কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কঁটীয়াkam̐ṭīẏāAdjective
চুটি-চাপৰ; নিয়মিত-ৰূপে ওখ নোহোবা
stunted in growth
- কঁটীয়া- কপৌ
সৰু. বিধ কপৌ চৰাই
the common dove
- কঁটীয়া-বজৰুko~.ti.ya-bo.jo.ruProper Adj.
সাধাৰণতকৈ সৰু আকাৰৰ মানুহ, উদ্ভিদ অথবা জন্তু।
A person or plant or animal below natural size.
- কঁঠলুবাkam̐ṭhalubāAdjective
কঁঠাল এঠাৰ দৰে লিকটা; আঠা- যুক্ত
sticky; clayey
- কঁঠলুবা চঁপা
চেনিচম্পা।
- কঁঠলুবা বড়
কঁঠাল গছৰ পাতৰ নিচিনা পাতেৰে এজাতি ব়ড় গছ।
- কঁঠলুৱাko~.tho.luwaProper Adj.
ইটা, পাত্ৰ আদি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা আঠা থকা (মাটি)।
Stiff sticky (soil) used for making bricks, pottery, etc.
- কঁঠালkam̐ṭhālaNoun
এবিধ গাত খহু বা কাঁইট থকা বৰ ডাঙৰ ফল আৰু তাৰ সুকাঠী গছ
the jackfruit and its tree; Artocarpus integrifalius
- কঁঠাল চম্পাko~.thal som.paCommon Noun
অসমত পোৱা চম্পাফুলৰ এবিধ প্ৰজাতি৷ ই জোপোহা লতা আকৃতিৰ ফুলবোৰ প্ৰথমতে সেউজীয়া হৈ পাতৰ লগত মিলি থাকে৷ পাছত ডাঠ ঘিউ বৰণৰ হৈ পকা কঁঠালৰ দৰে গোন্ধাই৷
a species of champa flower found in Assam.
- কঁঠালগুটীয়াkam̐ṭhālaguṭīẏāNoun
কঁঠালৰ গুটিৰ দৰে নিচেই সৰু এবিধ চৰাই; যেনে-"টুনী আৰু কঁঠালগুটীয়াই তপত কৰিলে তেল" (পক্ষীপুৰাণ)
a kind of very small bird
- কঁঠালগুটীয়া পোকko~.thal.gu.ti.ya po`kCommon Noun
এবিধ টান খোলাযুক্ত পানীত জন্মা কলা পোক৷
a kind of aquatic black insect with hard shell.
- কঁঠালী চম্পাko~.tha.li som.paCommon Noun
অসমত পোৱা চম্পাফুলৰ এবিধ প্ৰজাতি৷ ই জোপোহা লতা আকৃতিৰ ফুলবোৰ প্ৰথমতে সেউজীয়া হৈ পাতৰ লগত মিলি থাকে৷ পাছত ডাঠ ঘিউ বৰণৰ হৈ পকা কঁঠালৰ দৰে গোন্ধাই৷
a species of champa flower found in Assam.
- কঁঠালৰ মুঁচীko~.tha.lor mu~.siMaterial Noun
কঁঠালৰ সৰু কলি ৷
a budding jackfruit.
- কঁতৰাkam̐tarāNoun
ঢেঁকীৰ নেজৰ ফালে দুফালে পুতি দিয়া এযোৰ খুঁটা, যাৰ কানত আষস-শলায়ে ঢেঁকীটো দাঙি ধৰি থাকে
the posts supporting the rice-cleaning pedal
- কঁথাkam̐thāNoun
কেঁথা; বহুত ফটা কাপোৰ লগ লগাই সি লোবা নিহালি
a quilt made of old and torn cloths or rags
- কঁপko~pVerb-Intran.
ভয়, উত্তেজনা, দুৰ্বলতা অথবা ঠাণ্ডাৰ কাৰণে খৰকৈ জোকাৰণি খা৷
to shake involuntarily with quick, short movements, as from fear, excitement, weakness, or col
- কঁপ-জ্বৰ
গা কঁপি কঁপি হোবা জ্বৰ; কঁপনি ধৰি উঠা জ্বৰ
an ague
- কঁপনিNoun; Transitive verb
কঁপা
to shake; to cause to shiver or tremble
- কঁপনি-জ্বৰ
গা কঁপি কঁপি হোবা জ্বৰ; কঁপনি ধৰি উঠা জ্বৰ
an ague
- কঁপাko~.paVerb-Trans.
কিহবাক এফালৰ পৰা আনফাললৈ খৰকৈ গতি কৰোৱা
to move sth rapidly from side to side