কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চাকি-শলাইcāki-śalāiNoun
সোণৰ শলা এডালত এটি সোণৰ চাকলি লগাই তাক ওপৰ কাণৰ ফুটাত সুমাই পিন্ধা অলঙ্কাৰ; চাইখালে; যেনে-"চাৰু চাকি-শলাই জ্বলে উপৰ কৰ্ণত" (ৰুক্মিণী-হৰণ)
an ornament for the upper ear
- চাকিনcākinaNoun
বাসস্হান; থকা ঠাই
address; residence
- চাকুলীcākulīNoun
"চাকোলা" শব্দৰ স্ত্ৰীলিঙ্গ।
- চাকুলী ভাৰsa.ku.li bharAbstract Noun
বিয়াত দৰা ঘৰৰপৰা কইনাৰ ঘৰলৈ নিয়া তামোল পান আদি সমলৰ এখন ভাৰ৷ <br />Aziz-ul Haque adds: বিয়াৰ জোৰোণত দিয়া কাপোৰ-কানি, টেকেলি আদি বয়-বস্তু কঢ়িয়াই নিয়া পাচিৰ ভাৰ। ই ওপৰত ঢাকনি থকা চাৰিচুকীয়া খুৰা লগা পাচি। এই পাচি কান্ধত তুলি বৈ নিব পাৰি। আগৰ দিনত ব্যৱহাৰ কৰিছিল।
A load of needful things carried by the bridegroom`s party to the brides home
- চাকুলী-পাচিNoun
ছৈপাচি; চাপৰ আৰু প্ৰায় চাৰি-চুকীয়া এবিধ খুৰা লগা পাচি; [ইয়াৰ ওপৰত ছৈৰ ঢাকনি থাকে।]
a kind of covered basket
- চাকুলী-পীৰাNoun
এচটা ডাঠ কাঠ চাঁচি তাৰ গাতে খুৰা ৰাখি কৰা এবিধ ডাঙৰ কিন্ত্ত চাপৰ বহা পীৰা
a four legged low stool made out of the same block of wood
- চাকুলী-ভাৰNoun
কাণত বৈ নিয়া চাকুলী-পাচিৰ ভাৰ; বি. চাকুলী-ভাৰী চাকুলী-পাচিৰ ভাৰ বৈ নিয়া লোক।
- চাকৈ-চকোবাcākai-cakobāNoun
এবিধ ইটাগুৰীয়া বৰণেৰে হাঁহ জাতিৰ বনৰীয়া চৰাই [এই চৰাইৰ বিষয়ে সাধাৰণতে কথা কোবাত 'চাকৈ-চকোবা" শব্দ ব্যবহাৰ কৰা যায়; কিন্ত্ত আচলতে মাইকীজনী "চাকৈ" আৰু মতাটো "চকোবা"। প্ৰবাদ আছে যে ৰামৰ শাপত ইহঁতৰ মতা-মাইকীয়ে ৰাতি একেলগে থাকিব নোবাৰে। কিন্ত্ত স্বাভাবিকতে মতা-মাইকী সদায় জোৰ পাতি ফুৰাহে দেখা যায় আৰু অলপ আঁতৰা-আঁতৰি হ'লেই "কওঁ ৰাম কওঁ" বুলি মাত লগায়; কোনোবে কয় যে ই ৰামায়ণত লিখা জটায়ু পখী; ৰাবণে আধামৰা কৰি পেলাই থৈ যাওঁতে বাটত পাই সীতাক হৰণ কৰি নিয়াৰ খবৰ ই ৰামচন্দ্ৰক দিয়ে; তাত ৰামচন্দ্ৰই সন্তোষ পাই কলিত চৰাইৰ ৰূপ ধৰি "ৰাম কওঁ, ৰাম কওঁ" বুলি মাতিবলৈ বৰ দিয়ে।]
the ruddy sheldrake; the Brahmani duck
- চাকৈ-চকোৱাsa.koi-so.ko’.waProper Noun
এবিধ ইটাগুড়ীয়া বৰণেৰে হাঁহ জাতিৰ চৰাই । তাৰ মাইকীটোক <i><b>“চাকৈ”</b></i> আৰু মতাটোক <i><b>“চকোৱা”</b></i> বুলি কোৱা হয়| এই চৰাইৰ মাইকী মতা এহাল লগ লাগি থাকে, এতেকে দুয়োটাৰ বা জাতিৰ কথা কোৱাত <i><b>“চাকৈ-চকোৱা”</b></i> ব্যৱহাৰ কৰা হয় । কিন্তু অকল এটা চৰাইক বুজাবলৈ হ'লে সাধাৰণতে <i><b>“চকোৱা</b></i> বুলিহে কোৱা হয় ।<br>প্ৰৱাদ আছে যে ৰামৰ শাপত ইহঁতৰ মতা-মাইকীয়ে ৰাতি একেলগে থাকিব নোবাৰে । কিন্তু স্বাভাৱিকতে মতা-মাইকী সদায় জোৰ পাতি ফুৰাহে দেখা যায় আৰু অলপ আঁতৰা-আঁতৰি হ'লেই “কওঁ ৰাম কওঁ” বুলি মাত লগায়; কোনোৱে কয় যে ই ৰামায়ণত লিখা জটায়ু পখী; ৰাৱণে আধামৰা কৰি পেলাই থৈ যাওঁতে বাটত পাই সীতাক হৰণ কৰি নিয়াৰ খবৰ ই ৰামচন্দ্ৰক দিয়ে; তাত ৰামচন্দ্ৰই সন্তোষ পাই কলিত চৰাইৰ ৰূপ ধৰি “ৰাম কওঁ, ৰাম কওঁ” বুলি মাতিবলৈ বৰ দিয়ে । <br>এই চৰাইবিধ <b>দক্ষীণ-পূৱ ইউৰোপ</b>ৰ পৰা <b>মধ্য এচিয়া</b>লৈকে পোৱা যায়| <b>উত্তৰ-পূৱ আফ্ৰিকা</b> আৰু <b>ইথিওপিয়া</b>তো ইয়াৰ পাতল বসতি দেখা যায় । <b>উত্তৰ-পূৱ ভাৰত</b>ত <b><i>চকোৱা</i></b> চৰাই সঘনাই দেখা যায় । এতিয়ালৈকে এই চৰাইবিধৰ প্ৰজাতি <b>বিপদাপন্ন</b> বুলি ঘোষণা কৰা হোৱা নাই ।
Large crested fish-eating diving duck having a slender hooked bill with serrated edges. Of this species the female is called <i><b>"Chakoi"</b></i> and the male is <i><b>"Chakowa"</i></b>. They always go in pairs, a male and a female, therefore in speaking them both, or of the species in general, the compound word <i><b>"Chakoi-Chakowa"</i></b> is used. However, the word <i><b>"Chakowa"</i></b> is made use of when only one is meant.<br>There are very small resident populations of this species in <b>north-west Africa</b> and <b>Ethiopia</b>, but the main breeding area of this species is from <b>south-east Europe</b> across <b>central Asia</b> to <b>south-east China</b>. It's is fount to be abundant in <b>North-East India</b>. Till now it is in the list of <b>least concerned</b>.</br>
- চাকোঁতাcākom̐tāNoun
জিভাত দি সোবাদ বুজোঁতা বা লওঁতা; যি চাকি চায়
a man who tastes
- চাকোতাsa.ko’.taCommon Noun
সোৱাদৰ মান নিৰ্ণায়ক ।
a person whose job is to judge the quality of wine,tea etc.by testing.
- চাকোলাcākolāAdjective
কঁকালৰ বা ভৰিৰ দোষত পোন হৈ থিয় হ'ব নোবৰা; ঠিককৈ পোন বা থিয় নোহোবা বা হ'ব নোবৰা
not erect; cripple
- চাক্cākTransitive verb
চাকি চা; জিভাৰে সোবাদ ল; জিভাত লগাই সোবাদ বূজ্; চেলেক্
to taste
- চাক্-চিকণcāk-cikaṇaAdjective
পৰিষ্কাৰ; নিকা; মলিশূন্য
neat and clean
- চাক্নৈয়াcāknaiẏāNoun
নৈৰ সোঁতৰ ঘূৰণীয়া পাক
a whirlpool
- চাক্লাগোচcāklāgocaNoun
এবিধ হাতুৰী [ইয়াৰে কাঁহিৰ কাণ ঘূৰণীয়া কৰা হয়।]
a kind of hammer
- চাক্ষুষcākṣuṣaAdjective
চকুৰে দেখা; দেখা-দেখি; যেনে-"চাক্ষুষ প্ৰমাণ"
seen with the eyes; visible
- চাক্ষুষীcākṣuṣīNoun
পৱথিবীৰ সকলো বস্ত্তকে চাওঁ বুলি চাব পৰা এটা কাল্পনিক বিদ্যা।
- চাক্ষুসsak.khuxVerbal Adj.
নিজ চকুৰে দেখা
seen by self
- চাক্ষুস যুগ্ম নক্ষত্ৰNoun
চাক্ষুস যুগ্ম নক্ষত্ৰ
চাক্ষুস যুগ্ম নক্ষত্ৰ