কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এসাজe.xajAbstract Noun
এজন মানুহৰ সম্পূৰ্ণ পোছাক ৷
a complete dress of a man.
- এসাজীesājīAdjective
অসাজী; যেনে-"শালকে শিঙিয়ে হাঁহে; তয়ো এসাজী, ময়ো এসাজী, ভালেতো গৰাকী নাহে।"
- এসেকাe.xe.kaVerbal Noun
কোনো অপৰাধ বা দোষৰ বাবে দিয়া শাস্তি
a penalty inflicted for an offense, fault
- এসোপাe.xo`.paAbstract Noun
সংখ্যা বা পৰিমাণত বেছি।
A lot of, over-abundance.
- এস্কিম’es.ki.mo’’Common Noun
সুমেৰু অঞ্চলত, চাইবেৰিয়া, আলাস্কা আৰু গ্ৰীনলেণ্ডত বাস কৰা এজাতি লোক৷
Indigenous peoples who have traditionally inhabited the circumpolar region from eastern Siberia (Russia), across Alaska (United States) and Canada, and all of Greenland .
- এহehInterjection
আচৰিত হোৱা, বিশ্বাস কৰিবলৈ টান পোৱা আদি প্ৰকাশ কৰা৷ সঁচা? থোৱা দেওঁ, কি কৈছা? আদি অৰ্থত কথোপকথনত ব্যৱহৃত
expressing surprise, incredulity etc.
- এহচান্eh.sanAbstract Noun
কৰোবাৰ সহায় বা দান কৰাৰ অভ্যাস
the quality of helping and giving away freely to the needy
- এহতীয়াehatīẏāAdjective
এখন হাত থকা
having one hand only
- এহা-শুধীয়াehā-śudhīẏāAdjective
আশা-শুধীয়া; উদাৰ-চিতীয়া
sincere
- এহাতe.hatProper Adj.
এক হাতৰ সমান দীঘল ৷
one cubit long, as long as one hand.
- এহালe.halAbstract Noun
দুটা একেধৰণৰ বস্তুৰ সমষ্টি৷
two identical, similar, or corresponding things that are matched for use together.
- এহাশুধীয়াe.ha.xu.dhiyaProper Adj.
অকণো নুলুকুৱাকৈ প্ৰকাশ কৰা (মনৰ ভাৱ)
Saying what one thinks without hiding.
- এহিehiPronoun
এই
this
- এহিমতেe.hi.mo.teAdverb
কিবা কৰাৰ উপায় বা ধৰণ, যেনে- কামটো এনেদৰে কৰা
In a way or method shown/demonstrated
- এহিমানেehimāneAdverb
ইমানতে; এই ঠাইতে
at this point
- এহুe.huPronoun
বক্তাৰ ওচৰত থকা বস্তুক সূচোৱা শব্দ।
refers to an item close to the speaker.
- এহেeheIndeclinable
আনন্দ প্ৰকাশ কৰা মাত; যেনে-"এহে, বেচ হৈছে"
an exclamation of excitement or joy
- এহেতeheta
এখেত, এখেৰ, এখেৰপৰা, এখেলৈ
at this place, etc.
- এহেন্তehenta
এইজন; যেনে-"এহেন্তেসে বিষ্ণু আদিপুৰুষ" (কীৰ্ত্তন)।
- এহেবeheba
এখেত, এখেৰ, এখেৰপৰা, এখেলৈ
at this place, etc.