīẏāAdjective
ডলাৰ নিচিনা বহল চেপেটা মূৰ থকা
having a flat head
- ডলাৰdo.larMaterial Noun
আমেৰীকা, কানাডা, অষ্ট্ৰেলীয়া আদি দেশৰ মুখ্য মুদ্ৰা৷
the unit of currency/money in the United Sttes, Australia, Canada and some other countries. (often represented by the dollar sign $).
- ডলাৰ বগৰীḍalāra, bagarīAdjective
ডলাৰ বগৰীৰ দৰে বাগৰি ফুৰা; থান-থিত নথকা; ঘৰ-বাৰী নথকা
having no fixed abode; moving from place to place
- ডলীয়াḍalīẏāAdjective
ডাল থকা
having branches
- ডলুবাḍalubā
ডৌলা; যেনে-"সুবৰ্ণৰ ডলুবা যে শঙ্কৰে দিলন্ত" (শঙ্কৰ-চৰিত)।
- ডলুৱাdo.lu.waMaterial Noun
ধাতুৰ গুণাৰে কৰা আঙঠি এটাত এটা মণি ওলোমাই কাণৰ ফুটাত পিন্ধা অলঙ্কাৰ ৷
A kind of ear-ornament which is made up of an metal ring with a single bead.
- ডলেণ্ড ট্ৰাম্পProper Noun
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৫তম ৰাষ্ট্ৰপাতি৷
45th President of the USA
- ডল্dolVerb-Trans.
গছৰ আগ বা ডাল নাইবা ঠাল-ঠেঙুলি কাটি সমান কৰ্
To trim by lopping off superfluous parts of a tree.
- ডহডহীয়াḍahaḍahīẏāAdjective
স্হিৰ; নিশ্চিত; লৰ-চৰ নোহোবা; অলৰ
firm; decided
- ডহাḍahāNoun
পূৰঠ কিন্ত্ত অপক্ব
fully developed but unripe
- ডা-ডাঙৰীয়াḍā-ḍāṅarīẏāNoun
ডাঙৰীয়াসকলকে মুখ্য কৰি অসম ৰজাৰ আন আন বিষয়াসকল; যেনে-"আমাৰ ডা-ডাঙৰীয়াসকলেও বুলিলে" (বুৰঞ্জী)।
- ডাঁহḍām̐haNoun
জন্ত্তক কামুৰি তেজ খোবা এবিধ ডাঙৰ ছাই-বৰণীয়া মাখি
a gadfly
- ডাঁহীḍām̐hīNoun
ডঁহাৰ স্ত্ৰী।
- ডাঁহেকিয়াda~.he.kiyaAdjective Adj.
পূৰঠ হৈ পকিবলগা হোৱা ফল-মূল ৷
Some fruit that is mature enough and beginning to ripen.
- ডাঁহেচিয়াḍām̐heciẏāAdjective
পূৰঠ হৈ পকিব লগা হোবা; পকিবলৈ ধৰা
beginning to ripen
- ডাঁহেচীয়াda~.he.siaAdjective Adj.
পূৰঠ হৈ পকিবলগা হোৱা ফল-মূল ৷
Some fruit that is mature enough and beginning to ripen.
- ডাঁৰḍām̐raNoun
ডাঁৰিকী; বৰ দীঘল মাৰি
a long pole
- ডাঁৰ-পৰḍām̐ra-paraNoun
সময় নিৰ্ণয় কৰা যন্ত্ৰ
an instrument for measuring time; a clock
- ডাঁৰণNoun
ডঁৰ লোবা কাৰ্য্য; অৰ্থদণ্ড কৰা কাৰ্য্য
the act of fining
- ডাঁৰাḍām̐rāNoun
ধাৰা; পানী যোবা বাট; সুঁতি
a channel