চাকৈ-চকোবা
cākai-cakobā
অৰ্থ
1.
এবিধ ইটাগুৰীয়া বৰণেৰে হাঁহ জাতিৰ বনৰীয়া চৰাই [এই চৰাইৰ বিষয়ে সাধাৰণতে কথা কোবাত 'চাকৈ-চকোবা" শব্দ ব্যবহাৰ কৰা যায়; কিন্ত্ত আচলতে মাইকীজনী "চাকৈ" আৰু মতাটো "চকোবা"। প্ৰবাদ আছে যে ৰামৰ শাপত ইহঁতৰ মতা-মাইকীয়ে ৰাতি একেলগে থাকিব নোবাৰে। কিন্ত্ত স্বাভাবিকতে মতা-মাইকী সদায় জোৰ পাতি ফুৰাহে দেখা যায় আৰু অলপ আঁতৰা-আঁতৰি হ'লেই "কওঁ ৰাম কওঁ" বুলি মাত লগায়; কোনোবে কয় যে ই ৰামায়ণত লিখা জটায়ু পখী; ৰাবণে আধামৰা কৰি পেলাই থৈ যাওঁতে বাটত পাই সীতাক হৰণ কৰি নিয়াৰ খবৰ ই ৰামচন্দ্ৰক দিয়ে; তাত ৰামচন্দ্ৰই সন্তোষ পাই কলিত চৰাইৰ ৰূপ ধৰি "ৰাম কওঁ, ৰাম কওঁ" বুলি মাতিবলৈ বৰ দিয়ে।]
the ruddy sheldrake; the Brahmani duck
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ